মোৰ টিভি, বাতৰি চোৱা টাইম নাই, বৰ্তমান ৱৰ্ল্ডকাপ চাই থাকো : হাগ্ৰামা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Thursday, June 28, 2018

মোৰ টিভি, বাতৰি চোৱা টাইম নাই, বৰ্তমান ৱৰ্ল্ডকাপ চাই থাকো : হাগ্ৰামা


কোকৰাঝাৰৰ যুৱ বৈজ্ঞানিকলৈ পাঁচ লাখ টকাৰ চেক প্ৰদান

কোকৰাঝাৰ : এই কেইদিন টিভি আৰু বাতৰি চোৱা সময় নাই। বৰ্তমান ৱৰ্লডকাফ চলি আছে তাকেই চাই থাকো। এই ভাষ্য বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীৰ। বিটিচি সচিবালয় নিজৰ সভাকক্ষত পুৰ্বঘোচিত পাঁচ লাখ টকাৰ চেক যুৱ বৈজ্ঞানিক শুভাশিস কৰক প্ৰদান কৰা মুহূৰ্তত এই মন্তব্য কৰে হাগ্ৰামাই। যোৱা ১৮ জুনত ৰাজ্যৰ ১৯ খন জিলাৰ মাজত কোকৰাঝাৰতো আয়োজিত কৰ্কট ৰোগ নিৰাময় কেন্দ্ৰ স্থাপনৰ ভুমি পূজন অনুষ্ঠানত যুৱ বৈজ্ঞানিকলৈ পাঁচ লাখ টকা প্ৰেৰণামূলক আৰ্থিক সাহায্য দিয়া হব বুলি ঘোষণা কৰিছিল হাগ্ৰামা মহিলাৰীয়ে। সেই অনুযায়ী আজি সংবাদ মেল আয়োজন কৰি উক্ত ধনৰ চেক প্ৰদান কৰে।
মোবাইল ফোনত ভিডিও কলৰ ক্ষেত্ৰত এক যুগান্তকাৰী পোলোফিক্স"(POLOPIX) নামৰ এটা নতুন ডিভাইস আবিষ্কাৰ কৰি সমগ্ৰ বিশ্বত আলোড়ন সৃষ্টি কৰিছে কোকৰাঝাৰ জিলাৰ অন্তৰ্গত গোসাইগাঁও তথা পশ্চিমবংগৰ হলদিয়া ইন্সটিটিউত অফ টেকনোলজি কলেজৰ ছাত্ৰ শুভাশিষ কৰে । মোবাইল ফোনত ভিডিও কলিঙৰ ক্ষেত্ৰত প্ৰচলিত টু ডিক থ্ৰি ডিলৈ ৰূপান্তৰ কৰিবলৈ সক্ষম হোৱা এই গৰাকী অসমৰ সু-সন্তান কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও সদৰ চহৰৰ জয়নগৰৰ বাসিন্দা তথা শিক্ষক সুজয় কৰ আৰু ফাল্গনী কৰৰ পুত্ৰ।
উল্লেখ্য যে মোবাইল ফোনত থ্ৰি ডিৰ প্ৰচলন ৮২ বছৰৰ পুৰ্বে সম্ভৱ নহয় বুলি বিশ্বৰ আগশাৰীৰ বিজ্ঞানী সকলে কোৱাৰ সময়তে শুভাশিস কৰে আবিষ্কাৰ কৰি ওলোৱাত বিশ্বত আলোড়নৰ সৃষ্টি হৈছে। যুৱ বৈজ্ঞানিক গৰাকীয়ে এই নতুন প্ৰযুক্তি সপ্তাহত কেৱল ৪ ঘন্টা শুই বাকী সময়ত আপ্ৰান্ত চেষ্টা চলাই দুই বছৰত আবিষ্কাৰ কৰিবলৈ সক্ষম হয়। যুৱ বৈজ্ঞানিক গৰাকীয়ে কোকৰাঝাৰত নতুনকৈ প্ৰযুক্তি বিদ্যাৰ প্ৰতিষ্ঠান অচিৰেই স্থাপন কৰাৰ কথা জনাই উক্ত প্ৰতিষ্ঠানত বহু সংখ্যাৰ শিক্ষিত লৰা - ছোৱালীয়ে কৰ্ম পাবলৈ সক্ষম হব বুলিও প্ৰকাশ কৰে। কিন্তু যুৱ বৈজ্ঞানিকৰ এই চমক কিমান দিন আৰু বছৰৰ পাছত সত্য প্ৰমাণিত কৰিবলৈ সক্ষম হয় সেয়া হব লক্ষণীয় বিষয়।

No comments:

Post a Comment

SPONSORED