গুৱাহাটী: সমাহাৰ নাট্যগােষ্ঠীয় অতি আনন্দেৰে জনায় যে এইবছৰ ছেপ্টেম্বৰ মাহত “দ্বাদশ বার্ষিক ব্রজনাথ শৰ্মা সোঁৱৰণী আন্তঃৰাজ্যিক নাট সমাৰােহ” খনি অসমৰ লগতে ৰাজ্যৰ বাহিৰৰ বিভিন্ন অপেছাদাৰী নাট্যগােষ্ঠীৰ যােগদানেৰে আযােজন কৰা হ'ব৷ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্রণালয় তথা অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ সহযােগত আযােজিত উক্ত সমাৰােহ খনি অহা ১০ ছেপ্টেম্বৰৰ পৰা গুৱাহাটীৰ জিলা পুথিভঁৰাল পৃষ্কাগৃহত সাতদিনীয়াকৈ অনুষ্ঠিত হ’ব সমাহাৰ নাট্যগােষ্ঠীৰ কাৰ্যালয়ত অনুষ্ঠিত এক সভাত অসমৰ ভ্রাম্যমান নাটৰ পিতৃপুৰুষ প্রয়াত ব্রজনাথ শৰ্মাদেৱৰ সোঁৱৰণত আয়ােজিত উক্ত সমাৰােহৰ উদ্যাপন সমিতিখন গঠন কৰা হয়।
অসমৰ অপেছাদাৰী নাট্যচর্চাৰ ক্ষেত্ৰখনত মাইলৰ খুঁটি ৰূপে পৰিগণিত হােৱা উক্ত মহাসমাৰােহ খনিৰ উদযাপন সমিতিত আন আন সদস্যসকলৰ লগতে উপদেষ্টা হিচাবে আছে গীতিকাৰ কীর্তিকমল ভূঞা, সমাজকর্মী অৱণী সূত্ৰধৰ আৰু উদ্ধৱ কাকতি, সংগীতজ্ঞ বিভূৰঞ্জন চৌধুৰী আৰু প্রবীণ সাংবাদিক বৈকুণ্ঠ গােস্বামীৰ দৰে অসমৰ সাংস্কৃতিক তথা সামাজিক ক্ষেত্ৰখনৰ গণ্যমাণ্য ব্যক্তিসকল। সমাহাৰ নাট্যগােষ্ঠীৰ সভাপতি ললিত শৰ্মাই উদযাপন সমিতিৰ সভাপতি তথা বিশিষ্ট নাট্যব্যক্তিত্ব-চলচ্চিত্র নির্মাতা ড° সীতানাথ লহকৰে সাধাৰণ সম্পাদকৰ দায়িত্ব গ্রহণ কৰে।
প্রতি বছৰৰ দৰে এইবাৰাে নিৰ্ধাৰিত প্রক্রিয়া অনুসৰি নাটৰ গুণগত মানৰ ভিত্তিত বিভিন্ন নাট্যগােষ্ঠী আৰু অনুষ্ঠানক নাট পৰিৱেশন কৰিবলৈ আমন্ত্রণ কৰা হ'ব৷ তাৰবাবে সমাহাৰে ইচ্ছুক দলসমূহৰ পৰা নাটৰ পাণ্ডুলিপি তথা শেহতীয়া প্রদর্শনীৰ চিডি/ডিভিডি নিম্নলিখিত ঠিকনাত ৩০ জুন, ২০১৮ৰ ভিতৰত পােৱাকৈ পঠিয়াবলৈ আহ্বান জনাইছে -
সম্পাদক, সমাহাৰ নাট্যগােষ্ঠী
১৯৫৭, ব্রজনাথ শর্মা পথ শঙ্কৰদেৱ ফিল্ম স্টুডিওৰ ওচৰত
ড০ তাকিৰ হুছেইন ডে হেসেৰাবাৰী, গুৱাহাটী-৭৮১০৩৬
ফোনঃ ৯৪০১৮৮৬২২২
নাট সমাৰােহৰ সবিশেষ তথ্য সমাহাৰ নাট্যগােষ্ঠীৰ ফেচবুক পেজ (Facebook Page) https://www.facebook.com/samahar.natyagosthee/ ত উপলব্ধ হ’ব। সমাহাৰ আশাবাদী যে সমূহ | শুভাকাংশী তখা নাট্যপ্রেমী ৰাইজৰ সহযােগত উক্ত সমাৰােহ সাফল্যমণ্ডিত হ'ব৷
No comments:
Post a Comment