দৰাজনৰ উচ্চতা ২ ফুট : বিয়াত চেলফিৰ প্ৰতিযোগিতা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

June 22, 2018

দৰাজনৰ উচ্চতা ২ ফুট : বিয়াত চেলফিৰ প্ৰতিযোগিতা


মাণিকপুৰ : এখন চৰ্চিত বিয়া৷ খাবলৈ নহয়, দৰাৰ সৈতে ছেল্মী উঠিবলৈহে হাজাৰ হাজাৰ মানুহৰ ভিৰ৷ কাৰণ দৰাজনৰ উচ্চতা হৈছে ২ ফুট৷ এই ২ ফুট দৰাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে ২০ বছৰীয়া কন্যা৷ বিয়াখন অনুষ্ঠিত হৈছে বঙাইগাঁও জিলাৰ মাণিকপুৰৰ ৩নং ভাণ্ডাৰা গাঁৱত৷
দৰাজন হৈছে গাঁওখনৰ আব্দুল মান্নানৰ পুত্ৰ মনিৰ আলী (২৬)৷ যাৰ উচ্চতা ২ ফুট৷ এই ২ ফুট উচ্চতাৰ দৰাৰ সৈতে ১ নং ভাণ্ডাৰাৰ বাদশাহ আলীৰ কন্যা বাছিয়া খাতুন (২০)ৰ বৃহস্পতিবাৰে সামাজিকভাৱে বিবাহ কাৰ্য সম্পন্ন হয়। কইনা ঘৰত দৰা আহি পোৱাৰ লগে লগে বিভিন্নজনে ফটো তোলাত ব্যস্ত হৈ পৰে। সকলোৰ মাজত বিয়াক লৈ আনন্দ দেখা যায়। নিশা লোকে লোকাৰণ্য হৈ পৰে কইনা ঘৰ।
উল্লেখ্য যে মনিৰ আলীয়ে সৰু দোকান কৰি জীৱিকা নিৰ্বাহ কৰি আছে। দৰাতকৈ কইনা সামান্য ওখ৷ বিশেষকৈ উচ্চতাক কেন্দ্ৰ কৰিয়েই বিবাহখন চৰ্চিত হৈ পৰে যদিও সকলোৱে মনিৰ আৰু বাছিয়াৰ যুগ্ম জীৱন সুখী কামনা কৰিছে।

No comments:

Post a Comment

SPONSORED