গোসাঁইগাঁও : কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত অন্ঠাইবাৰীস্থিত অন্ঠাইবাৰী প্ৰাথমিক বিদ্যালয়ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নীতকৰণৰ ওপৰত এক সজাগতা সভা অনুষ্ঠিত হয়। বৃহস্পতিবাৰে দুপৰীয়া এক বজাত গোসাঁইগাঁও মহকুমা প্ৰশাসনৰ দ্বাৰা আয়োজিত সজাগতা সভাত উদ্দেশ্য ব্যাখ্যা কৰে গোসাঁইগাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়া নন্দিতা হাজৰিকা।
সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি কোকৰাঝাৰ জিলা উপায়ুক্ত নিৰঞ্জন বৰুৱাই তেওঁৰ ভাষণ প্ৰসংগত কয় যে— প্ৰকৃত ভাৰতীয়ই কোনোধৰণে ভয় বা সংকুচিত হ'ব নালাগে। নাগৰিক পঞ্জীত সকলো প্ৰকৃত ভাৰতীয়ৰ নাম অন্তৰ্ভূক্ত কৰা হ'ব। অহা ৩০ জুনত যিহেতু দ্বিতীয়খন খচৰা ওলাব, সেয়ে শংকিত হোৱাৰ কোনো কাৰণ নাই। ইয়াত নাম নাহিলেও দ্বিতীয় খচৰাৰ পিছত আপত্তি জনাব পাৰিব।
চূড়ান্ত নাগৰিক পঞ্জীখন অহা ডিচেম্বৰত প্ৰকাশ পাব। তেওঁ আৰু জনায় যে কিছুমান দুষ্ট চক্ৰই নাগৰিক পঞ্জীক লৈ বিশৃংখলা সৃষ্টি কৰাৰ অপপ্ৰয়াস চলাইছে৷ ৰাইজে তাত মনোযোগ দিব নালাগে।
উক্ত সজাগতা সভাত উপস্থিত থাকি কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিং-এ কয় যে— দুষ্ট চক্ৰৰ অপপ্ৰচাৰত আমি মনোযোগ দিব নালাগে। এক প্ৰশ্নৰ উত্তৰত তেওঁ কয়, কোকৰাঝাৰ জিলাত নাগৰিক পঞ্জীক লৈ বিশৃংখলা সৃষ্টি হোৱাৰ আশংকা নাই। তথাপিও কোকৰাঝাৰ আৰক্ষী আগন্তক পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সাজু আছে।
উল্লেখ্যযোগ্য যে উক্ত সভাত গোসাইগাঁও মহকুমাৰ মহকুমাধিপতি উইলবাৰ্ণ এছ. দৈমাৰী, মহকুমা নিৰ্বাচনী বিষয়া হিতেশ মজুমদাৰ, অতিৰিক্ত উপায়ুক্ত অমিত প্ৰাবান্সা, ভাওৰাগুৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সুজাতা গগৈ, গোসাঁইগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰুদ্ৰ কলিতাও উপস্থিত থাকে। উল্লেখ্য যে অনুৰূপ সজাগতা সভা তুলসীবিলস্থিত আয়সা খাতুন ছিনিয়ৰ মাদ্ৰাছাতো অনুষ্ঠিত হয় বুলি মহকুমা প্ৰশাসনে সদৰি কৰিছে।
No comments:
Post a Comment