তামাৰহাট : চৰকাৰৰ অপেক্ষা কৰি কৰি হতাশ হৈ অৱশেষত আগশাৰীৰ বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থা সজল ফাউণ্ডেচনৰ উদ্যোগত আৰু তামাৰহাট অটো চালক সমিতিৰ সহযোগত লটাৰী খেলৰ যোগেদি পথ মেৰামতিৰ সিদ্ধান্ত ল’লে তামাৰহাটৰ অটো চালক সংস্থাৰ লগতে একাংশ ব্যক্তিয়ে।
ধুবুৰী আৰু কোকৰাঝাৰ জিলা সংযোগী ধুবুৰী-কচুগাঁও গড়কাপ্তানী (চমুকৈ ডি,কে ৰোড) পথটো এটা গুৰুত্বপূৰ্ণ পথ। ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত হাতীধূৰাৰ পৰা তামাৰহাট হৈ বালাজান ৰাষ্ট্ৰীয় ঘাইপথ লৈ এই পথছোৱা দীৰ্ঘদিনৰ পৰা জৰাজীৰ্ণ হৈ আছে।
আনহাতে যোৱা বাৰিষাত গংগাধৰ নদীৰ বাৰণি পানীয়ে পথটোক বিধস্ত কৰি পেলাইছে। ধুবুৰী কচুগাওঁ গড়কাপ্তানী জৰাজীৰ্ণ পথছোৱা মেৰামতি সন্দৰ্ভত চৰকাৰৰ ওচৰত দীৰ্ঘদিন ধৰি দাবী উত্থাপন কৰি অহা সত্বেও আজিলৈকে পথছোৱাৰ মেৰামতিৰ কাম সম্পূৰ্ণ কৰা পৰিলক্ষিত নহ'ল।
আনকি জৰাজীৰ্ণ পথছোৱাৰ বিবৰণ সন্দৰ্ভত ইতিমধ্যে সংবাদ মাধ্যমতো বহু বাৰ শিৰোনাম দখল কৰিছে যদিও চৰকাৰ তথা তিনিটাকৈ বিধানসভা সমষ্টিৰ বিধায়ক ক্ৰমে গোলোকগঞ্জৰ অশ্বিনী ৰায় সৰকাৰ, গৌৰীপুৰৰ নিজানুৰ ৰহমান আৰু গোঁসাইগাঁওৰ মাজেন্দ্ৰ নাৰ্জাৰীয়ে চকু মুদা কুলিৰ ভাও ধৰি আছে।
চৰকাৰৰ আৰু তিনিটাকৈ বিধায়কৰ গুৰুত্বহীনতাৰ ফলস্বৰুপে যান-বাহনৰ চলাচল ব্যাহত হোৱাৰ উপৰি স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী, ঠেলাৱালা, ৰিক্সাৱালা, ৰোগী, পথচাৰী, যাত্ৰী আৰু ৰাইজে যাতায়তত যমৰ-যাতনা ভূগিব লগা হৈছে।
ফলত এইবাৰ চৰকাৰৰ প্ৰতি হতাশ হৈ তামাৰহাটৰ সজল ফাউণ্ডেশ্বনৰ উদ্যোগত আৰু তামাৰহাট অটো চালক সমিতিৰ সহযোগত লটাৰী খেলৰ যোগেদি পথ মেৰামতিৰ ব্যৱস্থা হাতত লৈছে সজল ফাউণ্ডেচনৰ কৰ্ম-কৰ্তা আৰু অটো চালকসকলে। এই লটাৰী খেলৰ লাভাংশৰ পৰা হাতীধূৰাৰ পৰা তামাৰহাটলৈ যোৱা পথটো মেৰামতি কৰিব বুলি লটাৰী খেল পৰিচালনা কমিটিয়ে জানিবলৈ দিছে।
উল্লেখ্য যে লটাৰী খেলৰ জড়িয়তে পথ মেৰামতি কৰা এই কাৰ্যই উন্নয়নৰ শ্লোগান দিয়া বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰ খনৰ ফোপলা স্বৰূপ উদঙাই দিছে।
No comments:
Post a Comment