লাহৰীঘাটত ৰাইজে ধৰিলে গভাইত চোৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Thursday, June 28, 2018

লাহৰীঘাটত ৰাইজে ধৰিলে গভাইত চোৰ

লাহৰীঘাট : মৰিগাঁও জিলাৰ লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত চেতুৱাই খাইতি গাঁৱত বুধবাৰে নিশা সংঘটিত হয় এক জঘন্য চুৰিকাণ্ড। ঘটনাৰ বিৱৰণী মৰ্মে নিশা গাঁওখনৰ ইমূৰৰ পৰা সিমূৰলৈ কেইবাখনো ঘৰত চুৰি কাণ্ড সংঘটিত কৰি অবশেষত চোৰটো ৰাইজৰ ৰোষত পৰে। প্ৰাপ্ত অভিযোগ অনুসৰি, চোৰটোৱে গাঁওখনৰ আমতলি নিবাসী জাকিৰ হুছেইনৰ গৃহৰ পৰা এটি মোবাইল ফোন লৈ যায়।
ইমানতে ক্ষান্ত নাথাকি গাঁওখনৰ সিমূৰত আব্দুৰ ৰহমানৰ গৃহত প্ৰবেশ কৰাত মাছমৰীয়া দুজনে প্ৰত্যক্ষ কৰে আৰু লগে লগে ৰাইজৰ মাজত হুৱা দুৱা লাগে। চোৰটোয়ে পলায়ন কৰিবলৈ অপচেষ্টা চলাই যদিও স্থানীয় ৰাইজে কৰায়ত্ত কৰিবলৈ সক্ষম হয়। ধৃত চোৰজন লাহৰীঘাট থানাৰ অন্তৰ্গত দাতিয়ালবড়ী গাঁৱৰ জিন্নত আলীৰ পুত্ৰ আবুল হুছেইন (৩২) বুলি চিনাক্তকৰণ কৰা হৈছে। জানিব পৰা মতে, বিগত দিনত ধৃত চোৰজনে লাহৰীঘাট অঞ্চলৰ বিভিন্ন ঠাইত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে। ৰাইজে আটকাধীন চোৰটোক আৰক্ষীক গতাই দিয়ে। সম্প্ৰতি লাহৰীঘাট আৰক্ষীয়ে ধৃত চোৰটোক সোধ পোছ অব্যাহত ৰাখিছে।

No comments:

Post a Comment

SPONSORED