গোসাঁইগাওঁত আদিবাসী মুখায়ৱৰ অচিনাক্ত বৃদ্ধাৰ মৃত্যু - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Saturday, June 23, 2018

গোসাঁইগাওঁত আদিবাসী মুখায়ৱৰ অচিনাক্ত বৃদ্ধাৰ মৃত্যু

গোসাঁইগাঁও : গোসাঁইগাওঁ মহকুমা হাব্ৰুবিলস্থিত এশ বিচনাযুক্ত আৰ এন বি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন এগৰাকী পৰিচয়বিহীন বৃদ্ধাই বৃহস্পতিবাৰে শেষ নিশ্বাস ত্যাগ কৰে৷ প্ৰাপ্ত তথ্যমতে, গোসাঁইগাঁও মহকুমাৰ সৰাইবিল আৰক্ষী চকীৰ অন্তৰ্গত বালাপাৰা বজাৰত যোৱা ২০ জুনৰ ৰাতিপুৱা এগৰাকী অচিনাক্ত বৃদ্ধ মহিলাই আকস্মিকতে মাটিত বাগৰি পৰে৷ মহিলাগৰাকীক স্থানীয় ৰাইজে ততাতৈয়াকৈ হাব্ৰুবিলস্থিত চিকিৎসালয়ত ভৰ্তি কৰি চিকিৎসাৰ ব্যৱস্থা কৰে৷
ইপিনে বিগত দুদিন অতিবাহিত কৰাৰ পিছতো কোনো পৰিচয় উদ্ধাৰ নোহোৱা বৃদ্ধা গৰাকীয়ে লাহে লাহে মৰণ যন্ত্ৰনাত ছটপটাই অৱশেষত বৃহস্পতিবাৰে মাজনিশা শেষ নিশ্বাস ত্যাগ কৰে৷ আদিবাসী মূখাঅবয়ৰ প্ৰায় ৬৫-৭০ বছৰীয়া বৃদ্ধা গৰাকীৰ মৃতদেহ আৰক্ষীয়ে ইতিমধ্যে কোকৰাঝাৰলৈ মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে৷
কোনো সদাশয় ব্যক্তিয়ে বয়জ্যেষ্ঠ মহিলা গৰাকীৰ পৰিচয় লাভ কৰিলে গোসাঁইগাঁও আৰক্ষী থানাৰ সৈতে যোগাযোগ কৰাৰ বাবে অনুৰোধ জনায়৷ আগন্তুক ৭২ ঘন্টা মৃতদেহটো কোকৰাঝাৰ মৰ্গত ৰখা হ’ব আৰু চিনাক্ত নহ’লে মৃতদেহত সৎকাৰ কৰা হব বুলি আৰক্ষী সুত্ৰত প্ৰকাশ৷

No comments:

Post a Comment

SPONSORED