গৌৰীপুৰত শিক্ষা বিষয়ক ‘জন আন্দোলন’ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

June 30, 2018

গৌৰীপুৰত শিক্ষা বিষয়ক ‘জন আন্দোলন’


গৌৰীপুৰ : গৌৰীপুৰ শ্ৰীমন্ত শংকৰদেৱ এম, ই, স্কুল প্ৰাংগনত গৌৰীপুৰ শিক্ষাখণ্ডৰ উদ্যোগত শিক্ষা বিষয়ক ‘জন আন্দোলন’ শীৰ্ষক এক সভা অনুষ্ঠিত হৈ যায়৷ গৌৰীপুৰ শিক্ষাখণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া আব্দুল কালাম আহেমেদৰ সভাপতিত্বত অনুষ্ঠিত এই সভাখনত সভাৰ উদ্দেশ্য ব্যাখা কৰে চিআৰচি তথা জন আন্দোলৰ সন্পাদক দীলিপ কুমাৰ ৰায়ে৷
সভাখনত উপস্থিত থাকে নীতি আয়োগৰ প্ৰতিনিধি তানিমা নাৰায়ন, সদাশীৱ ৰেড্ডী, জিলা আৰু ব্লক প্ৰাথমিক শিক্ষাবিষয়া প্ৰমুখ্যে অঞ্চলটোৰ শিক্ষাবিদ,প্ৰাক্তন শিক্ষক-শিক্ষয়িএী, বিশিষ্ট নাগৰিকসকল৷
সভাখনত বিভিন্ন বক্তাই নিজ নিজ ভাষণত ধুবুৰী জিলাৰ স্কুলসমূহৰ বিভিন্ন আাসোঁৱাহসমূহ দূৰীকৰনৰ উদ্দ্যেশ্য ভাষন প্ৰদান কৰে৷ সভাখনত গৌৰীপুৰৰ দিহিদাৰ পাৰা এম, ভি, স্কুলৰ সহকাৰী শিক্ষক দীপক বৰা, চৰাঞ্চলৰ ইলছামাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক দীবা শৰ্ম্মা আৰু গৌৰীপুৰ শ্ৰীমন্ত শংকৰদেৱ এম, ই, স্কুলৰ শিক্ষয়িএী স্বপনা কুটুমে স্কুলসমূহৰ বিভিন্ন দিশত লিখা-লিখনিসমূহ সভাখনত উপস্থাপনা কৰি ছাএ-ছাএীসকলৰ আসোঁৱাহবোৰ দূৰ কৰি উন্নত কৰাৰ বাবে প্ৰতিবেদন পাঠ কৰি শুনায়৷
উল্লেখ্য যে এই ক্ষেএভিত্তিক পৰ্যবেক্ষকৰ বাবে গৌৰীপুৰ শিক্ষাখণ্ডৰ ৪০ গৰাকী ক্লাষ্টাৰ, ৫৫০ খন বিদ্যালয়ত ২২০০ গৰাকী শিক্ষক-শিক্ষয়এীক নিয়োগ কৰিছে বুলি জনা যায৷ ইয়াৰ ফলত জিলাখনৰ চৰাঞ্চলৰ চৰকাৰী বিদ্যালয়সমূহৰ বিভন্ন সমস্যা তথা আসোঁৱাহবোৰ শীঘ্ৰে দূৰীকৰণ হ’ব বুলি ভাষণ প্ৰসংগত বাখ্যা কৰে৷

No comments:

Post a Comment

SPONSORED