নাগৰিকত্ব সংশোধনী বিধেয়ক -২০১৬ বাতিলৰ দাবীত কোকৰাঝাৰত গণ সত্যাগ্ৰহ কাৰ্যসূচী - SANGBAD PRAHARI

Breaking

Responsive Ads Here

June 14, 2018

নাগৰিকত্ব সংশোধনী বিধেয়ক -২০১৬ বাতিলৰ দাবীত কোকৰাঝাৰত গণ সত্যাগ্ৰহ কাৰ্যসূচী


কোকৰাঝাৰ : সদৌ অসম ছাত্ৰ সন্থা আৰু ৰাজ্যৰ ২৮ টা জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ আহ্বানত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত আজি কোকৰাঝাৰত গণ সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ন কৰা হয়। কোকৰাঝাৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত এবছু , সদৌ অসম নাথ যোগী ছাত্ৰ সন্থা ,সদৌ অসম চাওতাল ছাত্ৰ সন্থা, কৰ্মচাৰী পৰিষদ, সদৌ অসম গড়িয়া- মড়িয়া দেশী জাতীয় পৰিষদ, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, সদৌ ৰাভা ছাত্ৰ সন্থা, সদৌ বি টি চি সুত্ৰধৰ যুৱ মঞ্চ, আদিকে আন কেবাটাও ছাত্ৰ সংগঠন , সাধাৰণ নাগৰিক , স্কুলীয়া ছাত্ৰ ছাত্ৰী আৰু বিভিন্ন জাতি জনগোষ্ঠীও দল সংগঠনৰ সহযোগত অনুষ্ঠিত হোৱা গণ সত্যাগ্ৰহ কাৰ্যসূচীৰ ফলত কোকৰাঝাৰ সদৰ চহৰ উত্তাল হৈ পৰে । নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত বিভিন্ন দল সংগঠনৰ প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ ফেষ্টুন লৈ অসম চৰকাৰ হায় হায় , কেন্দ্ৰীয় চৰকাৰ হায় হায় , নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰক , অসম চুক্তি ৰূপায়ন কৰক আদি ইত্যাদি শ্লোগানেৰে সদৰ চহৰ পৰিভ্ৰমণ কৰি কোকৰাঝাৰ সদৰ চহৰৰ পৰিৱেশ উত্তাল কৰি তোলে। 
ইয়াৰ পিছতেই কোকৰাঝাৰ শিশু উদ্যানত অনুষ্ঠিত হোৱা গণ সত্যাগ্ৰহ কাৰ্যসূচীত অংশগ্ৰহণ কৰা প্ৰতিটো দল সংগঠনৰ নেতাসকলে নাাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ তীব্ৰ বিৰোধিতা কৰি উক্ত বিধেয়ক বাতিল নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হব বুলি সহমত প্ৰকাশ কৰে। গণ সত্যাগ্ৰহ কাৰ্যসূচীৰ নেতৃত্ব বহন কৰি সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক নৱজ্যোতি ৰায়ে সংবাদ মাধ্যমৰ আগত উক্ত জাতিধ্বংসী বিধেয়কখন ৰূপায়িত হ'লে অসমৰ ভাষা , সাহিত্য, সভ্যতা ,সংস্কৃতি, অস্তিত্বৰ প্ৰতি ভাবুকি আহি পৰিব বুলি মন্তব্য কৰি কোনো কাৰণতে সেয়া মানি লোৱা নহব বুলি মন্তব্য কৰিছে। ধৰ্মৰ নামত বিদেশীক ভাগ ভাগ কৰি বিদেশীক ৰক্ষণাবেক্ষণ দিয়াৰ যি প্ৰচেষ্টা সেয়া প্ৰতিহিত কৰা হব বুলি মন্তব্যৰে অসম চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে ৰূপায়ন কৰিবলৈও দাবী জনায় আছুৰ সহকাৰী সম্পাদক নৱজ্যোতি ৰায়ে।

No comments:

Post a Comment

SPONSORED