হাউলী দাবালীয়াপাৰাৰ মাছ ব্যৱসায়ী জাহিদুলৰ সন্ধানৰ দাবীত বৰপেটা-হাউলী পথ অবৰোধ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Saturday, June 09, 2018

হাউলী দাবালীয়াপাৰাৰ মাছ ব্যৱসায়ী জাহিদুলৰ সন্ধানৰ দাবীত বৰপেটা-হাউলী পথ অবৰোধ


বৰপেটা : বৰপেটা জিলাৰ হাউলী আৰক্ষী থানাৰ অন্তৰ্গত দাৱালীয়াপাৰা গাঁৱৰ আব্দুল মান্নানৰ পুত্ৰ জাহিদুল ইছলাম ৩০ মে' তাৰিখৰ পৰা সন্ধানহীন হৈ আছে৷ আত্মীয় স্বজনৰ সহযোগত বিভিন্ন স্থানত বিচাৰ - খোচাৰ কৰিও আজিলৈকে কোনো শুংসুত্ৰ ওলোৱা নাই জাহিদুলৰ৷ ইয়াকে লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে। ইপিনে জাহিদুলৰ সন্ধানৰ দাবীত আজি হাউলী-বৰপেটা পথ অবৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজ আৰু আমছুৰ বৰপেটা জিলা সমিতি তথা অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বৰপেটা জিলা সমিতিয়ে৷
স্থানীয় লোকে আৰক্ষীৰ ভূমিকাক সমালোচনা কৰি শীঘ্ৰে যুৱকজনৰ সন্ধান উলিয়াবলৈ আৰক্ষীক দাবী জনায় ৷ অবশ্যে বৰপেটাৰ উপ আৰক্ষী অধীক্ষক সমীৰন বৈশ্য পথ অবৰোধস্থলীত উপস্থিত হৈ ৰাইজক বুজাই বঢ়াই অবৰোধ উঠাই লয় ৷ জানিব পৰা মতে ৩০ মেৰ সন্ধিয়া ৬ বাজি ৩০ বজাত নিজ গাৱতে ইফতাৰ কৰি একেখন গাঁৱৰ কিতাপ আলীৰ পুত্ৰ আমিৰ হামজা নামৰ ব্যক্তি গৰাকীৰ সৈতে হাউলী চহৰলৈ গৈছিল যুৱকজন ৷ আৰু তাৰপিচৰ পৰাই সন্ধান নাই জাহিদুলৰ ৷ কি হ'ল জাহিদুল ইছলাম নামৰ যুৱকজনৰ৷ জাহিদুল হত্যাৰ বলি হ'ল নেকি? নে অপহৰনৰ বলি হ'ল৷ 
অথবা আত্মগোপন কৰি আছে নেকি যুৱকজনে৷ আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে এই ৰহস্য ফাদিলৰ বাবে ৷ পিছে সফল হ’ব পৰা নাই আৰক্ষী ৷ ইয়াৰ মাজতেই এজন সন্দেহজনক অপৰাধীকো ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে৷
তথাপি কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই৷ ইপিনে পত্নীৰ লগতে দুটি কন কন শিশুৱে পিতৃক নাপাই হাহাকাৰ কৰি আছে৷ আজি পথ অবৰোধস্থলীত দুই কনমানিয়ে বাৰে বাৰে কাতৰভাৱে কলে-- আমাৰ আব্বাক আনি দিয়া ৷ শিশুদুটিৰ এই কাতৰ আহ্বানত প্ৰতিবাদস্থলীত থকা সকলোৰে অন্তৰ ছুই গ’ল।

No comments:

Post a Comment

SPONSORED