বৰপেটাৰ প্রাক্তন বিধায়ক আব্দুৰ ৰহিম খানক ফেচবুকত হত্যাৰ ভাবুকি দিয়া যুৱক ৰঙা ঘৰৰ আলহী - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Tuesday, June 19, 2018

বৰপেটাৰ প্রাক্তন বিধায়ক আব্দুৰ ৰহিম খানক ফেচবুকত হত্যাৰ ভাবুকি দিয়া যুৱক ৰঙা ঘৰৰ আলহী

বৰপেটা : ফেচবুক যােগে বৰপেটা বিধানসভা সমষ্টিৰ প্রাক্তন বিধায়ক তথা বর্তমানৰ কংগ্ৰেছ নেতা আব্দুৰ ৰহিম খানক হত্যাৰ ভাবুকি দিয়া যুৱক এজনক সোমবাৰে নিশা হাউলী আৰক্ষীয়ে আটক কৰে। আটক কৰা যুৱকজন হাউলীৰ কাৱৈমাৰীৰ হাফিজুৰ ৰহমান বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, যােৱা ৯ জুনত বিজেপি চৰকাৰৰ বিৰুদ্ধে হাউলীত কংগ্ৰেছ দলৰ নেতা-কর্মীসকলে এক প্রতিবাদী কাৰ্যসূচী গ্রহণ কৰিছিল। এই প্রতিবাদী কাৰ্যসূচীৰ পিচতে প্রাক্তন বিধায়ক আব্দুৰ ৰহিম খানে ফেচবুকত এই বিষয়ত এটা পােষ্ট দিছিল। ফেচবুকত দিয়া এই পােষ্টটোৰ বিপৰীতে যােৱা ১০ জুনত হাফিজুৰ ৰহমান নামৰ যুৱক এজনে ‘ভাগ্য বেয়া মই সমর্থন নকৰো, মই ৰহিম খানক হত্যা কৰিম, ৰহিম খানক ঘৃণা কৰাে, ৰহিম খান মুর্দাবাদ’ বুলি আন এটা পােষ্ট দিছিল।
যুৱক গৰাকীৰ এই মন্তব্য দৃষ্টিগােচৰ হােৱাৰ পিচত কংগ্ৰেছ নেতা-কর্মীসকলে প্রাক্তন বিধায়ক আব্দুৰ ৰহিম খানক অৱগত কৰে। পিচত বিধায়কগৰাকীয়ে যােৱা ১১ জুনত হাউলী আৰক্ষী থানাত যুৱকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।
ইয়াৰ উপৰিও প্রাক্তন বিধায়ক ৰহিম খানে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্রধান, বিশেষ শাখাৰ মহাপৰিদৰ্শক আৰু বৰপেটা জিলাৰ আৰক্ষী অধীক্ষকক বিহিত ব্যৱস্থা গ্রহণ কৰাৰ বাবে লিখিতভাৱে অভিযােগ দাখিল কৰাৰ পিচত ঘটনা সন্দৰ্ভত হাউলী আৰক্ষীয়ে ২৬৮/১৮ নম্বৰত এটা গােচৰ পঞ্জীয়ন কৰি আৰক্ষীয়ে বিষয়টোৰ তদন্ত আৰম্ভ কৰে।
এই ঘটনাই কংগ্ৰেছ মহলত তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰি থকাৰ সময়তে সোমবাৰে হাউলী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পংকজ দাসৰ নেতৃত্বত যােৱা এটি আৰক্ষীৰ দলে নিশা হাউলী কাৱৈমাৰীৰ পৰা ঘটনাৰ সৈতে জড়িত হাফিজুৰ ৰহমান নামৰ যুৱকজনক আটক কৰিবলৈ সক্ষম হয়।
ইতিমধ্যে আটকাধীন হাফিজুৰ ৰহমানে আৰক্ষীৰ জেৰাত প্রাক্তন বিধায়ক ৰহিম খানক হত্যাৰ ভাবুকি দিয়া কথাটো স্বীকাৰ কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিছে। ধৃত হাফিজুৰক আজি বৰপেটাৰ ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে।

No comments:

Post a Comment

SPONSORED