# একবিংশ শতিকাত অন্ধ বিশ্বাস আৰু কুসংস্কাৰৰ কোনাে স্থান নাই : মুখ্যমন্ত্ৰী সোণোৱাল
# ২ অক্টোবৰৰ পৰা ৬০ বছৰৰ উৰ্দ্ধৰ সকলাে শ্ৰেণীৰ লােককে বৃদ্ধ পেঞ্চন প্রদান কৰা হ'ব : হিমন্ত বিশ্ব শৰ্মা
# ১২ টা আত্ম সহায়ক গােটক ‘কনকলতা মহিলা সৱলীকৰণ আঁচনিৰ অধীনত প্রত্যকলৈ ২৫ হাজাৰ টকাৰ ঘূর্ণীয়মান পুঁজিৰ চেক আনুষ্ঠানিকভাৱে প্রদান
কাৰ্বি আংলং : ‘অন্ধ বিশ্বাস আৰু কু-সংস্কাৰৰ বিৰুদ্ধে সকলাে শ্ৰেণীৰ জনসাধাৰণে সমন্বিত প্রয়াসেৰে যুঁজ দিলেহে সমাজ কলুষিত কৰা এই ব্যাধিসমূহ সমাজ জীৱনৰ পৰা আতঁৰ কৰাটো সম্ভৱ হৈ উঠিব। একবিংশ শতিকাত অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ কোনাে স্থান নাই। এই ক্ষেত্ৰত মহিলা সকলৰ দায়িত্ব অধিক। মহিলাসকলে নিজৰ সন্তানক ভাল-বেয়া দিশবােৰ আঙুলিয়াই দি নৈতিকভাৱে শক্তিশালী চৰিত্ৰ গঠনত অৰিহণা যােগাব লাগিব। আমাৰ যুৱ প্ৰজন্মক বিজ্ঞান মনষ্কতাৰে আগুৱাই নিয়াৰ ক্ষেত্ৰটো মহিলা সকলে গতিশীল ভূমিকা গ্রহণ কৰিব লাগিব। আজি ডিফু লােকসভা সমষ্টিৰ অন্তৰ্গত পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰনি হাইস্কুল খেলপথাৰত পঞ্চায়ত আৰু গ্রামােন্নয়ন বিভাগৰ অধীনৰ অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ দ্বাৰা আয়ােজিত মহিল সমাৰােহত মুখ্য অতিথি হিচাপে অংশ লৈ প্ৰদান কৰা ভাষণত মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে এইদৰে কয়।
কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা-হাচাও জিলা কেইখনত থকা পর্যটনৰ বিপুল সম্ভাৱনীয়তা সমূহ বিকশাই তুলি স্বনিয়ােজনৰ এক অনুকূল বাতাবৰণ গঢ়ি তুলিব লাগিব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী সােণােৱালে কয় যে এই জিলা কেইখনৰ লােকসকলে ‘অতিথি দেৱ ভৱ’ মনােভাৱেৰে বাহিৰৰ পৰা অহা পর্যটক আৰু অন্যান্য ব্যক্তিসকলক অধিক আদৰ-সন্মান কৰিব লাগিব। এই জিলা কেইখনৰ প্রাকৃতিক সৌন্দর্য ইউৰােপৰ কোনাে দেশৰ প্রাকৃতিক সৌন্দৰ্যৰ তুলনাত কম নহয়। সেইবাবে এই জিলা কেইখনৰ শিক্ষা, স্বাস্থ্য, উদ্যোগ, সমাজ কল্যাণ, কৃষি ইত্যাদি সকলাে ক্ষেত্ৰৰে উন্নয়নত এক নতুন মাত্রা প্রদানৰ উদ্দেশ্যেৰে ৰাজ্য চৰকাৰে পদক্ষেপ হাতত লৈছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়।
মুখ্যমন্ত্রী সােণােৱালে কয় যে সমভাৱেৰে সম-উন্নয়ন সম্ভৱ কৰি তুলিবলৈ ৰাজ্য চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে। খেতিয়ক সকলৰ উপার্জন দুগুণলৈ বৃদ্ধি কৰাৰ উদ্দেশ্যেৰে জলসিঞ্চনৰ বিভিন্ন প্রকল্প আৰম্ভ কৰা হৈছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অনাগত কিছু মাহৰ ভিতৰতে যােগাযােগ ব্যৱস্থা শক্তিশালী কৰাৰ বাবে এই পার্বত্য জিলা তিনিখনৰ সকলােবােৰ বাট-পথৰ উন্নয়ন সাধন কৰা হ'ব। কথাৰে নহয় বন্ধু, কামত পৰিচয়’ বুলি কৈ মুখ্যমন্ত্ৰীয়ে সমাজৰ সকলাে শ্ৰেণীৰ লােককে নিজৰ লগতে সমাজখনৰ উন্নয়ন সাধন কৰাৰ বাবে অহােপুৰুষাৰ্থ কৰিবলৈ আহ্বান জনায়।
মুখ্যমন্ত্রী সােণােৱালে কয় যে কেন্দ্রীয় চৰকাৰৰ ‘সৌভাগ্য’আঁচনিৰ অধীনত ২৬ লাখ পৰিয়াললৈ বিদুৎ সংযােগ প্রদান কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে লগতে ৰাজ্যখনৰ ৫২ লাখ পৰিয়ালক বছৰি ৪ টাকৈ এল ই ডি বাল্ব প্রদান কৰাৰ বাবেও আঁচনি গ্ৰহণ কৰা হৈছে বুলিও কয়। পূর্বৰ চৰকাৰে পার্বত্য জিলা কেইখনক মাহীআইৰ চকুৰে চোৱা বুলি উল্লেখ কৰি বৰ্তমানৰ ৰাজ্য চৰকাৰৰ প্ৰয়াসৰ ফলত এই তিনি খন জিলাৰ অশান্ত জৰ্জৰ পৰিস্থিতি আঁতৰ হােৱাৰ লগতে উন্নয়নৰ এক গতিশীল প্রয়াস আৰম্ভ হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়। মুখ্যমন্ত্ৰীয়ে কয় যে শান্তি অবিহনে উন্নয়ন সম্ভৱ নহয়। কৃষিজাত সামগ্ৰীৰে এই অঞ্চলৰ উত্তৰণৰ দিশত এক নতুন বাতাবৰণ সৃষ্টি কৰাৰ বাবে কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত উৎপন্ন হােৱা আদা,হালধিকে ধৰি বিভিন্ন কৃষিজাত উৎপাদিত সামগ্ৰীৰ সঠিক বিপণনৰ প্ৰয়ােজনীয়তা আছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়৷
বৰ্তমানৰ চৰকাৰখনৰ সফলতা আৰু ৰাজ্যৰ জনসাধাৰণৰ চৰকাৰৰ খনৰ প্ৰতি থকা সমর্থন দেখি বিপক্ষ দল সমূহ ভীতিগ্রস্ত হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে ৰাজ্যত অশান্তিৰ সৃষ্টি কৰিব পৰা সকলাে ধৰণৰ ষড়যন্ত্র মষিমূৰ কৰিবলৈ ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ বুলি কয়। মুখ্যমন্ত্ৰীয়ে কয় যে উমৰাংচুত নির্মাণ হ'বলগীয়া অসম অসামৰিক সেৱাৰ প্রশিক্ষণ কেন্দ্ৰটো দেশৰ ভিতৰতে এক অগ্রণী প্রশিক্ষণ কেন্দ্র হিচাপে ৰাজ্য চৰকাৰে গঢ়ি তুলিব বুলিও কয়।
সভাত ভাষণ দি বিত্ত, স্বাস্থ্য আৰু গড়কাপ্টানি বিভাগৰ মন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে নির্বাচনৰ সময়ত কাৰ্বি আংলং জিলাৰ উন্নয়নৰ বাবে যি প্রতিশ্রুতি প্ৰদান কৰা হৈছিল সেই প্রতিশ্রুতি সমূহ বৰ্তমানৰ ৰাজ্য চৰকাৰে বাস্তৱায়িত কৰিব। মন্ত্রী গৰাকীয়ে কয় যে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ ২৬ টা সমষ্টিৰ প্রত্যেকলৈ ১০ কোটি টকাকৈ প্ৰদান কৰা হ'ব। অহা ২ অক্টোবৰৰ পৰা ৬০ বছৰৰ উৰ্দ্ধৰ সকলাে শ্ৰেণীৰ লােককে বৃদ্ধ পেঞ্চন প্রদান কৰা হ'ব বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ বাট-পথৰ উন্নয়ন সাধনৰ বাবে ৰাজ্য চৰকাৰে ১০০ কোটি টকাৰ পুঁজি মুকলি কৰি দিব বুলিও কয়। মন্ত্রী গৰাকীয়ে ডিফু আৰু হাফলঙত দুখন কর্কট হাস্পতাল স্থাপন কৰা হ'ব বুলি কয়। হামৰেন আৰু বােকাজানৰ প্রত্যেকতে ২০০ খন বিছনাযুক্ত হাস্পতাল স্থাপন কৰা হ'ব বুলিও তেওঁ কয়।
এই মহিলা সমাৰােহতে মুখ্যমন্ত্ৰীয়ে ডিফু লােকসভা সমষ্টিৰ অন্তৰ্গত ১২ টা আত্ম সহায়ক গােটক ‘কনকলতা মহিলা সৱলীকৰণ আঁচনিৰ অধীনত প্রত্যকলৈ ২৫ হাজাৰ টকাৰ ঘূর্ণীয়মান পুঁজিৰ চেক আনুষ্ঠানিকভাৱে প্রদান কৰে। উল্লেখ্য যে এই আঁচনিৰ অধীনত লােকসভা সমষ্টিটোৰ সৰ্বমুঠ ৫০৩৭ টা মহিলা আত্মসহায়ক গােটলৈ এই আঁচনিৰ অধীনত ২৫ হাজাৰ টকাৰ ঘূর্ণীয়মান পুঁজি প্ৰদান কৰা হ'ব।
এই অনুষ্ঠানত খনি আৰু খনিজ সম্পদ, পার্বত্য অঞ্চল উন্নয়ন বিভাগৰ মন্ত্রী চুম ৰংহাং, পঞ্চায়ত আৰু গ্রামােন্নয়ন বিভাগৰ ৰাজ্যিক মন্ত্ৰী নৱ কুমাৰ দলে, অসম বিধান সভাৰ প্রাক্তন অধ্যক্ষ তথা বর্তমানৰ হাউছফেডৰ অধ্যক্ষ ৰঞ্জিত দাস, কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গার্লোছা, বিধায়ক সকল ক্ৰমে মানছিং ৰংপি, ডাঃ নােমল মমিন, জয়ৰাম ইংলেং, গুৱাহাটী পৌৰ নিগমৰ উপ-পৌৰপতি বিজুলী কলিতা মেধীকে ধৰি কাৰ্বি আংলং আৰু ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদৰ বহু কেইগৰাকী কাৰ্যবাহী সদস্যৰ লগতে বহু সংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে।
No comments:
Post a Comment