সংকটত প্ৰাক্তন আমছু নেতা আব্দুৰ ৰহিম আহমেদ : অন্যান্য সমষ্টিত বিধায়কৰ প্ৰক্ষেপিত প্ৰাৰ্থীয়েই জয়ী হোৱাৰ সম্ভাৱনা
বৰপেটা : মুঠ তিনিটা পৰ্যায়ত অনুষ্ঠিত হোৱা অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাংগঠনিক নিৰ্বাচনৰ ফলাফল মঙলবাৰে ঘোষণা কৰা হ’ব৷ নিৰ্বাচনৰ ভোটদান সম্পূৰ্ণ হোৱাৰ লগে লগে নেতাৰ পৰা আৰম্ভ কৰি কংগ্ৰেছ কৰ্মীলৈকে সকলোৱে নিজ নিজ প্ৰাৰ্থীৰ ভোটৰ হিচাপ-নিকাচত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে৷
ৰাজনৈতিক পৰ্যবেক্ষক মহলৰ পৰা জানিব পৰা মতে ইতিমধ্যেই বৰপেটা জিলা যুৱ কংগ্ৰেছৰ সভাপতি আৰু সাধাৰণ সম্পাদক হিচাপে আনোৱাৰ হুছেইন খান আৰু অনিৰূদ্ধ মণ্ডলৰ নাম সৰ্বসন্মতকভাৱে চৰ্চিত হোৱা পৰিলক্ষিত হৈছে৷
বৰপেটা জিলাৰ সমষ্টিসমূহৰ ভিতৰত আটাইতকৈ আকৰ্ষণীয় যুঁজখন হৈছে বৰপেটা সদৰ সমষ্টিত৷ সমষ্টিটোত সভাপতি পদৰ ভাবে মনোনয়ন দাখিল কৰা মুঠ ৬ জন প্ৰাৰ্থীৰ ভিতৰত মূল যুঁজখন হ’ব বিগত বিধানসভা নিৰ্বাচনত বৰপেটা সমষ্টিৰ কংগ্ৰেছৰ পৰাজিত তথা আমছুৰ প্ৰাক্তন সভাপতি প্ৰাৰ্থী আব্দুৰ ৰহিম আহমেদৰ প্ৰক্ষেপিত প্ৰাৰ্থী জাফৰ আহমেদ আৰু নুৰ ইনছানৰ মাজত৷
জানিব পৰামতে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক আব্দুৰ ৰহিম আহমেদে মণ্ডলে মণ্ডলে হুইপ জাৰী কৰিলেও এসময়ৰ যুৱ কংগ্ৰেছী নেতা জিয়াৰুল হকে সাংগো-পাংগসহ নিৰ্বাচনত নুৰ ইনছানৰ হৈ প্ৰচাৰ অভিযানত নমাত সমষ্টিটোৰ সভাপতি হিচাবে নুৰ ইনছান জয়ী হোৱাটো একপ্ৰকাৰ নিশ্চিত হৈছে৷
সৰুক্ষেত্ৰী সমষ্টিত বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ মনোনীত প্ৰাৰ্থী তাহিৰুল ইছলামৰ জয় সুনিশ্চিত৷ জনীয়া সমষ্টিত বিধায়ক আব্দুল খালেকৰ মনোনীত প্ৰাৰ্থী ৰকিবুল ইছলাম জয়ী হোৱাৰ সম্ভাৱনা বেছি৷ সৰভোগ সমষ্টিত যুৱনেতা ৰাজীৱ হকৰ প্ৰক্ষেপিত প্ৰাৰ্থী ফাৰুক খান আৰু আব্দুছ ছামাদ আহমেদৰ প্ৰক্ষেপিত প্ৰাৰ্থী আব্বাছ আলীৰ মাজত প্ৰতিদন্দিতা হব যদিও ফাৰুক খানৰ জয়ী হোৱাৰ সম্ভাৱনা বেছি৷ চেঙা আৰু বাঘবৰ সমষ্টিত বিধায়ক শুকুৰ আলী আৰু বিধায়ক শ্বেৰমান আলীৰ মনোনীত প্ৰাৰ্থীদ্বয় মান্নান খান আৰু শ্বেখ আকতাৰ হুছেইনেই জয়ী হব বুলি জানিব পৰা গৈছে৷
যুৱ কংগ্ৰেছৰ ৰাজ্যিক সাধাৰণ সম্পাদকৰ পদত বৰপেটাৰ পৰা আজাদ হুছেইন, হাবিব আহমেদ আৰু আব্দুৰ ৰূপচান ৰাজে প্ৰতিদন্দ্বিতা কৰিছে যদিও কোনে সৰ্বোচ্চ ভোট লাভ কৰিব সেয়া লক্ষণীয় হব৷
No comments:
Post a Comment