বৰপেটা : আজি পুৱতি নিশা অৰ্থাৎ ৰমজানৰ চেহেৰিৰ সময়ত নুৰজাহান বেগম নামৰ মহিলা এগৰাকীক নিজ গৃহৰ বাৰান্দাতেই কোনোবা দুষ্কৃতিকাৰীয়ে ডেগাৰেৰে হানি খুচি ডিঙি কাটি হত্যা কৰা ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে নিজ গৃহৰ নিচেই ওচৰত থকা মছজিদত নিজৰ ডাঙৰ সন্তান নাজিবুল ইছলামে এতেকাফত বহিছিল। নিতৌ নিজৰ সন্তানক মছজিদত গাখীৰ আৰু কল খাবলৈ দি অহা মাতৃ নুৰজাহানে নিজৰ সন্তানক গাখীৰ আৰু কল মছজিদত দি নহাত পুত্ৰই নিজে ঘৰলৈ আহে আৰু নিজৰ মাতৃৰ তেজেৰে লুতুৰী পুতুৰী হৈ থকা অৱস্থাত মৃতদেহ প্ৰত্যক্ষ কৰে। মহিলা গৰাকী দুটি সন্তানৰ মাতৃ আছিল। উল্লেখ্য যে এই লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হোৱাৰ সময়ত স্বামী ছাইফ উদ্দিন ঘৰত নাছিল বুলি জানিব পৰা গৈছে । স্বামী ছাইফ উদ্দিন চাকৰি সুত্ৰে বঙাইগাঁওৰ যোগীঘোপাত আছিল বুলি জানিবলৈ দিয়ে। বিলাসীপাৰাৰ চাহাব উদ্দিনৰ পত্নীৰ এই হত্যাকাণ্ডৰ লগত কোন জড়িত আছে তাৰ তদন্ত আৰক্ষীয়ে অব্যাহত ৰাখিছে।
Responsive Ads Here
Thursday, June 14, 2018

বৰপেটাৰোডৰ বিলাসীপাৰাত চাঞ্চল্যকৰ হত্যাকাণ্ড
Tags
# আঞ্চলিক
Share This

About Sangbad Prahari
আঞ্চলিক
Labels:
আঞ্চলিক
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment