মুম্বাই : ৰিলায়েন্স বিগ টিভি নামৰ সংস্থাটোৱে এক আকর্ষণীয় অফাৰ লৈ আহিছে। ভাৰতীয় উপভােক্তাসকলে এই আঁচনিৰ আওতাত পাঁচ বছৰলৈ বিনামূলীয়াকৈ সকলােবোৰ টিভি চেনেল উপভােগ কৰাৰ সুবিধা পাব। সংস্থাটোৱে ঘােষণা কৰা অনুসৰি পাঁচশটা ফ্রি-টু-এয়াৰ চেনেল ইয়াৰ আওতাত অন্তর্ভুক্ত কৰিছে। উপভােক্তাসকলে এই সুবিধা লাভ কৰিবলৈ প্রথমে ৰিলায়েন্স বিগ টিভিৰ ছেটটপ বক্সৰ অগ্রিম বুকিং কৰিব লাগিব। এই এইছ চি এইছ ই ভি চি ছেট টপ বক্সত ৰেকর্ডিং, ইউ এছ বি পাের্ট, এইছ ডি এম আই পাের্ট আদি বিভিন্ন বৈশিষ্ট্য থাকিব। সংস্থাটোৱে সদৰী কৰা মতে, ৰাজস্থান, পঞ্জাৱ, উত্তৰাখণ্ড, অসম, মণিপুৰ, মেঘালয়কে ধৰি কেবাখনাে ৰাজ্যৰ উপভােক্তাই অহা ২০ জুনৰ পৰা এই ছেট টপ বক্সৰ বুকিং কৰিব পাৰিব।
Responsive Ads Here
Thursday, June 14, 2018

ৰিলায়েন্সৰ বিশেষ অফাৰ : পাঁচ বছৰলৈ বিনামূলীয়াকৈ উপভােগ কৰক টিভি চেনেল
Tags
# ব্যৱসায়-বাণিজ্য
Share This

About Sangbad Prahari
ব্যৱসায়-বাণিজ্য
Labels:
ব্যৱসায়-বাণিজ্য
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment