তামুলপুৰ : বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ পাটকীজুলি হাইস্কুলত কুমাৰীকাটা আঞ্চলিক এবছুৰ উদ্যোগত উচ্চতৰ আৰু উচ্চতম মাধ্যমিক বিদ্যালয়ৰ বিগত বৰ্ষত প্ৰথম বিভাগত, ষ্টাৰ আৰু ডিষ্টচন লাভ কৰা ৩১ গৰাকীকৈ ছাত্র ছাত্ৰীক সম্বোধনা জনোৱা হয়। সভাত কেন্দ্ৰীয় সমিতিৰ সহ সম্পাদক খৰুমডাও ৱাৰীয়ে বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি ছাত্র ছাত্ৰীক সকলক উদ্যচি কয় যে চাকিৰে পোহৰত পঢ়িও সফলতা লাভ কৰিব পাৰি আৰু বিভিন্ন ঐতিহাসিক ব্যক্তিৰ আত্মা জীৱনী পঢ়িলে জানিব পাৰিবা বুলি কয়। আজিৰ সভাখন আৰম্ভণিতে মুকলি কৰে প্ৰাক্তন নলবাৰী জিলা এবছুৰ উপদেষ্টা ডাওহানাগ্ৰা মুছাহাৰীয়ে। সভাখনৰ সভাপতিত্ব কৰে কুমাৰীকাটা আঞ্চলিক এবছুৰ সভাপতি উপেন নাৰ্জাৰীয়ে। সঞ্চালনা কৰে কুমাৰীকাটা আঞ্চলিক এবছুৰ শিক্ষা সম্পাদক হিৰণ বসুমতাৰীয়ে । সম্বোধনা সভাত চেচাপানী,ডাওবাঙবাৰী,পাটকীজুলি হাইস্কুলৰ শিক্ষক, শিক্ষয়ত্ৰীৰ লগতে প্ৰায় পাঁচ শতাধিক ছাত্র ছাত্ৰী আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।
Responsive Ads Here
Thursday, June 14, 2018

Home
আঞ্চলিক
কুমাৰীকাটা এবছুৰ উদ্যোগত উচ্চতৰ, উচ্চতম মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উন্নতি ছাত্র ছাত্ৰীক সম্বোধন
কুমাৰীকাটা এবছুৰ উদ্যোগত উচ্চতৰ, উচ্চতম মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উন্নতি ছাত্র ছাত্ৰীক সম্বোধন
Tags
# আঞ্চলিক
Share This

About Sangbad Prahari
আঞ্চলিক
Labels:
আঞ্চলিক
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment