মৰাণত বিষাক্ত কাঠফুলা খাই ১৩ জন লোক অসুস্থ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

June 23, 2018

মৰাণত বিষাক্ত কাঠফুলা খাই ১৩ জন লোক অসুস্থ


যুগান্ত দিহিঙীয়া, মৰাণ :
মৰাণত বিষাক্ত কাঠফুলা খাই তিনিটা পৰিয়ালৰ মুঠ ১৩ জন গুৰুতৰভাৱে অসুস্থ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ইয়াৰে দুটা পৰিয়াল মৰাণ পানীতোলা গাঁৱৰ আৰু এটা পৰিয়াল মৰাণ টিখৰাই চাহ বাগিচাৰ৷ অসুস্থসকলৰ ভিতৰত ৬ গৰাকী মহিলা আৰু দুটি শিশুও আছে৷ আটাইকেইগৰাকীকে মৰাণ-তিলৈ এফ.আৰ.ইউ.ত ভৰ্তি কৰাৰ পাছতে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে৷
অসুস্থ হোৱা দুটা পৰিয়াল মৰাণৰ সমীপৰ পথালিবাম পানীতোলা গাঁৱৰ আৰু এটা পৰিয়াল মৰাণৰ টিখৰাই চাহবাগিচাৰ। পথালিবাম পানীতোলা গাঁৱৰ আক্ৰান্তসকল হৈছে গনেশ টুডু(৫৫), বিপুল টুডু(১০), দেবাৰু টুডু(৬০), মণ্ডলী টুডু(৪০), ৰমেশ টুডু(৩৮), ৰূপালী টুডু(২৫), চুমন টুডু(৪) আৰু চানিকা কৰুৱা(৬০)।
আনহাতে মৰাণৰ টিখৰাই চাহবাগিচাৰ আক্ৰান্ত পৰিয়ালটো হৈছে টেম্পু পাহাৰিয়া (৫০), ফাগুনী পাহাৰীয়া (৩০), ধনীৰাম পাহাৰীয়া(১৯), বহাগী পাহাৰীয়া(২৩) আৰু জোনমণি পাহাৰীয়া।

No comments:

Post a Comment

SPONSORED