নাগৰিকত্ব সংশােধনী বিধেয়কৰ বিৰুদ্ধে গােৱালপাৰাত কৃষক মুক্তিৰ বিশাল গণ সমাবেশ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

June 25, 2018

নাগৰিকত্ব সংশােধনী বিধেয়কৰ বিৰুদ্ধে গােৱালপাৰাত কৃষক মুক্তিৰ বিশাল গণ সমাবেশ


প্রবল বৰষুণৰ মাজতাে ১০ সহস্রাধিক নাগৰিকৰ সংকল্প প্রয়ােজন হলে মৃত্যুবৰণ কৰিম অসমীয়া জাতিৰ স্বকীয়তা ধ্বংস কৰিবলৈ নিদিও

গোৱালপাৰা : প্রবল বৰষুণকে আওকান কৰি ১০ সহস্রাধিক নাগৰিকে নাগৰিকত্ব (সংশােধনী) বিধেয়ক, ২০১৬ ৰ বিৰুদ্ধে মৰণপণ সংগ্রাম গঢ়ি তুলিবলৈ সংকল্প লয়। গােৱালপাৰা নগৰৰ মাজ মজিয়াত কৃষক মুক্তি সংগ্রাম সমিতি আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে আয়ােজন কৰা এক বিশাল সমাবেশত গােৱালপাৰা জিলাৰ বিভিন্ন প্রান্তৰ পৰা অহা গাৰাে, ৰাভা, হাজং, ইছলামধর্মী আৰু অসমীয়াভাষী ১০ সহস্রাধিক নাগৰিকে অসমীয়া জাতিৰ স্বকীয়তা আৰু বৈচিত্র্য ধ্বংস কৰিব খােজা সাম্প্রদায়িক ফেচিবাদৰ বিৰুদ্ধে প্রবল গণ প্রতিবােধ গঢ়ি তােলাৰ সংকল্প গ্রহণ কৰে।
কৃষক মুক্তি সংগ্রাম সমিতিৰ গােৱালপাৰা জিলা সমিতিৰ সভাপতি পৰমা ৰাভাৰ সভাপতিত্বত অনুষ্ঠিত বিশাল গণ সমাবেশখনত অংশগ্রহণ কৰি কৃষক মুক্তি সংগ্রাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে কয় যে অসমীয়া জাতিক কোনেও জয় আই অসম’ শ্লোগান দিয়াত আৰু “অ’ মােৰ আপােনাৰ দেশ...” জাতীয় সংগীত গােৱাত বাধা প্রদান কৰিব নােৱাৰে।
তেওঁ কয় যে ভাৰতবৰ্ষৰ প্রবল স্বাধীনতা সংগ্রাম চলি থকাৰ সময়তে লক্ষ্মীনাথ বেজবৰুৱাই ১৯৯০ চনত অসমৰ জাতীয় সংগীত লিখি অসমীয়া জাতিৰ স্বকীয়তা প্রতিষ্ঠা কৰিছিল। লক্ষ্মীনাথ বেজবৰুৱাই স্বাধীনতা সংগ্রাম প্রতি সমর্থন ব্যক্তি কৰিও ১৯১৫ চনত ‘জয় আই অসম’ লিখি ৰাষ্ট্ৰীয়তাবাদৰ সমানে সমানে অসমীয়া জাতীয়তাবাদৰ স্বমহিমা প্রতিষ্ঠা কৰিছিল। ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত থকাৰ পাছতাে অসমীয়াই অসমৰ জাতীয় সংগীত গাই, সর্বভাৰতীয় পর্যায়ত ‘ভাৰত মাতা কী জয়’ ধ্বনি দিয়াৰ পাছতাে অসমীয়াই জয় আই অসম’ শ্লোগান দিয়ে আৰু এইবােৰেই প্রমাণ কৰে যে অসমীয়া জাতীয়তাবাদ আৰু ভাৰতীয় ৰাষ্ট্ৰীয়তাবাদ একে সময়তে প্রতিষ্ঠা হৈ সমান্তৰালভাৱে চলি আহিছে। যেতিয়াই ভাৰতীয় ৰাষ্ট্ৰীয়তাবাদে অসমীয়া জাতীয়তাবাদক দমণ কৰিব খােজে তেতিয়াই অসমীয়া জাতি বিদ্রোহী হৈ উঠে। যেতিয়াই অসমীয়া জাতিয়ে স্বতন্ত্রতা বিচাৰে, স্বাধীনতা বিচাৰে। বিজেপি আৰএছএছে হিন্দুত্বৰ নামত অসমীয়া জাতিৰ ওপৰত ভাৰতীয় ৰাষ্ট্ৰীয়তাবাদ জাপি দি অসমীয়া জাতিক দুর্বল কৰিবলৈ অপচেষ্টা কৰিছে।
অসমীয়া জাতিৰ বিচিত্র সংস্কৃতি আৰু বহু ভাষিত্ব চৰিত্ৰক নস্যাৎ কৰিব খুজিছে আৰু সেইবাবে অসমৰ চুকে-কোণে-গাঁৱে-ভূএে অসমীয়া জাতিয়ে বিদ্রোহত লিপ্ত হৈছে প্রবল প্রতিবাদ আৰু প্ৰতিৰােধ গঢ়ি তুলিছে। বিদেশীৰ বিৰুদ্ধে যুঁজি অহা অসমীয়া জাতিৰ ওপৰত নাগৰিকত্ব সংশােধনী বিধেয়ক, ২০১৬ৰ জৰিয়তে লাখ লাখ হিন্দু বাংলাদেশীক জাপি দিব খুজিছে। ধৰ্মৰ নামত বিভাজন আনি অসমীয়া জাতিক ভাগ ভাগ কৰি ধৰ্মৰ ভিত্তিত নাগৰিকত্ব প্ৰদানৰ অসাংবিধানিক পন্থা গ্রহণ কৰিছে আৰু সেইবাবেই আজি অসম আৰু অসমীয়াই কৈছে আমাক নতুন বিদেশী নালাগে।
১৯৭১ চনৰ ২৫ মাৰ্চৰ পাছৰ হিন্দু-মুছলমান-খ্রীষ্টান কোনাে বিদেশীকে অসমবাসীয়ে গ্রহণ নকৰে। জাতি-ধর্ম নির্বিশেষে সকলাে বিদেশীয়ে অসম ত্যাগ কৰিব লাগিব। অসমীয়া জাতিয়ে সকীয়াই দিছে বিজেপি-আৰএছএছে যদি নতুনকৈ আমাৰ ওপৰত বিদেশী জাপি দিয়ে তেন্তে অসমৰ গাঁও-ভূঞে, নগৰ-চহৰ, বাগিচা-বস্তি, চৰ-চাপৰি সকলােৰে পৰা বিজেপিআৰএছএছক বাহিৰ কৰি দি অসমীয়া জাতিৰ স্বকীয়তা ৰক্ষা কৰিব, স্বাভিমান ৰক্ষা কৰিব। দবাপিটা বৰষুণৰ মাজতাে ১০ সহস্রাধিক নাগৰিকে বৰষুণত তিতি তিতি নাগৰিকত্ব সংশােধনী বিধেয়ক বাতিলৰ দাবীত মৰণপণ সংগ্রাম আগুৱাই নিয়াৰ সংকল্প গ্রহণ কৰে।


অখিল গগৈৰ বক্তব্যৰ পূর্বে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সহকাৰী সাধাৰণ সম্পাদক বিজন বায়নে অসমৰ জাতীয় সংগঠনসমূহৰ উদ্যোগত গঢ়ি উঠা ঐক্যবদ্ধ সংগ্রামক অধিক শক্তিশালী কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তি সংগ্রাম সমিতিৰ নেতৃত্বত গঢ়ি উঠা ঐক্যবদ্ধ সংগ্রামখনলৈ অসমৰ ৰাইজে যি অভূতপূর্ব সঁহাৰি জনাইছে সেয়া জাতিটোৰ কাৰণে শুভ লক্ষণ। সভাত বক্তব্য প্রদান কৰে কৃষক মুক্তি সংগ্রাম সমিতিৰ কাৰ্যকৰী সভাপতি অনিল বড়ােৱে।
তাৰােপৰি সভাত উপস্থিত থাকে কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি বনদী চৰকাৰ, সদৌ বড়াে ছাত্ৰ সন্থাৰ গােৱালপাৰা জিলাৰ প্রাক্তন সভাপতি উত্তম দৈমাৰী, অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ কেন্দ্রীয় সাংগঠনিক সম্পাদক চন্দন কলিতা আদি। বিশাল গণ সমাবেশৰ উদ্দেশ্য ব্যাখ্যা কৰে কৃষক মুক্তি সংগ্রাম সমিতিৰ গােৱালপাৰা জিলাৰ সাধাৰণ সম্পাদক মণিশংকৰ গয়াৰীয়ে। সভাত ছাত্র মুক্তি সংগ্রাম সমিতিৰ শিক্ষা সম্পাদক আমিনুল ইছলাম আৰু গােৱালপাৰাৰ বিশিষ্ট অধিবক্তা মুস্তাকিমূল হকেও বক্তব্য প্রদান কৰে।

No comments:

Post a Comment

SPONSORED