হাউলীত মৃতদেহ উদ্ধাৰ : পত্নীয়ে পৰ পুৰুষৰ দ্বাৰা পৰিকল্পিতভাৱে হত্যা কৰাৰ সন্দেহ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Thursday, June 07, 2018

হাউলীত মৃতদেহ উদ্ধাৰ : পত্নীয়ে পৰ পুৰুষৰ দ্বাৰা পৰিকল্পিতভাৱে হত্যা কৰাৰ সন্দেহ

বৰপেটা : বৰপেটা জিলাৰ হাউলী আৰক্ষী থানাৰ অন্তৰ্গত জয়পুৰত বৃহস্পতিবাৰে দিনৰ ১১ বজাত হাউলী জয়পুৰ সংযোগী পকী দলংৰ দক্ষিণ ফালে থকা দ'খাৱৈত এটি মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যই সৃষ্টি কৰিছে।
জানিব পৰা মতে জয়পুৰ গাঁৱৰ নায়েব আলীৰ পুত্ৰ আজাহাৰ আলী (২৮) ৫ জুনত ৰাতিপুৱা চাৰি বজাত মাছ মাৰিবলৈ নিজ ঘৰৰ পৰা ওলাই যায় সিদিনাৰ পৰাই যুৱকজন সন্ধানহীন হৈ আছিল। কিন্তু হঠাৎ আজি কিছু লোকে উক্ত দ'খাৱৈটোত যুৱকজনৰ মৃতদেহ উপঙি থকা প্ৰত্যক্ষ কৰে আৰু লগে লগে হাউলী আৰক্ষীক খবৰ দিয়ে।
আৰক্ষীয়ে ঘটনা স্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ আৰু হাস্পাতালত প্ৰেৰণ কৰে। ইপিনে আজাহাৰ আলীৰ পত্নী আফ্ৰুজা খাতুনে (২৭) অন্য পৰ পুৰুষৰ দ্বাৰা ডিঙি চেপি হত্যা কৰে বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে। যাৰ পৰিপ্ৰেক্ষিতত হাউলী আৰক্ষীয়ে আজাহাৰ আলীৰ পত্নী আফ্ৰুজা খাতুনক গ্ৰেপ্তাৰ কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।
এই ঘটনা সন্ধৰ্ভত আজাহাৰ আলীৰ ভাতৃ ছাদেক আলীয়ে এখন এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে। উল্লিখিত ঘটনাটো নিৰপেক্ষ তদন্ত কৰিবলৈ বিভিন্ন দল-সংগঠনৰ লগতে স্হানীয় ৰাইজে প্ৰশাসনৰ ওচৰত দাবী জনাইছে।

No comments:

Post a Comment

SPONSORED