কোকৰাঝাৰ : অসম তথা বি টি এ ডিৰ বাবে গৌৰৱৰ লগতে আনন্দ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে কোকৰাঝাৰৰ এগৰাকী মহিলাই। তেওঁ হ’ল কোকৰাঝাৰ সুভাষপুল্লীৰ এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী বিকাশ বট্ৰাৰ পত্নী নবনিতা বট্ৰা। জুন মাহৰ ৩ তাৰিখে দিল্লীৰ "অচিন প্যাৰ্ল"ত ভাইৰাছ ফিল্ম ইন্টাৰটেন্টমেন্টে কেম অন প্ৰডাকচনৰ সহযোগত আয়োজিত " নেচনেল আইকন এৱাৰ্ড 2018" এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফেশ্বন শ্ব প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি নবনিতা বট্ৰাই " মিছেছ ইণ্ডিয়া " উপাধিৰে ফেশ্বন প্ৰতিযোগিতাৰ বিজয়ী খিতাপ অৰ্জন কৰি বি টি এ ডি আৰু অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
কোকৰাঝাৰ চহৰৰ বহু সম্ভাৱনাময় মহিলাগৰাকীয়ে ফেশ্বন জগতত নিজৰ নাম উজ্বলাবলৈ সমৰ্থ হোৱাৰ আঁৰত নিজ স্বামী বিকাশ বট্ৰাৰ অহৰহ সহায় লাভ কৰা বুলি কৃতজ্ঞতা জ্ঞাপন কৰে। ৩৫ বছৰীয়া মহিলা গৰাকীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অসমৰ হৈ প্ৰতিদ্বন্দিতা কৰি বিজয়ী খিতাপ দখল কৰিবলৈ সক্ষম হোৱাত কোকৰাঝাৰত আনন্দৰ জোৱাৰ উঠে। বিজয়ী হোৱাত উৎফুল্লিত হৈ পৰিছে নবনিতা আৰু পৰিয়ালবৰ্গ। সাংবাদিকৰ আগত নবনিতাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সপোন আছে বুলিও প্ৰকাশ কৰিছে। নবনিতা বট্ৰাই ইতিমধ্যে ২০১৭ চনত অনুষ্ঠিত মিছেছ ফেশ্বন ডিভা ২০১৭, সৌন্দৰ্য প্ৰতিযোগিতাত বিজয়ী হোৱা উপৰিও গুৱাহাটীৰ কিৰণ শ্ৰী গ্ৰ্যেন হোটেলত অনুষ্ঠিত " " নৰ্থ ইষ্ট ইণ্ডিয়া ফেশ্বন উইক " আৰু " ব্যাটিক্ৰম মাস্ডো ফ্ৰেজেন্টচ্"ৰ "প্ৰি বিহু চেলীব্ৰেচন" আদি সৌন্দৰ্য প্ৰতিযোগিতা সমূহত অংশগ্ৰহণ কৰি বিশেষকৈ বি টি এ ডি তথা কোকৰাঝাৰলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
No comments:
Post a Comment