‘দি বৰপেটাৰোড ক্লাৱ’ৰ উদ্যোগত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

June 3, 2018

‘দি বৰপেটাৰোড ক্লাৱ’ৰ উদ্যোগত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা


বৰপেটাৰোড : প্ৰতিবছৰৰ দৰেই এইবেলিও সদস্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বৰপেটাৰোড পৰীক্ষা কেন্দ্ৰৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতী ছাত্ৰ-ছাত্ৰীসকলক বৰপেটা জিলাৰ বাণিজ্যনগৰীৰ অন্যতম বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থা ‘দি বৰপেটাৰোড ক্লাৱ’ৰ উদ্যোগত সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷ তদুপলক্ষে দেওবাৰে দিনৰ ১১ বজাৰ পৰা দি বৰপেটাৰোড ক্লাৱৰ প্ৰেক্ষাগৃহত এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়৷
ক্লাৱৰ সভাপতি তথা জ্যেষ্ঠ অধিবক্তা, প্ৰাক্তন সাংসদ ডেভিদ লেজাৰৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা উক্ত সম্বৰ্ধনা অনুষ্ঠানৰ জৰিয়তে বৰপেটাৰোডৰ বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা অৱতীৰ্ণ হৈ সদস্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ১৩১ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়৷


ক্লাবৰ সাধাৰণ সম্পাদক অজয় কুমাৰ চৌধুৰীয়ে আঁত ধৰা উক্ত অনুষ্ঠানত বি, এইচ, কলেজৰ প্ৰাক্তন অধ্যক্ষ ৰমেন্দ্ৰ কুমাৰ দাস মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ লগতে সন্মানীয় অতিথি হিচাপে তথ্য আৰু প্ৰযুক্তি ফেকাল্টি তথা বিশিষ্ট লেখিকা পাপৰি বৰাই উপস্থিত থাকি কৃতী ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে৷ অনুষ্ঠানত সম্বৰ্ধনা জ্ঞাপন কৰি একাংশ কৃতী ছাত্ৰ-ছাত্ৰীয়ে ‘দি বৰপেটাৰোড ক্লাৱে’ উদ্যোগ লোৱা এনে অনুষ্ঠানৰ বাবে ক্লাৱৰ এই কাৰ্যক ভূয়সী প্ৰশংসা কৰি নিজৰ মতামত ব্যক্ত কৰে৷



উল্লেখ্য যে সম্বৰ্ধনা অনুষ্ঠানত কৃতী ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জ্ঞাপন কৰাৰ ক্ষেত্ৰত বৰপেটাৰোডৰ অন্যতম ব্যৱসায়িক প্ৰতিষ্ঠান ‘ৰয় অটো ইঞ্জিনিয়াৰিং ওৱাৰ্কচ’ৰ হৈ স্বত্বাধিকাৰী জ্যোতি ৰয় চৌধুৰীয়ে বিশেষভাৱে অৰিহণা যোগায়৷ এই অনুষ্ঠানত ক্লাৱৰ উপ-সভাপতি ডঃ ৰমানন্দ পাঠক, সদস্য হেম উপাধ্যায়, প্ৰাক্তন উপ-সভাপতি তথা প্ৰাক্তন সাধাৰণ সম্পাদক বাবুলাল মোৰ আদি কৰি ক্লাৱৰ সক্ৰিয় সদস্যবৃন্দ প্ৰমূখ্যে বৰপেটাৰোডৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ অভিভাৱক-অভিভাৱিকাই অংশগ্ৰহণ কৰে৷


No comments:

Post a Comment

SPONSORED