সচিব পর্যায়ত তদন্তৰ পাছত ক্ষতিগ্রস্ত কৃষকে পাব ক্ষতিপূৰণ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

June 18, 2018

সচিব পর্যায়ত তদন্তৰ পাছত ক্ষতিগ্রস্ত কৃষকে পাব ক্ষতিপূৰণ


গুৱাহাটী : ধানত পতান হোৱা বিষয়টো কৃষি বিভাগে গুৰুত্বসহকাৰে গ্রহণ কৰিছে আৰু এই সন্দর্ভত সচিব পর্যায়ত কৰা তদন্তৰ প্রতিবেদন হাতত পৰাৰ লগে লগে এই প্রতিবেদনৰ ওপৰত ভিত্তি কৰি পতান হোৱা কৃষকক কেনেদৰে সকাহ দিব পৰা যায় সেই সন্দর্ভত ব্যৱস্থা গ্রহণ কৰিব কৃষি বিভাগে৷
আজি হাজো অঞ্চলৰ ৰাজাবজাৰ, আধিয়াৰপাৰা, কলিতাকুছি আদি বিভিন্ন অঞ্চলৰ পথাৰ পৰিভ্রমণ কৰি কৃষি মন্ত্রী অতুল বৰাই এই মন্তব্য কৰিছে৷ উল্লেখযোগ্য যে ‘সহভাগী’ নামৰ প্রদর্শনমূলক খেতিৰ জৰিয়তে ৰাজ্যখনৰ বিভিন্ন জিলাত বিভাগে হিতাধিকাৰীৰ মাজত বিতৰণ কৰা ধান খেতিত কেইখনমান জিলাৰ কিছুসংখ্যক পথাৰত পতান হোৱাৰ খবৰ লাভ কৰাৰ লগে লগে কৃষি মন্ত্রী বৰাই এই বিষয়টো গুৰুত্ব সহকাৰে গ্রহণ কৰি কৃষি বিভাগৰ সচিব তথা অসম গ্রাম্য আন্তঃগাঁথনি আৰু কৃষি সেৱা সমিতিৰ ৰাজ্যিক প্রকল্প সঞ্চালক বিনোদ চেছানক বিষয়টো তদন্ত কৰি প্রতিবেদন দাখিলৰ নির্দেশ দিয়ে৷
পতানৰ বাবে ক্ষতিৰ সন্মুখীন হোৱা ৰাজাবজাৰ, আধিয়াৰপাৰা, কলিতাকুছি আদি অঞ্চলৰ কৃষকসকলক লগ ধৰি মন্ত্রী বৰাই কৃষক ৰাইজে যাতে ভৱিষ্যতলৈ এনে অনাকাংক্ষিত পৰিস্থিতিৰ মুখামুখি হ’বলগীয়া নহয় তাৰ ওপৰত বিভাগে সতর্ক দৃষ্টি ৰাখিব বুলি জনোৱাৰ লগতে এই সন্দর্ভত প্রকৃত দোষীক উপযুক্ত শান্তি প্রদান কৰা হ’ব বুলি ঘোষণা কৰে৷
ৰাজাবজাৰ অঞ্চলৰ কৃষক মছলিব আলী, বাহাদুৰ ইছলাম ঠাকুৰীয়া, জলিল আলী, নজৰুল ইছলাম, চামচুল হক, দেৱান ৰাতুল আলী আদিকে ধৰি অঞ্চলটোৰ বিভিন্ন কৃষকে কৃষি মন্ত্রীক তেওঁলোকৰ ধানত পতান হোৱাৰ সন্দর্ভত কোৱাৰ লগতে এই খেতিৰ পৰা ৫০ শতাংশ উৎপাদন লাভ কৰাৰ বিষয়ে প্রকাশ কৰে৷ অকল সহভাগী নাম ধানৰ জাতটোতহে পতান হোৱা বুলি কৈ গোলাম নবী আজাদ নামৰ কৃষক এজনে এই পতান হোৱা খেতিৰ পৰা প্রতি বিঘাত ১০ মোনলৈ উৎপাদন লাভ কৰা বুলি প্রকাশ কৰে৷
আনহাতে ৰাজাবজাৰ অঞ্চলৰ নজৰুল ইছলামকে ধৰি আন বহুতো কৃষকে গ্রীষ্মকালীন ধান হিচাপে খেতি কৰিবলৈ কৃষি বিভাগে যোগান ধৰা বর্ণসংকৰ ধানৰ বীজৰ পৰা প্রতি বিঘাত ৩০-৩৫ মোনকৈ উৎপাদন লাভ কৰিব বুলি কৃষি মন্ত্রীজনক জনায়৷ বৃহত্তৰ অঞ্চলটোৰ ৰাইজে কৃষি মন্ত্রী বৰাই নিজে পথাৰত নামি ধান খেতি চোৱাৰ বাবে সন্তোষ প্রকাশ কৰাৰ লগতে কৃষি মন্ত্রীক ধন্যবাদ জনায়৷
উল্লেখযোগ্য যে ফিলিপাইনছৰ মেনিলাত থকা আন্তর্তিক ধান গৱেষণা কেন্দ্রই উদ্ভাৱন কৰা সহভাগী নামৰ জাতটোৰ খেতি কৰি নগাঁও জিলাত প্রতি হেক্টৰত ৬.৮ মেট্রিকটন, মাজুলী জিলাত ৫.০-৬.০ মেট্রিকটন, নলবাৰীত ৫.৪ মেট্রিকটন, গোলাঘাট জিলাত ৬.০ মেট্রিকটন, চৰাইদেউ জিলাত ৩.৬ মেট্রিকটন, কৰিমগঞ্জ জিলাত ৩.৯ মেট্রিকটন, শিৱসাগৰ জিলাত ৪.২ মেট্রিকটন, কাছাৰত ৫.৪ মেট্রিকটন, দৰং জিলাত ৪.৫-৫.০ মেট্রিকটন, গোৱালপাৰা জিলাত ৬.০ মেট্রিকটন, ধুবুৰী জিলাত ৬.০ মেট্রিকটন উৎপাদন লাভ কৰিছে৷
এই উৎপাদন জিলা কৃষি বিষয়াসকলে ধান কটাৰ লগে লগে পথাৰত কৰা ক্রপ কাটিং পৰীক্ষাৰ ওপৰত ভিত্তি কৰি প্রকাশ কৰা বুলি কৃষি তথ্য প্রচাৰ শাখাই জনাইছে৷ কৃষি মন্ত্রী বৰাই আজি হাজোৰ কুলহাটীৰ প্রভাত দাস নামৰ অগ্রণী কৃষকগৰাকীৰ অর্কিড, ৰজনীগন্ধা আৰু নার্জী ফুলৰ খেতিও পৰিদর্শন কৰে৷ কৃষি মন্ত্রীক ভ্রমণ কালত কৃষি সচিব বিনোদ চেছান, জিলা কৃষি বিষয়া ইমদাদ হুছেইন, মহকুমা কৃষি বিষয়া কৈলাস বর্মন আদি উপস্থিত আছিল৷

No comments:

Post a Comment

SPONSORED