চৰকাৰী বীজেৰে খেতি কৰি সৰ্বস্বান্ত কৃষক, শ শ বিঘা মাটিত কেৱল পতান - SANGBAD PRAHARI

Breaking

Responsive Ads Here

June 29, 2018

চৰকাৰী বীজেৰে খেতি কৰি সৰ্বস্বান্ত কৃষক, শ শ বিঘা মাটিত কেৱল পতান


নলবাৰী : নলবাৰী জিলাৰ বৰক্ষেত্ৰীত ৰাজ্য চৰকাৰৰ কৃষি বিভাগে যোগান ধৰা ধানৰ বীজেৰে খেতি কৰি মূৰে কপালে হাত দিছে কৃষকে। গাঁঠিৰ ধন খৰচ কৰি হাড়-ভঙা পৰিশ্ৰমেৰে কপালৰ ঘাম মাটিত পেলাই বেংকৰ লগতে অন্যান্য খণ্ডৰ পৰা ঋণ লৈ খেতি কৰিছিল দৰিদ্ৰ কৃষকে। প্ৰতিকূল বতৰক নেওচি কৃষকে অধিক মূল্যত ডিজেল কিনি চেল’ পাম্পৰ জৰিয়তে খেতি পথাৰত পানী যোগান ধৰি হাড়-ভঙা পৰিশ্ৰম কৰিছিল। আশা কৰিছিল উত্‍পাদিত ফচলৰ কিছু বিক্ৰী কৰি বেংকৰ লগতে অন্যান্য খণ্ডৰ পৰা লোৱা ঋণ পৰিশোধ কৰিব। কিন্তু ভৰপক হোৱা খেতিৰ ধান কাটিবলৈ গৈ দেখে যে, খেতিডৰাত ধানৰ সলনি কেৱল পতান।
বৃহত্তৰ বৰক্ষেত্ৰীৰ নাৰায়ণপুৰ, বৰলীয়াপাৰ, শনিৰোড, চৰাঞ্চলকে ধৰি বিভিন্ন গাঁৱৰ শ শ বিঘা মাটিত ধানৰ পৰিৱৰ্তে কেৱল পতান দেখি হতাশাত ভাগি পৰিছ দুখীয়া কৃষকসকল। এই ক্ষেত্ৰত কৃষি বিভাগৰ নিৰ্লিপ্ত ভূমিকাত ক্ষুব্ধ হৈছে বৰক্ষেত্ৰীৰ দৰিদ্ৰ কৃষকসকল।


আজি নাৰায়ণপুৰ গাঁৱত দুপৰীয়া সাংবাদিকৰ দল এটা উপস্থিত হৈ খেতি পথাৰসমূহ পৰিদৰ্শন কৰে। দৰিদ্ৰ কৃষকসকলে অভিযোগ কৰামতে নাৰায়ণপুৰ গাঁওখনতে শ শ বিঘাত এই খেতি কৰিছিল। তেওঁলোকে জানিবলৈ দিয়া মতে, জয়া, লালগংগা আৰু কেইবাবিধ বীজ কৃষি বিভাগে তেওঁলোকক যোগান ধৰিছিল। হাড়-ভঙা পৰিশ্ৰম আৰু গাঁঠিৰ ধন ভাঙ‌ি, ঋণ লৈ তেওঁলোকে কৰিছিল সেই খেতি। এতিয়া ধান চপাবৰ সময়ত তেওঁ লোকে ধানৰ সলনি মাত্ৰ পতান দেখি মূৰে কপালে হাত দিছে। গৰুক খুৱাবলৈ তেওঁলোকে এতিয়া কাটিব লগা হৈছে ধান।
সাংবাদিকৰ আগত তেওঁলোকে কান্দি কান্দি কয় যে বিয়াগোম কৃষি বিভাগে এতিয়ালৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। মুকালমুৱা বৰতলাস্থিত কৃষি কাৰ্যালয়ৰ পৰা তেওঁলোকে কোনো সঁহাৰি লাভ নকৰা বুলিও অভিযোগ উত্থাপন হৈছে। এই ক্ষেত্ৰত কৃষি মন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে বৰক্ষেত্ৰীৰ খেতিয়কসকলে।

No comments:

Post a Comment

SPONSORED