তামাৰহাট : সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন তামাৰহাট আঞ্চলিক আমছুৱে প্ৰতি বছৰে হাই স্কুল,হাই মাদ্ৰাছা স্কুল আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী আৰু অৱসৰপ্ৰাপ্ত শিক্ষক সকলক সম্বৰ্দ্ধনা জনোৱাৰ সমান্তৰাল ভাৱে এইবেলিও এক বৰ্ণাঢ্য কাৰ্যসূচীৰে তামাৰহাট থানাৰ অন্তৰ্গত বৃহৎ অঞ্চলটো কৃতি ছাত্ৰ-ছাত্ৰী আৰু অৱসৰপ্ৰাপ্ত শিক্ষকসকলক সম্বৰ্দ্ধনা দিয়াৰ বাবে ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে। জানিব পৰা মতে ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত হাতিধুৰা উন্নয়ন খণ্ড প্ৰাংগনত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ ধুবুৰী জিলা সমিতিৰ সহযোগত আৰু তামাৰহাট আঞ্চলিক সমিতি আমছুৰ উদ্যোগত এক বৰ্নাঢ্য কাৰ্যসূচীৰে ৮তম সম্বৰ্দ্ধনা সভা আৰু সাংস্কৃতিক সন্ধিয়া অনুষ্ঠান অনুষ্ঠিত কৰাৰ ব্যাপক প্ৰস্তুতি চলিছে। অভ্যৰ্থনা সমিতি খনৰ সভাপতি জাহাঙ্গীৰ ঢালি,মহিদুল ইছলাম (ৰাজু) আৰু সম্পাদক ছাইফুৰ ৰহমান, ছাব্বিৰ হোসেন প্ৰধানী জনোৱা মতে, জুন মাহৰ ১৮ তাৰিখত অনুষ্ঠিত হবলগীয়া অনুষ্ঠানটিত অইন অইন বছৰৰ দৰে এইবেলিও হাই স্কুল,হাই মাদ্ৰাছা স্কুল আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা প্ৰতিজন ছাত্ৰ ছাত্ৰীকে সম্বৰ্দ্ধনা পৰ্বত সামৰি লোৱাৰ কথা সদৰি কৰিছে। পুৱা ৭ বজাত পতাকা উত্তোলনেৰে অনুষ্ঠানটোৰ শুভাৰম্ভ কৰা হৈছে৷ তামাৰহাট আঞ্চলিকে প্ৰস্তুতি চলোৱা সম্বৰ্দ্ধনা সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব কেন্দ্ৰীয় সমিতি আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰ। আনহাতে আমন্ত্ৰিত অতিথি হিচাপে থাকিব কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি ৰফিকুল ইছলাম, কোকৰাঝাৰ জিলা সমিতি আমছুৰ সভাপতি মাফুজ হোসেন, ধুবুৰী জিলা সমিতিৰ সভাপতি আব্দুল বাতেন সেখ আৰু লগতে বিভিন্ন পদত থকা আমছুৰ কৰ্মী বৃন্দ।হাই স্কুল,হাই মাদ্ৰাছা স্কুল আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সু্খ্যাতিৰে কৃতিত্ব অৰ্জন কৰি অঞ্চল খনলৈ সুনাম কঢ়িয়াই অনা প্ৰতিজন ছাত্ৰ ছাত্ৰীক গোলকগঞ্জ ৰাজহ চক্ৰ বিষয়া চয়নিকা ঠাকুৰীয়াই সম্বৰ্দ্ধনা জ্ঞ্যাপন কৰাৰ সমান্তৰাল ভাৱে কেন্দ্ৰীয় সমিতি আমছুৰ সভাপতি গৰাকীয়ে নিজ হাতেৰে অৱসৰপ্ৰাপ্ত শিক্ষক সকলক বিশেষ বঁটাৰে সম্বৰ্দ্ধনা জ্ঞ্যাপন কৰিব বুলি জানিব পৰা গৈছে। ইয়াৰ উপৰিও কাৰ্যসূচী খনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব , ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়া, বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰি,২৮ নং গোসাই গাওঁ বিধানসভা সমষ্টিৰ বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰী,২৫ নং গোলকগঞ্জ বিধানসভা সমষ্টিৰ বিধায়ক অশ্বিনী ৰায় সৰকাৰ ,২৫ নং গোলকগঞ্জ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক আবুতাহেৰ বেপাৰী, হাতীধুৰা উন্নয়ন খন্ডৰ জিলা পৰিষদ সদস্য খাইৰুল আলম মিঞা, গাওঁ বুঢ়া হিচাপে উপস্থিত থাকিব তামাৰহাটৰ মাঙ্গিলাল মালু,হাতীধুৰা অক্সিগুৰীৰ বিশিষ্ট সমাজ সেৱক খাইৰুল আনাম খন্দকাৰ, সম্বৰ্দ্ধনা সভা খনৰ মুখ্য পৃষ্ঠপোষক হিচাপে উপস্থিত থাকিব তামাৰহাট সজল ফাউণ্ডেশ্যনৰ মূখ্য পৰিচালন সঞ্চালক তথা বিশিষ্ট সমাজ সেৱক সজল সিংহ, হাতীধুৰা কনিষ্ঠ মহাবিদ্যালয়ৰ বিষয় শিক্ষক সৌকত আলী আহমেদ, স্থানীয় , শিক্ষক অভিভাৱক আৰু সমাজ সেৱকে সভাখনত অংশ গ্ৰহণ কৰি শিক্ষা মূলক মুল্যবান ভাষন দান কৰিব বুলি অভ্যৰ্থনা সমিতি খনে সদৰি কৰিছে। আঞ্চলিক সমিতি খনে হাতত লোৱা কাৰ্যসূচী মতে পতাকা উত্তোলন, শ্বহীদ বেদীত মাল্যাৰ্পন, বৃক্ষৰোপণ , সম্বৰ্দ্ধনা পৰ্ব, বিশেষ বঁটা বিতৰণ, মুকলি সভা আদি গোটেই দিনজোৰা কাৰ্যসূচীৰ অন্তত সকলোকে আনন্দ দিয়াৰ বাবে মূকলি হ'ব সাংস্কৃতিক অনুষ্ঠানৰ। আৰু সাংস্কৃতিক অনুষ্ঠানটোৰ শুভাৰম্ভ কৰিব তামাৰহাট আৰক্ষী নিবেশৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দেৱৰাজ কলিতা। উল্লেখ্য যে প্ৰতি বছৰে আমছুৱে গ্ৰহণ কৰি অহা এনে কাৰ্য্যক সকলো ৰাইজ তথা অভিভাৱকে ভূয়সী প্ৰশংসা কৰাৰ লগতে অনাগত দিনত অঞ্চলটোত সকলো জাতি ধৰ্মৰ ছাত্ৰ ছাত্ৰীৰ মাজত শিক্ষাৰ ক্ষেত্ৰত উৎসাহ উদ্দীপনা দ্বিগুন বৃদ্ধি পাব বুলি সচেতন মহলৰ মাজত ব্যাপকভাৱে চৰ্চিত হৈছে।
Responsive Ads Here
Monday, June 18, 2018

তামাৰহাটৰ হাতীধুৰাত কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্দ্ধনা দিয়াৰ বাবে আমছুৰ ব্যাপক প্ৰস্তুতি
Tags
# আঞ্চলিক
Share This

About Sangbad Prahari
আঞ্চলিক
Labels:
আঞ্চলিক
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment