বিজপিক ক্ষুৰধাৰ সমালোচনা ৰিপুন বৰাৰ : কংগ্ৰেছত যোগদান ৫ শতাধিক লোক - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Tuesday, June 19, 2018

বিজপিক ক্ষুৰধাৰ সমালোচনা ৰিপুন বৰাৰ : কংগ্ৰেছত যোগদান ৫ শতাধিক লোক


গুৱাহাটী : আজি ৰাহুল গান্ধীৰ জন্ম দিন৷ সৰ্বভাৰতীয় কংগ্ৰেছৰ সভাপতি যুৱৰাজ ৰাহুল গান্ধীৰ জন্ম দিৱসৰ দিনাই গুৱাহাটীৰ ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰে্ছ কমিটীয়ে এক বিশাল যোগদান সমাৰোহৰ আয়োজন কৰে৷ উক্ত যোগদান সভাত প্ৰাক্তন কৃষক নেতা কমল কুমাৰ মেধি, গাজিউৰ ৰহমানকে ধৰি বিভিন্ন দল-সংগঠনৰ শীৰ্ষ পৰ্যায়ৰ নেতা-কৰ্মীসহ পাঁচ শতাধিক লোকে আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰে৷ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ নেতৃত্বত অনুষ্ঠিত এই যোগদান কাৰ্যসূচীত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, অসম বিধানসভাৰ বিৰোধী দলপতি দেবব্ৰত শইকীয়া প্ৰমূখ্যে অসম প্ৰদেশ কংগ্ৰেছৰ ভালেসংখ্যক ৰথী-মহাৰথীয়ে অংশগ্ৰহণ কৰে৷

১৯ জুন, ২০১৮, কংগ্ৰেছ দলত যোগদান কৰা মুখ্য ব্যক্তিসকলৰ তালিকা
কমল কুমাৰ মেধি
প্রাক্তন সাধাৰণ সম্পাদক, কৃষক মুক্তি সংগ্রাম সমিতি
ৰাকেশ চক্ৰৱৰ্তী
প্রাক্তন প্রতিষ্ঠাপক সাধাৰণ সম্পাদক, ছাত্র মুক্তি সংগ্রাম সমিতি
গাজিউৰ ৰহমান
প্রাক্তন প্রতিষ্ঠাপক সাধাৰণ সম্পাদক, ছাত্র মুক্তি সংগ্রাম সমিতি
প্রভাত দাস পাণিকা
আদিবাসী ছাত্ৰ সন্থাৰ উদালগুৰি জিলাৰ প্ৰাক্তন সভাপতি
কামাল আজাদ
বন্যপ্রাণী বিশেষজ্ঞ
নৰেন চাংমাই
অসম কলেজ শিক্ষক সন্থাৰ চাৰিটা কার্যকালৰ প্ৰাক্তন সভাপতি
পার্থ শৰণীয়া
বিশিষ্ট ব্যৱসায়ী তথা সমাজকর্মী
ডাঃ হাছনুৰ আলী
হোমিও চিকিৎসক তথা ৰাষ্ট্ৰীয় প্রগতি পার্টিৰ প্রাক্তন মুখ্য সচিব
ডাঃ আবু বক্কৰ ছিদ্দিক
চিকিৎসক তথা সমাজকর্মী
ৰাজেন্দ্র মুছাহাৰী
প্রাক্তন মন্ত্রী, অসম
ৰবাৰ্ট নাৰ্জাৰী
এমচিএলএ, বিটিএডি
মমিনুৰ ইছলাম
এমচিএলএ, বিটিএডি
আন্দ্রিয়াছ হাজোৱাৰী
প্রাক্তন বিধায়ক
সজল সিংহ
সজল ফাউণ্ডেচনৰ অধ্যক্ষ তথা এআইইউডিএফৰ যুৱ মৰ্চাৰ প্ৰাক্তন নেতা
মতিউৰ ৰহমান
ঐক্যমঞ্চৰ সংখ্যালঘু নেতা, এবিএমচুৰ প্ৰাক্তন কেন্দ্রীয় নেতা
মিঠু মোদক সিংহ
ভাষিক সংখ্যালঘু নেতা, কোকৰাঝাৰ
বিশ্বজিৎ ব্রহ্ম
ৰাজ্যিক উপসভাপতি, পূর্বাঞ্চল পিপল পার্টি
সুধা ৰায়
সাধাৰণ সম্পাদক, ধুবুৰী জিলা কোঁচ ৰাজবংশী সংগ্রাম সমিতি
আৰু প্রায় শতাধিক পুৰুষ মহিলা



যোগদান কাৰ্যসূচীৰ অন্তত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই এক সংবাদ মেলৰ আয়োজন কৰি বিজেপি জলৰ লগতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ আৰু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে— বিজেপি দলৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ সোমবাৰে সমগ্ৰ দিনটো গুৱাহাটীত এক চৰকাৰী কাৰ্যসূচীত আৰু কেইবাখনাে নির্বাচনী ৰণকৌশল সম্পর্কীয় সভাত সময় কটাই ৰাতিহে নতুন দিল্লীলৈ উভতি গৈছিল। যি সময়ত ৰাজ্যখনত চৰকাৰীভাৱেই ১২ জনকৈ ব্যক্তি এই প্রলয়ংকাৰীৰ বানত মৃত্যু হৈছে, ৰাজ্যখনৰ ৬ খন জিলাৰ ২০ টা ৰাজহ চক্ৰৰ ৭১৯ খন গাঁৱৰ ৬ লাখ লােক এই প্রয়লংকাৰী বানৰ কবলত পৰিছে বুলি ঘােষণা কৰিছে সেই সময়ত দলৰ ৰাষ্ট্ৰীয় সভাপতিজনে বানাক্রান্ত লােকৰ খবৰ ল'বলৈকে আগ্রহ প্রকাশ নকৰাটো অত্যন্ত দুভার্গজনক। এই কথাই পুনৰ প্রমাণ কৰিলে যে মাথােন নির্বাচনৰ সময়ত ভােটৰ স্বাৰ্থতহে বিজেপি দল আৰু ইয়াৰ মুধাফুটা নেতাসকলৰ অসম প্রেমত গদ গদ হৈ পৰে। কিন্তু দুখৰ সময়ত, বিপদৰ সময়ত খবৰ ল'বলৈ আহৰি নহয়।
এই ঘটনাই আকৌ এবাৰ প্ৰমাণ কৰিলে যে বিজেপি দলৰ কেন্দ্রীয় নেতাসকলৰ অসম আৰু অসমীয়াৰ প্রতি প্রকৃত মনােভাৱ কি? আমি অসম প্রদেশ কংগ্ৰেছ কমিটীয়ে অমিত শ্বাহৰ সমগ্র দিন জুৰি নিৰ্বাচনৰ প্রতি লক্ষ্য ৰাখি দলীয় সভাত ব্যস্ত থাকি বানাক্ৰান্তক খবৰ ল'বলৈ নােযােৱা কার্যক তীব্র গৰিহনাৰ যোগ্য। অসমৰ পৰিবৰ্তে গুজৰাটত যদি বানত ইমান সংখ্যক লোেকৰ মৃত্যু হ'লহেতেন তেন্তে মােডী-অমিত শ্বাহ দৌৰি গুজৰাটত উপস্থিত হ'লহেতেন।
তাৰােপৰি পষেকে প্রতি কেন্দ্রীয় মন্ত্রী অসমলৈ আহে বুলি গৌৰৱ কৰি থকা বিজেপি নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰৰ মন্ত্ৰীসকলৰ বান আৰম্ভ হােৱা এক সপ্তাহৰ পাছতাে কোনাে খা-খবৰ নাই কিয়? ক'লৈ গ'ল কেন্দ্রীয় মন্ত্রীসকল? সোমবাৰে অমিত শ্বাহে নিজেই কৈছে যে অসমলৈ যিমানেই দুৰত্ব নহওঁক কিয় প্রধানমন্ত্রী মােডীয়ে কেন্দ্রীয় মন্ত্রীসকলক সঘনাই অসম পৰিভ্ৰমণ কৰি বিকাশৰ পর্যালােচনা কৰিবলৈ নির্দেশ দিছে। কিন্তু দুখৰ বিষয় যে বিকাশৰ পর্যালােচনা (?) কৰিবলৈ অহা মন্ত্রীসকল বছৰটো প্ৰথমটো বানতে সৃষ্টি হােৱা বিনাশৰ বুজ ল’বলৈ এতিয়ালৈকে সময় পােৱা নাই। বৰাক উপত্যকাত এতিয়া বানৰ তাণ্ডৱ চলিছে, তালৈকে নাহে কিয়? কেন্দ্ৰৰ এয়া কেনেধৰণৰ ফোপােলা দায়বদ্ধতা?
অমিত শ্বাহ সোমবাৰে অসমৰ ৰাইজক আভুৱা-ভাৰি কৈছে যে আগতে যিখন ৰাজ্যলৈ ৬/৭ হাজাৰ কোটি আহিছিল সেই ৰাজ্যলৈ এতিয়া ১.৫৫ লাখ কোটি টকা বিকাশৰ বাবে আহিছে। কিন্তু প্রকৃত সত্যটো হ'ল মাথাে বিশেষ ৰাজ্যৰ মৰ্য্যদা হেৰুওৱাৰ বাবেই অসমে বছৰি প্ৰায় বিভিন্ন শিতানত ৬/৭ হাজাৰ কোটি টকা হেৰুৱাবলগীয়াহে হৈছে। এইয়াই হ'ল বিজেপি দলৰ মুখেৰে কোৱা আৰু হাতে কামে বাস্তৱত কৰাৰ মাজত থকা প্রকৃত সত্য। মুখ্যমন্ত্রী সােনােৱালে কৈছে যে বান পৰিস্থিতি মােকাবিলা কৰাৰ বাবে প্রধানমন্ত্রীয়ে আশ্বাস দিছে, গতিকে তেওঁৰ মনােবল বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰীলৈ আমি আহবান জনাইছাে যে আপােনাৰ মনােবল বৃদ্ধি হলেই নহ'ব, বানাক্ৰান্ত ৰাইজৰ মনােবল বৃদ্ধি হ'বলৈ আপােনালােকে কাম কৰক। দলৰ সৰ্বভাৰতীয় সভাপতিক লৈ খােদ গুৱাহাটীত ৪/৫ খনকৈ নির্বাচনী ৰণকৌশল গ্রহণৰ সভা কৰাৰ লগতে বানাক্ৰান্তৰ দুখ-দুর্দশা আৰু ক্ষয়-ক্ষতি বুজ ল’বলৈ সভাপতিজনক বানপীড়িত আৰু গৰাখহনীয়া আক্রান্ত অঞ্চললৈ নিব পাৰিব লাগিছিল। এইয়া আওকনীয়া মনােভাৱ নে কেন্দ্রীয় নেতৃত্ব বিষয়টো গভীৰতাৰ বিষয়ে উপস্থাপন কৰিব নােৱাৰাৰ দুর্বলতা? প্রধানমন্ত্রীৰ পৰা অসমৰ ৰাইজে মাথো আশ্বাস আৰু ঘােষণা বিচৰা নাই, তাৰ পৰিবর্তে বিচাৰিছে বাস্তৱ ৰূপায়ণ।
২০১৭ৰ ১ আগষ্টত খানাপাৰা প্ৰশাসনীয় মহাবিদ্যালয়ত এক বান পর্যালােচনা সভাত প্রধানমন্ত্রীয়ে বান প্ৰতিৰােধৰ বাবে ২০০০ কোটি টকাৰ পেকেজ ঘােষণা কৰিছিল। এই পেকেজৰ ভিতৰত বানত ক্ষতি হােৱা পথ, দলং, ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি বিভিন্ন আন্ত:গাঁথনিৰ বাবে প্রায় ১২০০ কোটি টকা ধার্য কৰা হৈছিল। কিন্তু সংবাদ মাধ্যমত প্রকাশ কৰা তথ্য মতে অসমে এই পেকেজৰ পৰা আজি পৰ্য্যন্ত ৪০ কোটিহে লাভ কৰিছে। তাৰােপৰি, ব্ৰহ্মপুত্ৰৰ জলপথ সুচলৰ বাবে ৪০০ কোটি টকা ধার্য্য কৰা হৈছিল, কিন্তু এই কামমা হােৱা নাই। ব্রহ্মপুত্র খনন কৰি এক্সপ্ৰেছ হাইৱে নির্মাণ দুৰৰে কথা। ১০০ কোটি টকা ধার্য্য কৰি ব্ৰহ্মপুত্ৰ অৱবাহিকা অধ্যয়নৰ বাবে এক বিশেষজ্ঞ কমিটীৰ গঠনৰ কথা কৈছিল। তথ্য অনুসৰি কমিটী গঠন হৈছে কিন্তু কোনাে কামেই আগবঢ়া নাই। প্রধানমন্ত্রী আৰু কেন্দ্রীয় চৰকাৰে মাথাে ৰাজ্যখনৰ পাপ্য এছ.ডি.আৰ.এফ ৰ অলপমান পুঁজি মুকলি কৰি দি দায়িত্ব সামৰিলে নহ'ব। প্ৰকৃতাৰ্থত ঘােষণাসমূহ বাস্তৱত ৰূপায়ণ কৰক। সােনােৱাল চৰকাৰে সমাজৰ পৰা অন্ধবিশ্বাস দুৰ কৰিবলৈ পদক্ষেপ লােৱাৰ কথা কয়, কিন্তু চৰকাৰখনে নিজেই যােৱাকালি ভূমিপূজন কৰি কিহৰ ইংগিত দিছে বুলি সংবাদমেলত সদৰি কৰে৷

No comments:

Post a Comment

SPONSORED