পৰিবৰ্তন : বিধ্বস্ত বাট-পথ, পিতৃৰ মৃতদেহ কান্ধত লৈ পদযাত্ৰা পুত্ৰৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Thursday, June 28, 2018

পৰিবৰ্তন : বিধ্বস্ত বাট-পথ, পিতৃৰ মৃতদেহ কান্ধত লৈ পদযাত্ৰা পুত্ৰৰ


তামাৰহাটৰ পৰা শ্বহীদুল ইছলামৰ সংবাদ :
ৰাজ্যৰ বিভিন্ন স্থানত থকা বাট-পথ জৰাজীৰ্ণৰ বাতৰি বিভিন্ন সংবাদ মাধ্যমত সঘনাই সিৰোনাম দখল কৰি আহিছে৷ ধুবুৰী জিলাৰ তামাৰহাটতো বাট-পথৰ বিধস্ত অৱস্থাৰ ফলত সংঘটিত হোৱা এক কৰুণ ঘটনাই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
জানিব পৰা মতে, ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত আলোকঝাৰী অঞ্চলৰ বাট পথৰ অৱস্থা অতি জৰাজীৰ্ণ আৰু শোচনীয় হোৱাৰ বাবে আজি এজন ব্যক্তিৰ মৃতদেহ তেওঁৰ পুত্ৰই কান্ধত লৈ প্ৰায় তিনি কিলোমিটাৰ পথ অতিক্ৰম কৰিবলগীয়া হয়। কাৰণ মৃতদেহ কঢ়িওৱা গাড়ী যাব নোৱাৰে উক্ত স্থানত। সেয়ে আৰক্ষীয়ে প্ৰায় তিনি কিলোমিটাৰ দূৰত গাড়ী ৰখাই পুত্ৰৰ দ্বাৰা পিতৃৰ মৃতদেহ কান্ধত কৰি কৰিওৱাই গাড়ীত উঠাব লগীয়া হয়। মৃতদেহটো আছিল একেখন থানাৰে অন্তৰ্গত মধ্যপেটলা গাঁৱৰ আব্দুল ৰছিদ সেখৰ (৬০)।
উল্লেখ্য যে ৰছিদৰ মৃতদেহটো উদ্ধাৰ হৈছিল আলোকঝাৰী পাহাৰৰ এটা গছত চীপ লৈ আত্মহত্যা কৰা অৱস্থাত। জানিব পৰা মতে, ব্যক্তিজনে তিনিমাহ পূৰ্বে তেওঁৰ পত্নীক হত্যা কৰাৰ গোচৰত জেললৈ গৈছিল আৰু আজিৰ পৰা তিনি দিন পূৰ্বে জাবীনত জেলৰ পৰা ওলাই আহে যদিও বুধবাৰে ঘৰৰ পৰা নিৰুদ্দেশ হয়। ৰাতিলৈকে মানুহজন ঘৰলৈ ঘুৰি নহাত পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰিবলৈ আৰাম্ভ কৰে। বিচাৰি বিচাৰি বৃহস্পতিবাৰে ৰাতিপূৱা ঘৰৰ পৰা প্ৰায় দুই কিলমিটাৰ দুৰত থকা আলোকঝাৰি পাহাৰত ৰচিদক এটা গছত চীপ লোৱা অৱস্থাত উদ্ধাৰ কৰে।
আনহাতে পাগলাহাট আৰক্ষী নিৰীক্ষণ কেন্দ্ৰৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আশ্চৰ্যকৰ ঘটনাটো হ’ল মৃতদেহ থকা ঠাইৰ পৰা মুল পথৰ দুৰত্ব তিনি কিলোমিটাৰ। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৃত ব্যক্তিৰ পুতেক আৰু আত্মীয়ৰ কান্ধত উঠাই দি খোজকাঢ়ি আহিবলৈ কয়।
ইফালে কিছুদুৰ অহাৰ পাছত আৰক্ষীয়ে নিজৰ জীপছী ভানত উঠে আৰু মৃত দেহটো গাড়ীত নলৈ গাড়ীৰ আগে আগে যাবলৈ দিয়ে। এনেকৈয়ে তিনি কিলমিটাৰ পথ অতিক্ৰম কৰি। পাগলাহাট আৰক্ষী এনে কৰ্মত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সচেতন মহলৰ মাজত।

No comments:

Post a Comment

SPONSORED