কোকৰাঝাৰত কৃতী ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা
কোকৰাঝাৰ : নাগৰিকত্ব সংশোধনী বিধেয়ক হ'ল চৰকাৰ স্বসৃষ্ট এক সমস্যা। যি সময়ত জাতি জনগোষ্ঠীয়ে সমমৰ্যদা, সমঅধিকাৰ আৰু নিজৰ অস্তিত্ব আৰু ৰাজনৈতিক অধিকাৰ বিচাৰি আন্দোলন কৰি আছে তেনে সময়তে চৰকাৰৰ স্বসৃষ্ট সমস্যা নাগৰিকত্ব সংশোধনী বিধেয়ক কিয় আনিলে সেয়া চৰকাৰেও স্পষ্টভাৱে কব পৰা নাই যদিও এই বিধেয়ক আইনত পৰিণত হ'লে ই সকলোৰে বাবে ভাবুকিস্বৰূপ হৈ পৰিব। এই মন্তব্য প্ৰকাশ কৰিছে এবছুৰ সভাপতি প্ৰমোদ বড়োই।
কোকৰাঝাৰত শনিবাৰে অনুষ্ঠিত ইউ এন ব্ৰহ্ম বিদ্যালয়ৰ প্ৰথম স্থান দখল কৰা মেধাৱী ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱা অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকি সংবাদমাধ্যমৰ আগত এবছুৰ সভাপতি প্ৰমোদ বড়োই নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰি এয়া সপোনতো ভাৱিব নোৱাৰা কথা বুলি মন্তব্য কৰিছে। বিধেয়কখন আইনত পৰিণত হলে অনুপ্ৰৱেশকাৰীক লাইচেন্স দিয়াৰ দৰে হব বুলি মন্তব্য কৰি এবছুৰ সভাপতি প্ৰমোদ বড়োই উক্ত বিধেয়ক বাতিলৰ দাবী জনাই জাতি-জনগোষ্ঠীক আত্মমৰ্যদাৰে জীয়াই থকাৰ বাবে হে কাম কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনাইছে।
আনহাতে নিখিল বড়ো ছাত্র সন্থা (এবছু) ই যোৱা ২০০৬ চনৰ পৰাই বড়ো মাধ্যমৰ গুনগত শিক্ষাৰ পৰিবেশ সৃষ্টি কৰা উদ্দেশ্য " শিক্ষাৰ বৰ্ষ " অভিযান লৈ শিক্ষাৰ সজাগতা আৰম্ভ কৰিছিল। আৰম্ভণি বৰ্ষত বড়ো মাধ্যমৰ অধ্যয়ন কৰা ছাত্র- ছাত্ৰীয়ে ২০০৬ চনত মুঠ ৬৬ প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছিল। এনেদৰেই এবছুৰ বিনামূলীয়াকৈ শিক্ষাৰ সজাগতামুলক কাৰ্যপন্তা লৈ অহাৰ ফলত প্ৰতি বছৰে বড়ো মাধ্যমৰ শিক্ষাৰ্থী সকলৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ সংখ্যা বৃদ্ধি পায় আহিছে। এইবেলি অৰ্থাৎ২০১৮ চনত বড়ো মাধ্যমৰ শিক্ষাৰ্থীয়ে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ সংখ্যা মুঠ ১৬০০ কৈও অধিক বৃদ্ধি পাইছে। সামুহিকভাৱে বড়ো মাধ্যমৰ ফলাফল পুৰ্বতকৈ ভাল হৈছে। কিন্তু অসমীয়া মাধ্যমৰ যেনেকৈ বেচৰকাৰী বিদ্যালয়ৰ পৰা গুনগত শিক্ষাৰ্থী ওলাই আহিছে তেনেদৰেই বড়ো মাধ্যমৰ ব্যক্তিগত বিদ্যালয় পৰাহে আগবাঢ়ি আহিছে। কিন্তু চৰকাৰী বিদ্যালয়ৰ ফলাফল সন্তুষ্টজনক নহয়। বড়ো মাধ্যমত বহু সমস্যা আছে। সময়মতে কিতাপ নাপায়, বহু বড়ো মাধ্যমৰ বিদ্যালয়ত ইংৰাজী, বিঞ্জান , গণিত বিষয়ৰ শিক্ষক নাই। অৱসৰপ্ৰাপ্ত হৈ কালি পদত শিক্ষক নিযুক্তি দিয়া নাই। বড়ো মাধ্যমৰ বাবে বিশেষ টেট পতাৰ কথা আছিল যদিও আজিলৈ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু বড়ো মাধ্যমৰ বাবে সুকীয়া সঞ্চালকালয় গঠন কৰা হোৱা, মুঠতে চৰকাৰে বড়ো মাধ্যমক মাহী আইৰ চকুৰে চাই অহা বুলি অভিযোগ তোলে এবছুৰ সভাপতি প্ৰমদ বড়োৱে।
No comments:
Post a Comment