যুগান্ত দিহিঙীয়া, মৰাণঃ
সদৌ টাই আহোম ছাত্ৰ সন্থা চমুকৈ আটাছুৰ মৰাণ মহকুমা সমিতিয়ে ৰাজ্যপাল জগদীশ মূখীৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। গৌৰৱোজ্জ্বল ৬০০ বছৰ ৰাজত্ব কৰা টাই আহোমসকলৰ স্মৃতি বিজড়িত চৰাইদেউৰ ঐতিহাসিক মৈদামত বুধবাৰে অসমৰ ৰাজ্যপাল জগদীশ মূখীয়ে গাড়ীসহ প্ৰবেশ কৰাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে উজনি অসমত৷ ফলত টাই আহোম জনগোষ্ঠীৰ বিভিন্ন দল-সংগঠনে মুকলিকৈ ৰাজ্যপালজনৰ এনে আচৰণৰ তীব্ৰ প্ৰতিবাদ কৰিছে৷
তাৰে অংশ স্বৰূপে আটাছুৰ কৰ্মীসকলে বৃহস্পতিবাৰে আবেলি মৰাণ-নাহৰকটীয়া বাছ আস্থানৰ পৰা ৰাজ্যপালজনৰ জুমুঠি লৈ সমদল কৰি আহি মৰাণ নগৰৰ ট্ৰেফিক পইন্টত জুমুঠি দাহ কৰে৷ প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আটাছুৱে আহোম জনগোষ্ঠীক অপমান কৰা ৰাজ্যপালজনক শীঘ্ৰে ক্ষমা খুজিবলৈ আহ্বান জনাইছে৷ তদুপৰি চৰাইদেউ জিলা প্ৰশাসনকো তীব্ৰ ভাষাৰে সমালোচনা কৰিছে আটাছুৱে।
No comments:
Post a Comment