নলবাৰীৰ পৰা আনিছুজ জামান :
নলবাৰী চহৰৰ মাজমজিয়াত থকা নলবাৰী বুনিয়াদী প্ৰশিক্ষন কেন্দ্ৰৰ ডি, এল, এডৰ চতুৰ্থ ষান্মাষিকৰ প্ৰশিক্ষাৰ্থীসকলক আনুষ্ঠানিকভাবে বিদায় সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে প্ৰশিক্ষণ কেন্দ্ৰটোত দিনৰ ১১ বজাত এখন বিদায় সভাৰ আয়োজন কৰা হয়। উক্ত সভাত সভাপতিত্ব কৰে প্ৰশিক্ষণ কেন্দ্ৰটোৰ অধ্যক্ষা হিৰা দেবীয়ে।
উক্ত সভাত উপস্থিত থাকে প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰশিক্ষক কিশোৰ দাস, অনামিকা কাকতি, পংকজ চৰকাৰ আৰু ৰূপজ্যোতি শইকীয়া। বিদায় সভাখনত বিদায়ী প্ৰশিক্ষাৰ্থীসকলে নিজৰ নিজৰ অনুভৱ ব্যক্ত কৰি আবেগিক হৈ পৰে। প্ৰশিক্ষকসকলৰ ভাষণৰ জৰিয়তে প্ৰশিক্ষাৰ্থীসকলক সঠিক পৰামৰ্শ আগবঢায়।
সভাৰ শেষ কাৰ্যসূচীমতে সভাপতি তথা প্ৰশিক্ষণ কেন্দ্ৰৰ অধ্যক্ষা হিৰা দেবীয়ে ভাষণ প্ৰদান কৰি আবেগিক হৈ পৰে। প্ৰশিক্ষাৰ্থীসকলক শিক্ষক বৃত্তিত নিয়োগ হৈ অতি নিষ্ঠাৰে কৰ্তব্য পালন কৰিবলৈ আহ্বান জনায়। উক্ত সভাৰ অন্তত ২য় ষান্মষিকৰ প্ৰশিক্ষাৰ্থীয়ে বিদায়ী প্ৰশিক্ষাৰ্থীসকলক এটাকৈ গছপুলি উপহাৰ দিয়ে।
No comments:
Post a Comment