ইঞ্জিনীয়াৰ তাছেৰ আলী শ্বেখলৈ "ভাৰত ৰত্ন মাদাৰ টেৰেছা সোণৰ পদক বঁটা :বিভিন্ন দল-সংগঠনৰ শুভেচ্ছা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

June 18, 2018

ইঞ্জিনীয়াৰ তাছেৰ আলী শ্বেখলৈ "ভাৰত ৰত্ন মাদাৰ টেৰেছা সোণৰ পদক বঁটা :বিভিন্ন দল-সংগঠনৰ শুভেচ্ছা


গোসাইগাওঁ :  গোসাঁইগাওঁ মহকুমাৰ সুসন্তান ইঞ্জিনীয়াৰ তাছেৰ আলী শ্বেখলৈ "ভাৰত ৰত্ন মাদাৰ টেৰেছা সোণৰ পদক বঁটা" আগবঢ়াইছে দক্ষিণ ভাৰতৰ তামিলনাডু ৰাজ্যস্থিত কেন্দ্ৰীয় মন্ত্ৰী, ৰাজ্যপাল, ন্যায়াধীশ, উপাচাৰ্য্য, ৰাষ্ট্ৰীয় নেতা, শিক্ষাবিদ, বিজ্ঞানী আদিকে ধৰি দেশৰ বিভিন্ন স্থানৰ বিভিন্ন ধৰণৰ উচ্চপদস্থ ব্যক্তিৰে জাতীয় সংহতিৰ লক্ষ্যৰে গঠিত 'গ্লোবেল ইকোনোমিকেল প্ৰগ্ৰেছ এণ্ড ৰিচাৰ্জ এছোছিয়েশন' নামৰ খ্যাতিসম্পন্ন সংস্থাটিৱে। সংস্থাটোৱে 'ব্যক্তিগত অৱদানেৰে ৰাষ্ট্ৰীয় অৰ্থনীতিত বিকাশ' ঘটোৱা কিছুমান সফলকামী কৃতী ব্যক্তি লৈ অহা ২৩ জুনত লোক সেৱা দিৱসৰ উপলক্ষে চেন্নাইৰ হোটেল চন্দ্ৰা পাৰ্কত হ'বলগা আড়ম্বৰপূৰ্ণ অধিৱেশনত আগবঢ়াব এই বঁটা। বঁটাত আছে সোণৰ পদক, একোটাকৈ ট্ৰফী আৰু সম্বৰ্ধনা পত্ৰ। 

উল্লেখযোগ্য যে বিশিষ্ট সমাজ সেৱক, প্ৰৱন্ধকাৰ, লেখক, বিশিষ্ট কেৰিয়াৰ পৰামৰ্শদাতা ইঞ্জিনীয়াৰ তাছেৰ আলী  শ্বেখ কোকৰাঝাৰ জিলাৰ গোসাঁইগাওঁ মহকুমাৰ অন্তৰ্গত ১ নং শিমুলটাপু গাঁৱৰ বাসিন্দা নুৰ হোসেন শেখ আৰু বাতাসী বিবিৰ তৃতীয় পুত্ৰ। তেওঁ বৰ্তমানে অৰুণাচল প্ৰদেশৰ নিৰজুলিস্থিত নৰ্থ-ইষ্ট ৰেজিওনেল ইনষ্টিটিউট অৱ ছায়েঞ্চ এণ্ড টেকনোলজি, চমুকৈ নেৰিষ্ট'ৰ ইলেক্ট্ৰনিক্ছ এণ্ড কমিউনিকেশন ইঞ্জিনীয়াৰিং বিভাগৰ ভিশভেশভাৰায়া পিএইচডি গৱেষক হিচাপে কৰ্মৰত। ইঞ্জিনীয়াৰ শ্বেখৰ এনে সাফল্যত গোঁসাইগাওঁ নৱ জীবন উন্নয়ণ মঞ্চ - গুনজুম, গোঁসাইগাওঁ সাহিত্য মঞ্চ, আমছু আদিকে ধৰি বিভিন্ন দল-সংগঠনে তেওঁক আন্তৰিক অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰিছে।

No comments:

Post a Comment

SPONSORED