গোসাঁইগাঁও : কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ অন্তৰ্গত ডাউলীগুৰীত বুধবাৰে নিশা এক নৃশংস হত্যাকাণ্ড সংঘটিত হয়।
জানিব পৰা মতে, গোসাঁইগাঁও আৰক্ষী চকীৰ অন্তৰ্গত ডাউলীগুৰী গাঁৱত সেই দিনা নিশা প্ৰায় ১১ মানত বজাত খেতিয়ক ফুদন হাজদাই তেওঁৰ ঘৈণীয়েক মুখী মুৰ্মুৰ সৈতে টোপনিত লালকাল হৈ থকাৰ সময়তে এক দুৰ্বৃত্তই এন্ধাৰৰ সুযোগ লৈ ঘৰত সোমাই মুখী মুৰ্মু (৪০)ক খুকুৰীৰে আঘাত কৰে।
দুৰ্বৃত্তই পিছমুহুৰ্ততে পলাই পত্ৰং দিয়ে যদিও মুখী মুৰ্মুৱে যন্ত্ৰণাত চিঞৰি উঠাত ঘৰৰ সকলোৱে সাৰ পায়। কিছু সময় পিছত মুখী মুৰ্মৱে মৃত্যুক আঁকোৱালি লয়। মূত্যুৰ আগমুহুৰ্তত মুখী মুৰ্মুৱে নিজ সহোদৰ ভাতৃ মাৰখুজ মুৰ্মুৱে আঘাত কৰিছে বুলি দাবী কৰা বুলি গিৰীয়েক ফুদন হাজদাই জানিব দিয়ে।
জানিব পৰা মতে ইতিমধ্যে গোসাঁইগাঁও আৰক্ষীয়ে মাৰখুজ মুৰ্মু (১৯)ক গ্ৰেপ্তাৰ কৰিছে। উল্লেখযোগ্য যে মুখী মুৰ্মুৱে মৃত্যুৰ সময়ত তিনিজনী ছোৱালী আৰু দুজন ল'ৰাকে ধৰি মুঠ পাঁচগৰাকী সন্তানক ইহ সংসাৰত এৰি থৈ যায়।
No comments:
Post a Comment