জিকিৰৰ অডিঅ’ চি ডি ‘মায়াৰে দুনীয়াত’ উন্মােচনঃ ৰেবজিত ৰাজ ফেনচ ক্লাৱ গঠন - SANGBAD PRAHARI

Breaking

Responsive Ads Here

June 11, 2018

জিকিৰৰ অডিঅ’ চি ডি ‘মায়াৰে দুনীয়াত’ উন্মােচনঃ ৰেবজিত ৰাজ ফেনচ ক্লাৱ গঠন


শিৱসাগৰ : অসমৰ জনপ্রিয় কণ্ঠশিল্পী ৰেবজিত ৰাজৰ গুণমুগ্ধৰ দ্বাৰা আজি শিৱসাগৰত গঠন কৰা হয় ৰেবজিত ফেনচ ক্লাৱ। শিৱসাগৰ নগৰৰ অসম পলিটেকনিক ইন্সটিটিউটত এই উপলক্ষে অনুষ্ঠিত সভাখন সঞ্চালনা কৰে বিশিষ্ট সমাজকর্মী তথা অভিনেতা মণিৰুল ইছলাম বড়াই।
আক্রাম হুছেইনে অনুষ্ঠানৰ তাৎপর্য ব্যাখ্যা কৰাৰ পাছত আকাশ দ্বীপ দত্তক সভাপতি আৰু জিতু গগৈক সম্পাদক হিচাপে লৈ অর্ধশতাধিক সদস্যৰে ৰেৱজিৎৰাজ ফেনচ ক্লাৱখনি গঠন কৰা হয়।
অনুষ্ঠানত সভাৰ সঞ্চালক মণিৰুল ইছলাম বড়াই কণ্ঠশিল্পী ৰেৱজিৎ ৰাজৰ অসমীয়া জিকিৰ গীতৰ অডিঅ’ চি ডি “মায়াৰে দুনীয়াত” আনুষ্ঠানিকভাৱে উন্মােচন কৰে।
উল্লেখ্য যে, এই জিকিৰ গীতৰ ভিডিঅ’ চিডিও সােনকালে মুকলি কৰা হব। এই চি ডিৰ প্রযােজক আবু আলীয়ে কয় যে, হজৰত শ্বাহ মিন অথবা আজান ফকিৰে ৰচনা কৰা জিকিৰ অসমীয়া লােক সাহিত্যৰ অমূল্য সম্পদ। এনে জিকিৰত শিল্পী ৰেৱজিৎৰাজে অতি সুন্দৰভাৱে কণ্ঠদান কৰিছে।
“মায়াৰে দুনীয়াত” নামৰ জিকিৰ গীতৰ চিডিখনে শ্ৰোতাৰ সমাদৰ লাভ কৰিব বুলি আবু আলিয়ে আশা প্রকাশ কৰে। বিশিষ্ট শিল্পী ৰূপেশ্বৰ চেতিয়াইয়াে এই জিকিৰ গীতে জনপ্রিয়তা লাভ কৰিব বুলি আশা প্রকাশ কৰে।
সভাত কণ্ঠশিল্পী ৰেৱজিৎজে কয় যে, বর্তমান অসমীয়া গীতসমূহত পুৰণি সুৰবােৰ সলনি কৰি নৱপ্ৰজন্মৰ শিল্পীয়ে নতুন ৰূপত গীতসমূহ পৰিৱেশন কৰিছে। পৰিৱৰ্তনৰ বাবেই নতুনক আকোৱলি লােৱা হয় যদিও আমি জ্যোতি, বিষ্ণু, পার্বতী প্ৰসাদৰ লগতে সংগীত সূর্য ড০ ভূপেন হাজৰিকাৰ আদৰ্শৰে পুৰণি সুৰৰ মানদণ্ড ৰক্ষা কৰি অসমীয়া গীতসমূহ পৰিৱেশন কৰিলেহে অসমীয়া সংগীতে অনন্তকাললৈ বিশ্বদৰবাৰত জিলিকি থাকিব বুলি ৰেবজিতে মন্তব্য কৰে।
অনুষ্ঠানত উদীয়মান শিল্পী আফচানা চুলতানা খাতুনে বিহু নৃত্য পৰিৱেশন কৰে। এই অনুষ্ঠানত সমাজসেৱিকা জেছমিন বেগম আৰু ফেচবুক লাইভৰ সাংবাদিক ইউনুচ তামুলীয়েও বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰে।
সভাপতিৰ ভাষণত মণিৰুল ইছলাম বড়াই কয় যে,কণ্ঠশিল্পী ৰেৱজিতে অসমৰ থলুৱা লােক সংস্কৃতিৰ সুৰক্ষাৰে পুৰণি গীতসমূহৰ সুৰৰ মানদণ্ড ৰক্ষা কৰি গীত পৰিৱেশন কৰি যাব। জিকিৰ গীতেও জনপ্রিয়তা লাভ কৰিবলৈ সক্ষম হব। তেনেদৰে নৱগঠিত বেজিত ফেনচ ক্লাৱে দৰিদ্ৰ ৰােগীৰ বাবে চিকিৎসা সাহায্য, বান সাহায্য, ৰক্তদানৰ লগতে বিভিন্ন জনকল্যাণমূলক কাম কাজ কৰি সমাজত সুনাম অর্জন কৰিবলৈ সক্ষম হব বুলি বড়াই মন্তব্য কৰে।

No comments:

Post a Comment

SPONSORED