কাৰাগাৰতে বন্দী মূল অভিযুক্ত সুবােধ বিশ্বাস
গুৱাহাটী: ৰাজ্যবাসীৰ স্বাভিমানত আঘাত হনা চাঞ্চল্যকৰ চিলাপথাৰ কাণ্ডৰ ২৬ অভিযুক্ত মুকলি আকাশৰ তললৈ ওলাই অহাৰ পথ প্রশস্ত হৈছে। শেহতীয়াভাৱে চিলাপথাৰ কাণ্ডত জড়িত থকাৰ অভিযােগত অসম কঁপােৱা চিলাপথাৰ কাণ্ডৰ ২৬ অভিযুক্তক জামিন হােৱা ২৬জনৰ জামিন মঞ্জৰ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। উল্লেখ্য যে নাগৰিকত্ব সংশােধনী বিধেয়কৰ সমর্থন নিখিল ভাৰত বাঙালী উদ্বাস্তু সমন্বয় সমিতিয়ে উলিওৱা এক সমদলৰ সময়ত একাংশ লােকে চিলাপথাৰ আছুৰ কার্যালয়ত আক্রমণ কৰিছিল। এই আক্ৰমণৰ সময়ত শ্বহীদ বেদী ভাঙি পেলােৱাৰ লগতে আছুৰ কাৰ্যালয়টো সম্পূর্ণরূপে লণ্ডভণ্ড কৰা হয়। এই ঘটনাই সমগ্ৰ ৰাজ্যজুৰি তীব্র প্রতিক্রিয়া সৃষ্টি কৰে। দোষীক কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি
প্রদানৰ দাবীৰে বিভিন্ন দল-সংগঠনে ৰূপায়ণ কৰে প্রতিবাদী কাৰ্যসূচী। অৱশেষত এই সন্দৰ্ভত ৰুজু হােৱা গােচৰত বহুসংখ্যক লােকক গ্রেপ্তাৰ কৰা হয়। ইতিমধ্যে আৰক্ষীয়ে ৫৪জন লােকক অভিযুক্ত কৰি চাৰ্জশ্বিট দাখিল কৰিছে। এই গােচৰটোৰ বিচাৰ প্রক্রিয়াও অব্যাহত আছে ধেমাজি আদালতত। এই সময়ছােৱাত অভিযুক্তসকলে কেইবাবাৰাে জামিন বিচাৰি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল যদিও ন্যায়ালয়ে তেওঁলােকৰ জামিন নামঞ্জুৰ কৰে। বৃহস্পতিৱাৰে ২৬জন অভিযুক্তই জামিন লাভ কৰিলেও চিলাপথাৰ কাণ্ডৰ মূল অভিযুক্ত সুবােধ বিশ্বাস বর্তমানেও ধেমাজি কাৰাগাৰৰ কয়দী। এই ঘটনাৰ গুৰুত্বৰ প্রতি লক্ষ্য ৰাখি বিশ্বাসৰ জামিন নামঞ্জুৰ কৰি আহিছে উচ্চ ন্যায়ালয়ে।
No comments:
Post a Comment