বৈবাহিক পৰম্পৰাৰে সম্পন্ন দুজোপা গছৰ বিবাহ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

June 30, 2018

বৈবাহিক পৰম্পৰাৰে সম্পন্ন দুজোপা গছৰ বিবাহ



মৰাণৰ পৰা যুগান্ত দিহিঙীয়াৰ সংবাদ:
চৰাইদেউ জিলাৰ মৰাণৰ সমীপৱৰ্তী চেঁচাপুখুৰী গাঁৱত শনিবাৰে একেলগে সম্পন্ন হয় দুখনকৈ অগতানুগতিক বিবাহ৷ গাঁৱৰ সকলো ৰাইজে একত্ৰিত হৈ বৈবাহিক পৰম্পৰাৰে সম্পন্ন কৰে দুজোপা গছৰ বিবাহ৷ এই বিবাহক লৈ গাঁওখনত পৰিলক্ষিত হয় উৎসৱমুখৰ পৰিবেশ৷
এজোপা বৰগছৰ দুবৰিৰ সৈতে আৰু এজোপা আহঁতগছৰ তুলসীৰ সৈতে সম্পন্ন কৰা হয় এই বিবাহ৷ সম্পূৰ্ণ বৈবাহিক পৰম্পৰা, পুৰোহিতৰ মন্ত্ৰধ্বনিৰ মাজেৰে সম্পন্ন বিবাহ অনুষ্ঠান৷ চেঁচাপুখুৰী গাঁৱত উখল-মাখল পৰিবেশ৷
অবিশ্বাস্য হ’লেও ৰাইজৰ ধৰ্মীয় বিশ্বাস অনুসৰি বৈদিক পৰম্পৰাৰ মাজেৰে সম্পন্ন কৰা হৈছে বিবাহখন৷ অঞ্চলটোৰ ৰাইজৰ বিশ্বাস বৃক্ষৰ মাজত সম্পন্ন হোৱা এই বিবাহে গাঁৱখনৰ পৰা অপায়-অমংগল দূৰ কৰাৰ লগতে গাঁওবাসীৰ মাজত দেখা দিয়া বিপদ-বিঘিনী, মাৰি-মৰক দূৰ কৰিব৷ বিবাহ সম্পন্ন হোৱা বৰগছজোপাক ভগৱান শিৱ আৰু দুবৰিক পাৰ্বতী তথা আহঁত গছজোপাক বিষ্ণু আৰু তুলসীজোপাক লক্ষী দেৱীৰ সৈতে তুলনা কৰি এই বিবাহ সম্পন্ন কৰা হৈছে৷
তদুপৰি বৃক্ষপূজাৰ এই অনুষ্ঠানৰ জৰিয়তে গছ সংৰক্ষণৰো আহ্বান জনাইছে স্থানীয় ৰাইছে৷ গাঁওখনৰ বাঁহবাৰী প্ৰাথমিক বিদ্যালয়ৰ চৌহদত থকা বৰগছ আৰু আহঁতগছৰ তলত এই বিবাহ অনুষ্ঠান অনুষ্ঠিত কৰা হয়৷ বিবাহক লৈ পুৱাৰে পৰা অঞ্চলটোৰ ৰাইজৰ মাজত দেখা গৈছিল ব্যাপক উৎসাহ-উদ্দীপনা৷ বৈবাহিক ৰীতি-নীতিৰ উপৰিও বিবাহ উপলক্ষে ভোজ-ভাতৰো আয়োজন কৰা পৰিলক্ষিত হয়।

No comments:

Post a Comment

SPONSORED