মৰাণত চলিল চালক বিহীন ট্ৰাক - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Thursday, June 28, 2018

মৰাণত চলিল চালক বিহীন ট্ৰাক


মৰাণঃ মৰাণত সংঘটিত হৈছে এক আজৱ ঘটনা। মৰাণ নগৰৰ মাজমজিয়াত এখন চালক বিহীন ট্ৰাকে মহতিয়ালে এক ব্যৱসায়ী প্ৰতিষ্ঠান। অজয় দেৱগনৰ অভিনিত এখন হিন্দী বোলছবি Taarzan— The Wonder Carত এখন কাৰৰ অদ্ভুত মহিমা দেখুৱা হৈছে। কাৰখনে চালক নোহোৱাকৈ চালিত হোৱা দৃশ্য দেখুৱাইছে। কিন্তু সেই বোলছবিখনৰ দৃশ্য লাইভ দেখুৱালে মৰাণৰ এই ট্ৰাকখনে।
নিশা এই চালক বিহীন ট্ৰাকখনৰ খুন্দত ‘এগ্ৰো কেমিকেল ট্ৰেডাৰ্চ’ নামৰ ব্যৱসায়ী প্ৰতিষ্ঠানখন ক্ষতিগ্ৰস্থ হয়। আন দিনৰ দৰে কামৰ শেষত ব্যৱসায়ীক প্ৰতিষ্ঠান মৰাণ শ্ব’মিলৰ সন্মূখতে সন্ধিয়া ট্ৰাকখন ৰাখিছিল চালকজনে। গাড়ীখনৰ দুৱাৰ খিৰিকী বন্ধ কৰি গাড়ীৰ চাবি লৈ ঘৰলৈ গুচি গৈছিল চালকজন।
কিন্তু ইয়াৰ পিছতে নিশা ১০.১৫ বজাত গাড়ীখন হঠাৎ ষ্টাৰ্ট হয় আৰু বেক হৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত উঠাৰ পিছত কাষতে থকা ব্যৱসায়ী প্ৰতিষ্ঠান খনত খুন্দা মাৰে। পিছত স্থানীয় বহু লোক ঘটনাস্থলীত উপস্থিত হৈ দেখে গাড়ীখনৰ চালকৰ আসনত কোনো লোক নাই। এই সমগ্ৰ ঘটনাটোৰ দৃশ্য বন্দী হয় চি চি টিভি কেমেৰাত। আনহাতে এই আজৱ ঘটনাটোৱে মৰাণ অঞ্চলত চাঞ্চল্য সৃষ্টি কৰিছে।

No comments:

Post a Comment

SPONSORED