সমন্বয়ৰ বাৰ্তা প্ৰেৰণৰ সংকল্পৰে পাঞ্জাবাৰীত আৰ পি আই (এ), অসমৰ ইফতাৰ পাৰ্টী - SANGBAD PRAHARI

Breaking

Responsive Ads Here

June 9, 2018

সমন্বয়ৰ বাৰ্তা প্ৰেৰণৰ সংকল্পৰে পাঞ্জাবাৰীত আৰ পি আই (এ), অসমৰ ইফতাৰ পাৰ্টী


গুৱাহাটী : ৰিপাব্লিকান পাৰ্টী অফ ইণ্ডিয়া (এ)ৰ অসম ৰাজ্যিক সমিতিৰ উদ্যোগত শুকুৰবাৰে গুৱাহাটী মহানগৰীৰ পাঞ্জাবাৰীস্থিত উত্তৰ-পূব ভাৰতৰ মাণ্ডলিক কাৰ্যালয়ত এক ইফতাৰ পাৰ্টীৰ আয়োজন কৰা হয়৷ দলটোৰ অসম ৰাজ্যিক কমিটীৰ সভাপতি হিতেশ দেউৰীয়ে উক্ত ইফতাৰ পাৰ্টীত অংশগ্ৰহণ কৰি তেওঁ কয়— এই ইফতাৰ পাৰ্টীৰ জৰিয়তে ৰাজ্যবাসীক এক সমন্বয়ৰ বাৰ্তা দিব বিচাৰিছো৷ জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে এই দলটোৱে কাম কৰি আহিছে আৰু অনগাত দিনতো এই ধাৰা অব্যাহত ৰাখিব৷
একেদৰে সাধাৰণ সম্পাদক ৰেজাউল কৰিমে কয়— ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ দেশ৷ এই দেশত প্ৰতিটো জাতি-ধৰ্মৰ লোকৰ সমান অধিকাৰ আছে৷ সেয়ে এই দলটোৱে সমউন্নয়নৰ কথা চিন্তা কৰি দলটোৰ ৰাষ্ট্ৰীয় সভাপতি তথা ভাৰত চৰকাৰৰ মন্ত্ৰীত্ব পদ দখল কৰা ৰামদাস আঠাৱালেৰ সহযোগত ৰাজ্যখনত ইতিমধ্যে বিভিন্ন উন্নয়নমূলক কাম-কাজত গুৰুত্ব দিয়া হৈছে৷ উল্লেখ্য যে দলটোৰ সাধাৰণ সম্পাদক (প্ৰশাসন) ৰেজাউল কৰিমে বিগত বিধানসভা নিৰ্বাচনত বাঘবৰ সমষ্টিৰ পৰা দলটোৰ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল৷



ইপিনে আৰ পি আই (এ)ৰ অসম ৰাজ্যিক সংখ্যালঘু কোষৰ সভাপতি ডাঃ আনোৱাৰ ইছলাম আকন্দ, মহিলা কোষৰ সভানেত্ৰী ৰুমী ফুকন শৰ্মাইয়ো অংশগ্ৰহণ কৰি ৰাজ্যবাসীলৈ সমন্বয়ৰ বাৰ্তা প্ৰেৰণ কৰে৷ ইয়াৰোপৰি এই ইফতাৰ পাৰ্টীৰ অন্তত দলটোৰ বিভিন্ন পৰ্যায়ৰ নেতা-কৰ্মীকে ধৰি দুশতাধিক লোকৰ উপস্থিতিত এক সম্বৰ্ধনা সভাৰো আয়োজন কৰা হয়৷

No comments:

Post a Comment

SPONSORED