মাজুলী : মাজুলীৰ ভকত চাপৰিৰ প্ৰায় ১৪খন গাৱঁৰ ৰাইজে বাৰিষাৰ সময়ত বিপদসংকুলভাৱে বছৰ বছৰ ধৰি একমাত্ৰ নাৱেৰেই পাৰাপাৰ হ’বলগীয়া হৈছে যদিও আজি পৰ্যন্ত আলিমূৰ-ভকত চাপৰিৰ মাজত থকা জানটোত এখন দলঙৰ ব্যৱস্থা নকৰিলে চৰকাৰে। মাজুলীৰ ব্যস্ত ব্যাৱসায়িক অঞ্চললৈ দৈনিক যাতায়তৰ বাবে একমাত্ৰ নাৱকেই ভৰসা কৰি চলিবলগীয়া হৈছে অঞ্চলটোৰ ৰাইজে। আজিৰ দিনতো অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকলে দৈনিক পাৰাপাৰৰ বাবে নিজৰ গাঁঠিৰ ধন খৰচ কৰি বিদ্যালয়-মহাবিদ্যালয়লৈ যাবলগীয়া হোৱাৰ বাবে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মাজুলীৰ দল-সংগঠনসমূহে।
আজি মহকুমা ছাত্র সন্থাৰ দীপক নেওগৰ নেতৃত্বত মধ্য মাজুলী কমলাবাৰী আঞ্চলিক ছাত্র সন্থাৰ এটি প্ৰতিনিধি দলে উক্ত অঞ্চল পৰিদৰ্শন কৰি অঞ্চলটোৰ ৰাইজৰ দুখ-দুৰ্দশাৰ বুজ লৈ অঞ্চলটোৰ ৰাইজৰ সুবিধা হোৱাকৈ আলিমূৰ-ভকত চাপৰিৰ মাজত থকা জানটোত শীঘ্ৰে এখন কাঠৰ দলঙৰ ব্যৱস্থা কৰিবলৈ দাবী উত্থাপন কৰে। যি সময়ত চৰকাৰে ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ বিদ্যালয়ত শিক্ষাদানৰ ব্যৱস্থা কৰিছে, সেই সময়তেই উক্ত অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলে দৈনিক পাৰাপাৰৰ নামত গাঁঠিৰ ধন খৰচ কৰিবলগীয়া কথাটো চৰকাৰখনৰ বাবে এক দুৰ্ভাগ্যজনক কথা বুলি সন্থাই কয়।
পূৰ্বেও ছাত্ৰ সন্থাই এই বিষয়ত প্ৰশাসনক অৱগত কৰা বুলি উল্লেখ কৰি প্ৰশাসনে বিষয়টোত গুৰুত্ব আৰোপ নকৰাত আক্ষেপ প্ৰকাশ কৰে। শীঘ্ৰে অঞ্চলটোৰ ৰাইজৰ এই সমস্যাৰ সমাধানৰ ব্যৱস্থা নকৰিলে সংগঠনটোৱে গণতান্ত্ৰিক আন্দোলনৰ আশ্ৰয় ল’বলৈ বাধ্য হ’ব বুলি জনায়। উল্লেখযোগ্য যে, ৰাজ্যৰ গড়কাপ্তানী বিভাগে ১১৭২খন কাঠৰ দলং পকীকৰণ আঁচনি গ্ৰহণ কৰিছে যদিও এতিয়াও এনেধৰণৰ বহু অঞ্চলত বাৰিষাত নাওখনেই শেষ ভৰসা হৈ আহিছে।
No comments:
Post a Comment