বৰপেটা : কিছুদিন পুৰ্বে কাৰ্বি আংলঙত ‘সোপাধৰা’ অন্ধবিশ্বাসৰ বলি হৈ মৃত্যুক আঁকোৱালি লোৱা নিলোৎপল দাস আৰু অভিজিৎ নাথক হত্যাৰ উচিত ন্যায় বিচাৰি বৰপেটা জিলাৰ কয়াকুছি বজাৰ তিনিআলিত মঙলবাৰে সন্ধিয়া মৌন প্ৰতিবাদ আৰু শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী ৰূপায়ন কৰে৷ কয়াকুছি শাখা সাহিত্য সভা, শংকৰ -আজান ৰুৰেল ডেভেলপ্টমেন্ট ছ'চাইটী, মাছৰ (MASS) বৰপেটা জিলা সমিতি, কয়াকুছি মহাবিদ্যালয়ৰ এন, এচ, এচ ইউনিট, স্বপ্না মহিলা সমিতি, কয়াকুছি সমন্বয় সাহিত্য গোষ্ঠী, আমছুৰ কয়াকুছি আঞ্চলিক সমিতি আৰু আউডছুৰ বৰপেটা জিলা সমিতিৰ উদ্যোগত আয়োজিত মৌন প্ৰতিবাদ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সমন্বয়ৰ মূখ্য সম্পাদক ছাহেদ আলী আহমেদৰ সৈতে সাহিত্য সভাৰ ছিদ্দিকুৰ ৰহমান, শংকৰ-আজানৰ আব্দুল জলিল, আমছুৰ মহম্মদ তোতা মিয়া, এন, এচ এচৰ হান্নান আলী আহমেদ, স্বপ্নাৰ মমতাজ জাহান তালুকদাৰ, আউডছুৰ ৰহিম বাদশা, বামপন্থী নেতা পিয়াৰুল ইছলাম, আপৰ ফাৰুক খান, ষ্টুডেন্টচ বুক ষ্টলৰ মোস্বাৰফ হুছেইনকে আদি কৰি বহুতো গন্য -মান ব্যক্তি উপস্থিত থাকে।
Responsive Ads Here
Tuesday, June 19, 2018

নীলোৎপল দাস আৰু অভিজিৎ নাথৰ হত্যাৰ ন্যায় বিচাৰি কয়াকুছিত মৌন প্ৰতিবাদ আৰু শ্ৰদ্ধাঞ্জলি
Tags
# আঞ্চলিক
Share This

About Sangbad Prahari
আঞ্চলিক
Labels:
আঞ্চলিক
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment