যোৰহাটৰ পৱন ছেত্রীলৈ নৱম গাৰ্নিয়াৰ মেন মেগা মিষ্টাৰ নৰ্থ ইষ্টৰ খিতাপ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

June 30, 2018

যোৰহাটৰ পৱন ছেত্রীলৈ নৱম গাৰ্নিয়াৰ মেন মেগা মিষ্টাৰ নৰ্থ ইষ্টৰ খিতাপ


আগৰতলাৰ মিত্ৰায়ন দে সৰকাৰ আৰু তেজপুৰৰ হিৰক জ্যোতি কলিতালৈ ক্ৰমে প্ৰথম আৰু দ্বিতীয় ৰাণাৰ্চ আপৰ খিতাপ

গুৱাহাটী : উত্তৰ-পূৱৰ বিভিন্ন স্থানৰ পৰা অহা প্ৰায় ১০০০ গৰাকী দৰ্শকক সাক্ষী কৰি যোৰহাটৰ পৱন ছেত্রীয়ে বহু প্ৰতিক্ষীত তথা উত্তৰ-পূৱ ভাৰতৰ সৰ্ববৃহৎ সুদৰ্শন যুৱকৰ সন্ধান নৱম গাৰ্নিয়াৰ মেন মেগা মিষ্টাৰ নৰ্থ-ইষ্ট ২০১৮ৰ চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে৷ আনহাতে প্ৰতিযোগিতাখনত প্ৰথম আৰু দ্বিতীয় ৰাণাৰ্চ আপৰ খিতাপ অৰ্জন কৰে ক্ৰম আগৰতলাৰ মিত্ৰায়ন দে সৰকাৰ আৰু তেজপুৰৰ হিৰক জ্যোতি কলিতাই৷
উল্লেখ্য যে গুৱাহাটীৰ মাছখোৱাস্থিত আইটিএ সাংস্কৃতিক প্ৰকল্পত আয়োজিত এই প্ৰতিযোগিতাখনৰ প্ৰতিযোগীসকলে চূড়ান্ত পৰ্বত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ মেগা এণ্টাৰটেইণ্টমেণ্টৰ প্ৰতিযোগী সঞ্চালক পিযুষ শৰ্মা আৰু দিপাংকৰ বুড়াগোহাঁইৰ দ্বাৰা আয়োজিত বিশেষ প্ৰশিক্ষণ গ্ৰুমিঙৰ লগতে যাৱতীয় প্ৰস্তুতিৰ বিভিন্ন দিশ চিকুণাই তুলিবলৈ গুৱাহাটীত প্ৰায় এসপ্তাহ ধৰি বাহৰ পাতি আছিল৷ এই মেগা প্ৰতিযোগিত টাইটেল স্পনছ’ৰ গাৰ্নিয়াৰ মেন, হস্পিটালিটী পাৰ্টনাৰ ৰেডিছন ব্লু, ফ্ৰেগৰেন্স পাৰ্টনাৰ এক্স, আছাম ষ্টেট বায়’ডাইভাৰ্চিটী ব’ৰ্ড আৰু আইআইএফটি কলেজে সহযোগিতা আগবঢ়ায়৷
যোৰহাটৰ পৱন ছেত্রী এজন ফিটনেচ প্ৰশিক্ষক। চিকেবি কমাৰ্চ কলেজৰ স্নাতক ডিগ্ৰী অৰ্জন কৰা ২১ বছৰীয়া পৱনে সকলোলৈ তেওঁলোকৰ সহযোগিতাৰ বাবে ধন্যবাদ জনাই কয় যে— এই খিতাপে তেওঁক নিজৰ সপ্ন পূৰণ কৰাত অনুপ্ৰাণিত কৰিব। পৱনে কয়,"মই এই প্ৰতিযোগীতাৰ বিষয়ে এজন পূ্ৰ্ব বিজেতাৰ পৰা জানিব পাই ভাবিলো যে এবাৰ নিজৰ ভাগ্যৰ পৰিক্ষা কৰি চাওঁ। ভাবিছিলো, এই প্ৰতিযোগীতাৰ পৰা কিছু সুন্দৰ স্মৃতি আৰু অভিজ্ঞতা লৈ যাম। এই প্ৰতিযোগীতাৰ বিজয়ী হ'ম বুলি কেতিয়াও ভাবা নাছিলো। অভিজিত সিনহা, মেগা এন্টাৰটেইনমেন্ট আৰু জুৰীৰ সদস্যসকললৈ মোৰ বিশেষ কৃতজ্ঞতা অৰ্পণ কৰিলো।"
প্ৰথম ৰাণাৰ্চ আপৰ খিতাপ অৰ্জন কৰা আগৰতলাৰ মিত্ৰায়ন দে সৰকাৰ কয় যে— বিচাৰকসকলে তেওঁৰ পৰিশ্ৰম উপলব্ধি কৰা বাবে আনন্দিত। মিত্ৰায়ন এগৰাকী ফ্ৰিলাঞ্চ ভইচ অভাৰ আৰ্টিষ্ট আৰু চলচ্চিত্র নির্মাতা।
তেজপুৰৰ ফিটনেচ প্ৰশিক্ষক হিৰক জ্যোতি কলিতাই নৱম গাৰ্নিয়াৰ মেন মেগা মিষ্টাৰ নৰ্থ ইষ্টৰ দ্বিতীয় ৰানাৰ্চ আপৰ খিতাপ অৰ্জন কৰে। তেওঁ কয়, "মই আনন্দত নিৰ্বাক হৈ পৰিছো। মই ২০১৩ বৰ্ষৰ বিজেতা পিযুষ শৰ্মাৰ পৰা বিশেষভাৱে অনুপ্ৰাণিত হৈছিলো আৰু তেতিয়াৰে পৰা এই প্ৰাতিযোগিতাৰ বাবে প্ৰস্তুতি চলাই আহিছো। অৱশেষত মোৰ কষ্টৰ ফল পালো। এই সুবিধা প্ৰদান কৰা বাবে মই মেগা এন্টাৰ্টেইনমেন্ট আৰু অভিজিত সিনহালৈ মোৰ কৃতজ্ঞতা অৰ্পণ কৰিলো।"
পৱন ছেত্রী নৱম গাৰ্নিয়াৰ মেন মেগা মিষ্টাৰ নৰ্থ ইষ্টৰৰ বিজয়ী হিচাপে লাভ কৰে প্ৰায় পাঁচলাখ টকাৰ পুৰস্কাৰ৷ ইয়াত অন্তৰ্ভুক্ত আছে ১,০০,০০০ টকা নগদ ধনৰ লগতে গাৰ্নিয়াৰৰ পৰা উপহাৰ, ডুবাইলৈ ৰাউণ্ড ট্ৰীপ, এক আন্তৰ্জাতিক স্থানত ফটোশ্বুট, চ্চিজেল দীঘলীপুখুৰীত এবছৰৰ বাবে ফিটনেছ কাউন্সেলিং আৰু সদস্যপদ, ৰং দে বসন্তী আৰবান ধাবাৰ পৰা গিফট্ হেম্পাৰ, আগশাৰীৰ ফেশ্বন ফটোগ্ৰাফাৰ ৰাহুল বিশ্বাসৰ দ্বাৰা প’ৰ্টফলিঅ’ শ্বুট, বিজয়ী বছৰটোৰ বাবে লাইফছ পাৰ্পলৰ পৰা পাবলিক ৰিলেচন আৰু ৰেপুটেশ্যন মেনেজমেণ্ট আৰু ৱান এণ্ড জিৰ’ৰপৰা ডিজিটেল চেলিব্ৰেটী মেনেজমেণ্ট।
সমান্তৰালভাৱে বিজেতাসকলে আইটিএফটি, চণ্ডিগড়ত মিডিয়া এণ্ড এণ্টাৰটেইনমেণ্টৰপৰা তিনি-বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ বাবে জলপাণি আৰু টিআৰআইজি এমপাৱাৰিং ইন্সটিটিউট, গুৱাহাটীৰ পৰা ৬ মাহৰ এভিয়েচন এণ্ড হস্পিটালিটী পাঠ্যক্ৰম লাভ কৰিব।
লগতে বিজয়ীয়ে মেগা এণ্টাৰটেইনমেণ্টৰ দ্বাৰা পেছাদাৰী প্ৰতিনিধিত্ব লাভ কৰিব আৰু এক পেছাদাৰী গ্ৰুমিঙৰ সুবিধা লাভ কৰিব, যাৰদ্বাৰা তেওঁলোকে এই ক্ষেত্ৰখনক পেছা হিচাপে লৈ আগবাঢ়ি যাব পাৰে। তেওঁলোকে আনকি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনীৰ ৰেম্পত খোজ কঢ়াৰ সূযোগ লাভ কৰিব।

No comments:

Post a Comment

SPONSORED