গুৱাহাটী : গুৱাহাটী উজান বজাৰস্থিত আর্থ-সামাজিক উন্নয়ন সংস্থা মুক্তি’ৰ উদ্যোগত যােৱা ২৯ জুনত গােৱালপাৰা জিলাৰ বিকালী মহাবিদ্যালয় প্রেক্ষাগৃহত সদ্যঘােষিত সাহিত্য অকাদেমিৰ বঁটাপ্রাপকসকলৰ এক বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়।শুক্ৰবাৰ এক সংবাদ বিজ্ঞপ্তিত মুক্তি’ৰসম্পাদক জয়ন্ত কুমাৰ ডেকাই জানিবলৈ দিয়া মতে গােৱালপাৰাৰ বিকালী মহাবিদ্যালয়ৰ সহযােগ অনুষ্ঠিত উক্ত অনুষ্ঠানত ২০১৮ বৰ্ষৰ সাহিত্য অকাদেমিৰ যুৱ সাহিত্য বঁটাপ্রাপক বিপাশা বৰা, সাহিত্য অকাদেমিৰ শিশু সাহিত্যৰ অসমীয়া আৰুবড়াে ভাষাৰ বঁটা লাভ কৰা সাহিত্যিকমে যুগললােচন দাস আৰু সীতাৰাম বসুমতাৰীক বিশেষ সম্বর্ধনা জ্ঞাপন কৰা হয়।
মহাবিদ্যালয়ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা সৰস্বতী বন্দনাৰে আৰম্ভ হােৱা অনুষ্ঠানত বন্তিপ্রজ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ড° আল্পনা সৰকাৰ ডেকাই। পাছত ইয়াৰ উপলক্ষে মুক্তি’ৰ নৱনির্বাচিত কার্যকৰী সভাপতি নৰেন্দ্ৰনাথ ডেকাৰ পৌৰােহিত্যত অনুষ্ঠিত মুকলি সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট লেখক কবিঔপন্যাসিক পংকজগােবিন্দ মেধিয়ে কয়—সমাজৰ প্রতি দায়ৱদ্ধতা স্বীকাৰ কৰিয়েই আমি সকলােৱে জীৱন সমাপ্তিৰ অন্তত কিবা এটা দি থৈ যাব পৰাৰ মানসিকতা আমি সৃষ্টি কৰিব লাগিব। সেয়ে মানৱ সমাজৰ মংগলৰ কাৰণেই আমি সকলােৱেই প্রথমতে নিজকে নিজে ভাল পাবলৈ শিকিব লাগিব তেতিয়া নিজে নিজেই আমি সকলাে সকলােৰে প্রতি দায়ৱদ্ধ হৈ পৰিম। উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক দেৱজিৎ বৰা, গােৱালপাৰা জিলা সাহিত্য সভাৰ সভাপতি ড° ইক্বাত আলী, সম্পাদক বাণীকান্ত ৰাভা, শালবাৰী জিলা বড়াে সাহিত্য সভাৰ সম্পাদক ৰাজেন্দ্র বসুমতাৰীকে ধৰি বহুসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে।
বিকালী মহাবিদ্যালয়ৰ অধ্যক্ষা ড° মলিনা দেৱী ৰাভাই আদৰণি ভাষণ দিয়া উক্ত অনুষ্ঠানত সাহিত্য অকাদেমিৰ বঁটাপ্রাপকসকলৰ সৈতে স্থানীয় ছাত্র-ছাত্রীসকলৰ মত বিনিময় অনুষ্ঠানে অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত নিকিতা খাকলাৰীয়ে ভূপেন হাজৰিকাৰ গীত পৰিৱেশন কৰে। উল্লেখ্য, উক্ত অনুষ্ঠানতে সাহিত্য অকাদেমিৰ বঁটাপ্রাপকসকলক শালবাৰী জিলা বড়াে সাহিত্য সভা আৰু বিকালী মহাবিদ্যালয়ৰ তৰফৰ পৰাও সম্বর্ধনা জ্ঞাপন কৰা হয়।
No comments:
Post a Comment