গোসাঁইগাঁও : বি টি চিৰ ২ নং গুমা পৰিষদীয় সমষ্টিৰ সদস্য মোমিনুৰ ইছলামে বি পি এফ ত্যাগ কৰা ঘটনাই সমগ্ৰ জিলাতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত তথা বি টি চিৰ ২ নং গুমা সমষ্টিৰ নিৰ্বাচিত সদস্যগৰাকীয়ে বুধবাৰে আনুষ্ঠানিকভাবে বি পি এফ ত্যাগ কৰি দলৰ শীৰ্ষ নেতৃত্বলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে৷ ২০১৫ চনত মৌলানা বদৰুদ্দিন নেতৃত্বাধীন এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী হৈ বিটিচিৰ ২ নং গুমা সমষ্টিৰ পৰা নিৰ্বাচনত জয়ী হোৱাৰ পিছতে কালক্ৰমত হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বি পি এফত সদল-বলে যোগদান কৰিছিল৷ কিন্তু বি পি এফত যোগদান কৰিলেও দলৰ কাম-কাজত যেন এলাগী হোৱা মোমিনুৰে এতিয়া পুনৰ বি পি এফৰ পৰা অব্যাহতি লোৱাৰ সকলো প্ৰস্তুতি সম্পুৰ্ণ কৰি তুলিছে৷
বি টি চিত শাসনাধিষ্ঠ হাগ্ৰামা মহিলাৰী নেতৃত্বৰ প্ৰতি থকা আস্থা আৰু বিশ্বাসৰ ফলশ্ৰুতিত একেবাৰতে চাৰিগৰাকীকৈ এ আই ইউ ডি এফৰ এম চি এল এ বি পি এফলৈ গমন কৰাৰ যেন বহুপৰ নালাগিল মোহভংগ হ’বলৈ৷ মাত্ৰ দুটা বছৰৰ তিক্ততাই বিতুষ্ট কৰি তোলা মোমিনুৰে দল ত্যাগ কৰি ইতিমধ্যে জিলা সমিতিলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে৷
বিগত সময়ত এগৰাকী নিষ্ঠাবান কৰ্মী হিচাপে সেৱা আগবঢ়াই আহিলেও কিছু-কিছু ক্ষেত্ৰত দলৰ প্ৰতি থকা আস্থা আৰু বিশ্বাসত ঘুনে ধৰিবলৈ আৰম্ভ কৰে৷
উল্লেখ্য যে এই সকলৰ নেতৃত্বতে বি টি চিত সংখ্যালঘু সম্প্ৰদায়ৰ ভেটি মজবুত কৰিবলৈ বি পি এফৰ সংখ্যালঘু কোষ গঠনত আগভাগ লৈছিল৷ বিপিএফৰ সংখ্যালঘু কোষৰ সম্পাদকৰ উপৰি জিলা বি পি এফৰ সম্পাদক দায়িত্ব আদিও লাভ কৰিছিল যদিও সমষ্টি উন্নয়নত তেনে কোনো গুৰুত্ব পোৱা নাছিল এই গৰাকী পৰিষদীয় সদস্য মোমিনুৰে৷
আনহাতে সমষ্টি ভিত্তিক টি চি এল চি চিৰ সভাপতিৰ দৰে গুৰুত্বপুৰ্ণ পদৰ পৰাও যেন বহু দুৰত অৱস্থান কৰিছিল৷ বহু আশা আৰু প্ৰত্যাশা লৈ বি পি এফত চামিল হৈও যেন উন্নয়নৰ ক্ষেত্ৰত শূন্য৷ বিটিচিত বি পি এফৰ দলত গৈও সমষ্টিত উন্নয়নৰ কোনো ভুমিকা লব নোৱাৰা হাগ্ৰামা মহিলাৰীৰ প্ৰতি বিতশ্ৰাদ্ধ মোমিনুৰ ইছলামৰ মতে বিটিচি চীফ হাগ্ৰামা মহিলাৰীয়ে দিয়া প্ৰতিশ্ৰতি ভংগ কৰাৰ উপৰি কোনো গুৰুত্ব নিদিয়াত সমষ্টিবাসীৰ ওচৰত সদায়ে ককৰ্থনাৰ সন্মুখীন হৈ অহাৰ লগতে তেখেতৰ অনুগামীসকলেও সমষ্টিত দলৰ পৰা উন্নয়নৰ নামত একোৱেই লাভ নকৰিলে৷যাৰ শেষ পৰিণতি দল ত্যাগ কৰা ঘটনাই এক আলোড়নৰ সৃষ্টি কৰিছে৷
No comments:
Post a Comment