পাঠশালা : বৰপেটা জিলাৰ পাঠশালাৰ ৰিহাবাৰীৰ নিবাসী বিশিষ্ট গান্ধীবাদী নেত্রী, শিক্ষাব্রতী, সমাজসেৱিকা, লেখিকা স্নেহলতা চৌধুৰীক আজি বৰপেটাত অসম লেখিকা সংস্থাৰ ২০১৮ বর্ষৰ ‘লাৱণ্য হাজৰিকা আদর্শ মাতৃ বঁটা’ প্রদান কৰা হয়৷ এই উপলক্ষে বৰপেটা জিলা পুথিভঁৰাল প্রেক্ষাগৃহত আজি বিয়লি চাৰি বজাত অনুষ্ঠিত হোৱা এটা অনুষ্ঠানত বৰপেটা সত্রৰ বুঢ়াসত্রীয়া বশিষ্ঠ শর্মাই আনুষ্ঠানিকভাৱে এই বঁটা প্রদান কৰে৷ বিশিষ্ট গান্ধীবাদী নেত্রীগৰাকীক এই বঁটাৰ লগত এখন মানপত্র, স্মাৰক, জাপি, ফুলৰ থোপা আৰু নগদ ধনৰ টোপোলা আগবঢ়ায়৷
বঁটা প্রদান কৰি চমু ভাষণত বৰপেটা সত্রৰ বুঢ়াসত্রীয়া বশিষ্ঠ শর্মাই ভাগৱতৰ উদ্ধৃতি দি সুনীতি আৰু সুৰুচিৰ উদাহৰণ দাঙি ধৰি সমাজৰ প্রতিগৰাকী মাতৃকে তেওঁলোকৰ আদর্শৰে অনুপ্রাণিত হ’বলৈ আহ্বান জনায়৷ মাতৃসকলে বিভিন্ন যন্ত্রণা সহিও সন্তানক লালন-পালন কৰি ডাঙৰ-দীঘল কৰাৰ পাছত যি পুত্রই নিজৰ মাতৃক, মাতৃভূমিক আৰু মাতৃভাষাক চিনি নাপায় সি কেতিয়াও মানুহ হ’ব নোৱাৰে বুলিও তাত্পর্যপূর্ণ মন্তব্য কৰে বুঢ়াসত্রীয়া গৰাকীয়ে৷
অসম লেখিকা সংস্থাৰ সভানেত্রী মঞ্জুলা শর্মা ভট্টাচার্যৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত বিশিষ্ট অতিথি হিচাপে সাহিত্যিক অক্ষয় কুমাৰ মিশ্র আৰু মুখ্য অতিথি হিচাপে বৰপেটা জিলাৰ উপায়ুক্ত থানেশ্বৰ মালাকাৰ উপস্থিত থাকে। অনুষ্ঠানত পাঠশালাৰ ৰিহাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্রাপ্ত অধ্যক্ষ যতীন্দ্র কুমাৰ সিংহই ছাত্র আৰু শিক্ষক জীৱনত লগ পোৱা স্নেহলতা চৌধুৰীৰ বিভিন্ন অভিজ্ঞতাৰ বিষয়ে বর্ণনা কৰে৷ ইয়াৰ পূর্বে আদৰণি ভাষণ পাঠ কৰে অসম লেখিকা সংস্থাৰ প্রধান সম্পাদিকা নিৰু শর্মা পৰাজুলীয়ে আৰু বন্তি প্রজ্বলন কৰে বিশিষ্ট লেখিকা মৃণালিনী দেৱীয়ে৷
No comments:
Post a Comment