বৰপেটা-পহমাৰাত কৃতী ছাত্র-ছাত্রী আৰু ৰাষ্ট্ৰীয় খেলুৱৈক সম্বর্ধনা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

June 10, 2018

বৰপেটা-পহমাৰাত কৃতী ছাত্র-ছাত্রী আৰু ৰাষ্ট্ৰীয় খেলুৱৈক সম্বর্ধনা

আত্ম বিশ্বাস দৰকাৰ, আত্ম সন্তুষ্টি নহয়: শিক্ষাবিদ অক্ষয় কুমাৰ মিশ্র

বৰপেটাৰ পৰা পুলেন্দ্র দাস আৰু আনিছুজ জামানৰ সংবাদ :
কৃতী ছাত্র-ছাত্ৰী সকলক পৰৱৰ্তী সময়ৰ পৰীক্ষা সমূহত আৰু অধিক ভাল ফলাফল লাভ কৰাত প্ৰেৰণা যােগােৱাৰ উদ্দেশ্যে বৰপেটা চহৰত দেওবাৰে অনুষ্ঠিত হয় এক সম্বর্ধণা অনুষ্ঠান। বৰপেটা চহৰৰ মুছলিমপট্টিৰ ফ্ৰেণ্ডচ ক্লাৱ এণ্ড লাইব্রেৰীৰ উদ্যোগত বৰপেটা টাউন হাইস্কুল প্রাঙ্গনত অনুষ্ঠিত সম্বর্ধনা সভাত বৰপেটা চহৰৰ প্রায় ৩০ গৰাকী কৃতী ছাত্র-ছাত্রীৰ লগতে তিনিগৰাকী ৰাষ্ট্ৰীয় কাৰাটে খেলুৱৈক আনুষ্ঠানিক ভাৱে সম্বর্ধণা জনায়।
বিশিষ্ট চিকিৎসক ডাঃ চৈয়দ আহমেদ জাদিদৰ সভাপত্বিত অনুষ্ঠিত সম্বর্ধনা সভাখনত মুখ্য অতিথি হিচাপে অংশ গ্রহণ কৰি শিক্ষাবিদ অক্ষয় কুমাৰ মিশ্ৰই কৃতী ছাত্ৰ-ছাত্ৰী আৰু প্রতিভাবান খেলুৱৈ সকলক উদ্দেশ্যি কয় যে, ছাত্র-ছাত্রী সকলৰ বাবে আত্ম বিশ্বাস দৰকাৰ, আত্মসন্তুষ্টি নহয়। কিয়নাে আত্মসন্তুষ্টিয়ে প্রতিভাবান ছাত্র-ছাত্রী আৰু খেলুৱৈসকলৰ ভৱিষ্যতত ক্ষতিকাৰক হব পাৰে। সম্ভাৱনা আৰু দুৰ্ভাৱনাৰ মাজত আমি জীয়াই থকা বুলি উল্লেখ কৰি দুৰ্ভাৱনাবােৰ আতৰ কৰাৰ ক্ষেত্ৰত কৃতী ছাত্ৰ-ছাত্ৰী সকলৰৰ যথেষ্ট কৰণীয় থকা বুলি মন্তব্য কৰে শিক্ষাবিদ গৰাকীয়ে।


সভাত ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰমেন্দ্র কুমাৰ দাস, অধ্যাপক আব্দুছ ছামাদ আহমেদ, অধিবক্তা লুতফৰ ৰহমান, খাইরুল ইছলাম, বৰপেটা টাউন হাইস্কুলৰ প্রধান শিক্ষক নজিবুল হকৰ লগতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰত তৃতীয় আৰু নৱমস্থান লাভ কৰা বৰপেটা চহৰৰ চুলতানা আঈশ্বাহ ছিদ্দিকা আৰু শ্যামলিনা পাঠকৰ পিতৃ ক্রমে আৰমান আলী খান আৰু ধনেশ্বৰ পাঠকেও ছাত্ৰ-ছাত্ৰীৰ উদ্দেশ্যি চমু বক্তব্য আগবঢ়ায়।
এই সম্বর্ধনা সভাত ৩০ গৰাকী কৃতী ছাত্র-ছাত্রীৰ লগতে তিনিগৰাকী ৰাষ্ট্ৰীয় কাৰাটে খেলুৱৈ ক্রমে নিশাদ আলী, হানি আলী আৰু ছাৰহান ৰছুলক সম্বর্ধনা জনােৱা হয়। সম্বর্ধিত ছাত্ৰ-ছাত্ৰীসকলক ফুলাম গামােচা, অভিনন্দন পত্ৰ আৰু কিতাপৰ টোপলা আগবঢ়ায়। এই সভাতে কৃতী ছাত্র-ছাত্রী আৰু প্রতিভাবান খেলুৱৈসকলৰ সৈতে অনুষ্ঠিত মত বিনিময় অনুষ্ঠানত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰত নৱমস্থান লাভ কৰা শ্যামলিনা পাঠকে নিজৰ মত ব্যক্ত কৰাৰ লগতে ড° ভূপেন হাজৰিকাৰ এটি গীত গাই সকলােকে আপ্লুত কৰে।
সভাত ফ্রেণ্ডচ ক্লাৱ এণ্ড লাইব্রেৰীৰ সভাপতি মিনাৰা আকতাৰ আহমেদ, সাংস্কৃতিক সম্পাদক ইমদাদুল হুছেইনৰ লগতে ক্লাৱটোৰ অন্যান্য বিষয়ববীয়াৰ লগতে বহু সংখ্যক ৰাইজ উপস্থিত থাকে। অন্তত শলাগৰ শৰাই আগবঢ়ায় ৰফিজ উদ্দিন দেৱানে৷


কয়াকুছিৰ পহুমাৰাত কৃতী ছাত্র-ছাত্রীক সম্বৰ্ধনা আমছুৰ

বৰপেটা জিলাৰ কয়াকুছি সমীপৰ পহুমাৰাত আমছুৰ পহুমাৰা আঞ্চলিক সমিতিৰ উদ্যোগত পহুমাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহত আয়োজিত এক সম্বৰ্ধনা অনুষ্ঠানৰ জৰিয়তে সদ্যঘোষিত হাইস্কুল-হাইমাদ্ৰাছা শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতী ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয়৷ বিদ্যালয়খনৰ প্ৰাক্তন অধ্যক্ষ আবুল হোছেইনৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে আমছুৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক নুৰজামাল ইছলাম, সাংস্কৃতিক সম্পাদক মনিৰুজ জামান, বি বি কে মহাবিদ্যালয়ৰ প্ৰৱক্তা ছাহজাহান আমীন, পহুমাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষ লিয়াকত আলী, শিক্ষক হালিম উদ্দিন, বৰপেটা জিলা আমছুৰ উপ সভাপতি তোতা মিঞা, সম্পাদক ৰফিকুল ইছলাম, দুলাল আলী আদিৰ উপৰি বহুতো গণ্যমান্য ব্যক্তি উপস্থিত থাকে।
পহুমাৰা আঞ্চলিক সমিতিৰ সভাপতি ইছমাইল হোছেইন আৰু সাধাৰণ সম্পাদকদ্বয় মাইন উদ্দিন আৰু মঞ্জীৰুল হকে আঁত ধৰা উক্ত অনুষ্ঠানত সদ্যঘোষিত হাইস্কুল-হাইমাদ্ৰাচা শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা অঞ্চলটোৰ মুঠ ৫০ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত উপস্থিত থকা ব্যক্তিসকলে ছাত্ৰ-ছাত্ৰীৰ উদ্দেশ্যে শুভেচ্ছামূলক ভাষন প্ৰদান কৰাৰ লগতে কু-সংস্কাৰ মুক্ত সমাজ গঢ়াৰ বাবে সকলোকে আহ্বান জনায়৷

No comments:

Post a Comment

SPONSORED