লিডু : ভাৰতীয় জনতা যুৱ মৰ্চা, নলবাৰী জিলা সমিতিৰ তথ্য আৰু প্ৰযুক্তি বিভাগৰ আহ্বায়ক তথা যুৱ সমাজকৰ্মী পাৰ্থ হালৈৰ ২৪ জুনত আকস্মিকভাৱে দেহাৱসান ঘটে। নলবাৰী জিলাৰ টেৰেছিয়া গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক লোহিত হালৈৰ পুত্ৰ পাৰ্থ হালৈয়ে দেওবাৰে বানেকুছিত বন্ধুৰ ঘৰত পাৰ্টি কৰিবলৈ গৈ পুখুৰীত পৰি আকস্মিকভাৱে মৃত্যুক আঁকোৱালি লোৱাত গভীৰ শোক প্ৰকাশ কৰে ভাৰতীয় জনতা যুৱ মৰ্চা ,তিনিচুকীয়া জিলা সমিতিয়ে৷
এক শোকবাৰ্তাত ভাৰতীয় জনতা যুৱ মৰ্চাৰ সক্ৰিয় কৰ্ম-কৰ্তা তথা কেমিকেল ইঞ্জিনিয়াৰিং চূড়ান্ত বৰ্ষৰ ছাত্ৰ পাৰ্থ হালৈৰ অকাল বিয়োগত ভাৰতীয় জনতা যুৱ মৰ্চা তিনিচুকীয়া জিলা সমিতিৰ হৈ যুৱ মৰ্চাৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি শান্তনু দত্ত আৰু সাধাৰণ সম্পাদকদ্বয় ৰূপম দেওধাই বৰুৱা আৰু পঞ্চৰত্ন বৰুৱাই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমাবেদনা জ্ঞাপন কৰিছে। আনহাতে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাইয়ো প্ৰতিভাৱান যুৱ নেতাজনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে৷
No comments:
Post a Comment