কোকৰাঝাৰৰ এগৰাকী যুৱ বৈজ্ঞানিকে মোবাইল ফোনত আবিষ্কাৰ কৰিলে এটি নতুন প্ৰযুক্তি - SANGBAD PRAHARI

Breaking

Responsive Ads Here

June 18, 2018

কোকৰাঝাৰৰ এগৰাকী যুৱ বৈজ্ঞানিকে মোবাইল ফোনত আবিষ্কাৰ কৰিলে এটি নতুন প্ৰযুক্তি


কোকৰাঝাৰ: মোবাইল ফোনত ভিডিও কলৰ ক্ষেত্ৰত এক যুগান্তকাৰী ডিভাইস আবিষ্কাৰ কৰি সমগ্ৰ বিশ্বত আলোড়ন সৃষ্টি কৰিছে কোকৰাঝাৰ জিলাৰ অন্তৰ্গত গোসাইগাঁও তথা পশ্চিমবংগৰ হলদিয়া ইন্সটিটিউত অফ টেকনোলজি কলেজৰ ছাত্ৰ শুভাশিস কৰে।এই জন কৃতী অসম সন্তানক কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয় প্ৰেক্ষাগৃহত আমন্ত্ৰণ কৰি আনি বিপুল সম্বৰ্দ্ধনা জ্ঞাপন কৰে। মোবাইল ফোনত ভিডিও কলিঙৰ ক্ষেত্ৰত প্ৰচলিত টু ডিক থ্ৰি ডিলৈ ৰূপান্তৰ কৰিবলৈ সক্ষম হোৱা এই গৰাকী অসম সুসন্তান কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও সদৰ চহৰৰ জয়নগৰৰ বাসিন্দা তথা শিক্ষক সুজয় কৰ আৰু ফাল্গুনী কৰৰ সন্তান শুভাশিস কৰ।
শেহতীয়াকৈ মোবাইলত " পোলোফিক্স"(POLOPIX) নামৰ এটা নতুন ডিভাইছ আবিষ্কাৰ কৰি সমগ্ৰ বিশ্ব ব্যাপী এক আলোড়ন সৃষ্টি কৰিছে যুৱ বৈজ্ঞানিকজনে ।উল্লেখ্য যে মোবাইল ফোনত থ্ৰি ডিৰ প্ৰচলন ৮২ বছৰৰ পুৰ্বে সম্ভৱ নহয় বুলি বিশ্বৰ আগশাৰীৰ বিজ্ঞানী সকলে কোৱাৰ সময়তে শুভাশিস কৰে আবিষ্কাৰ কৰি ওলোৱাত বিশ্বত আলোড়নৰ সৃষ্টি হৈছে। যুৱ বৈজ্ঞানিক গৰাকীয়ে এই নতুন প্ৰযুক্তি সপ্তাহত কেৱল ৪ ঘন্টা শুই বাকী সময়ত আপ্ৰান্ত চেষ্টা চলাই দুই বছৰত আবিষ্কাৰ কৰিবলৈ সক্ষম হয়। যুৱ বৈজ্ঞানিক গৰাকীয়ে কোকৰাঝাৰত নতুনকৈ প্ৰযুক্তি বিদ্যাৰ প্ৰতিষ্ঠান অচিৰেই স্থাপন কৰাৰ কথা জনাই উক্ত প্ৰতিষ্ঠানত বহু সংখ্যাৰ শিক্ষিত লৰা - ছোৱালীয়ে কৰ্ম পাবলৈ সক্ষম হব বুলিও প্ৰকাশ কৰে। এটা সাধাৰণ পৰিয়ালত জন্ম গ্ৰহণ কৰা শুভাশিস কৰে জৱাহৰ নৱোদয় বিদ্যালয়ৰ পৰা চি বি এছ ইৰ দশম শ্ৰেণীত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পিছত বিশাখাপট্টনমৰ শ্ৰী চৈধ্য মহাবিদ্যালয়ত বিজ্ঞান শাখাত দ্বাদশ শ্ৰেণীৰ পৰীক্ষাতো পূৰ্বৰ ধাৰা অক্ষুন্ন ৰাখি সৰ্বভাৰতীয় জয়েণ্ট এন্ট্ৰৰেঞ্চ পৰীক্ষাত উত্তীৰ্ণ হৈ হলদিয়া ইন্সটিটিউত অফ টেকনোলজি চমুকৈএইচ আই টি ইজ্ঞিনিয়াৰিং কলেজত ২০১৬ চনত নাম ভৰ্তি কৰে।তেতিয়াৰে পৰাই শুভাশিস কৰে অধ্যয়নৰ লগতে নিজা ববীয়াকৈ গৱেষণা কৰি উদ্ভাৱন কৰে মোবাইলৰ এই নতুন ডিভাইছ আৰু স্মাৰ্ট ফোনৰ ভিডিও কলিং আৰু চ্যাটত যুগান্তকাৰী পৰিবৰ্তন সৃষ্টি কৰিব'লৈ সক্ষম হোৱা ছাত্ৰজনৰ এই সাফল্যৰ বাবে গৌৰাৱাম্বিত কোকৰাঝাৰ বাসী ৰাইজ। ইতিমধ্যে দেশৰ আগশাৰীৰ কেবাটাও মোবাইল সংস্থাই আমন্ত্ৰণ জনোৱা কৃতী ছাত্ৰগৰাকীক কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়ে বিপুল সম্বৰ্দ্ধনা জ্ঞাপন কৰি প্ৰেৰণা দিয়ে আৰু যুৱ বৈজ্ঞানিক শুভাশিস কৰে মহাবিদ্যালয়ৰ ছাত্র- ছাত্ৰী সৈতে অন্তৰংগ আলাপ কৰে।

No comments:

Post a Comment

SPONSORED