কয়াকুছিত ৰাজনীতিবিদৰ হাতোৰাত বন্দী শিক্ষানুষ্ঠান - SANGBAD PRAHARI

Breaking

Responsive Ads Here

June 4, 2018

কয়াকুছিত ৰাজনীতিবিদৰ হাতোৰাত বন্দী শিক্ষানুষ্ঠান

বিদ্যালয় পৰিচালনা সভাপতিসহ শিক্ষা বিভাগক আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

কয়াকুছি : বৰপেটা জিলাৰ সৰুক্ষেত্ৰী বিধানসবা সমষ্টিৰ প্ৰাণকেন্দ্ৰস্বৰূপ কয়াকুছিৰ এখন শিক্ষানুষ্ঠান ৰাজনীতিবিদৰ হাতোৰাত বন্দী হৈ শৈক্ষিক পৰিৱেশ বিনষ্ট হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ শিক্ষা বিভাগৰ নিয়মাৱলীক অংগুষ্ঠ প্ৰদৰ্শন কৰি নিজ মইমতালিৰে শিক্ষানুষ্ঠান পৰিচালনা কৰা সিক্ষানুষ্ঠানখনৰ পৰিচালনা সমিতিৰ সভাপতি তথা কংগ্ৰেছী নেতাৰ লগতে শিক্ষা বিভাগৰ আন তিনিগৰাকীকৈ শীৰ্ষ বিষয়াৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত এক গোচৰ দাখিল কৰা হয়৷ কয়াকুছিৰ খাবলাৰভিঠা গাঁৱৰ আলফিজুৰ আলমৰ ডাব্লিউ পি (চি)৩৫০২/২০১৮ নম্বৰ গোচৰৰ শুনানিত ন্যায়াধীশ মানস ৰঞ্জন পাঠকৰ আদালতে আজি অভিযুক্ত শিক্ষানুষ্ঠানখনৰ সভাপতি তথা কংগ্ৰেছী নেতা দেলুওৱাৰ হুছেইন, বৰপেটা জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক, উচ্চ শিক্ষাৰ সঞ্চালকক আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়ে৷
উল্লেখ্য যে কয়াকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি দেলুওৱাৰ হুছেইন এগৰাকী কংগ্ৰেছী নেতা৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদকে দেলুওৱাৰ হুছেইনক ২০১৬ চনৰ ১৩ জানুৱাৰী পাকা বেতবাৰী ব্লক কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্তি দিয়ে৷ দেলুওৱাৰ হুছেইনে এগৰাকী কংগ্ৰেছী নেতা তথা ৰাজনৈতিক দলৰ পদবীধাৰী হৈয়ো কেৱল ৰাজনৈতিক শক্তি খটুৱাই একে বৰ্ষৰে ২৭ জুনত কয়াকুছি কয়াকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতিৰ পদ লাভ কৰে৷ সম্পূৰ্ণ নীতি বৰ্হিঃভূতভাৱে দেলুওৱাৰ হুছেইনে এগৰাকী সক্ৰিয় ৰাজনৈতিক হৈয়ো এনেদৰে সিক্ষানুষ্ঠান এখনৰ পৰিচালনা সমিতিৰ সভাপতি হৈ থকা ঘটনাই বিভিন্ন মহলত চৰ্চা লাভ কৰাত ঘটনাটোৰ বিষয়ে বৰপেটা জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক, উচ্চ শিক্ষাৰ সঞ্চালককে ধৰি শিক্ষাৰ বিভাগৰ উৰ্ধতন বিভাগক লিখিতভাৱে অভিযোগ দাখিল কৰা হৈছিল৷ কিন্ত সংশ্লিষ্ট বিভাগে উক্ত অভিযোগত কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰাত শিক্ষানুষ্ঠানখনৰ সভাপতি তথা কংগ্ৰেছী নেতা দেলুওৱাৰ হুছেইন, বৰপেটা জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক, উচ্চ শিক্ষাৰ সঞ্চালকৰ লগতে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত এক গোচৰ ৰুজু কৰা হৈছিল৷

No comments:

Post a Comment

SPONSORED