চেম্পিয়ন ট্ৰফী হকী : অষ্ট্রেলিয়াৰ বিৰুদ্ধে যুঁজ দি হাৰিল ভাৰত - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Thursday, June 28, 2018

চেম্পিয়ন ট্ৰফী হকী : অষ্ট্রেলিয়াৰ বিৰুদ্ধে যুঁজ দি হাৰিল ভাৰত


ব্রেডা : চেম্পিয়ন ট্ৰফী হকী প্রতিযােগিতাত ভাৰতে প্ৰথমটো পৰাজয়ৰ সন্মুখীন হৈছে। বুধবাৰে অনুষ্ঠিত এখন মেচত ভাৰতীয় দলটোৱে তীব্র যুঁজ আগবঢ়াই বিশ্ব চেম্পিয়ন অষ্ট্রেলিয়াৰ বিৰুদ্ধে ৩-২ গ’লত পৰাস্ত হয়। অষ্ট্রেলিয়াই আৰম্ভণিৰে পৰা মেচখনত চমকপ্রদ প্রদর্শন দাঙি ধৰি ছয় মিনিটতে প্রথমটো অগ্রগতি লাভ কৰিবলৈ সক্ষম হয়।
লাচলেন চার্ফে ভাৰতীয় ৰক্ষণ বিভাগক শ’লঠেকত পেলাই গ'লটো কৰে। অৱশ্যে মেচৰ ১০ মিনিটতে বৰুণ কুমাৰে ভাৰতৰ হৈ এই গ'লটো পৰিশােধ কৰে। কিন্তু ১৫ মিনিটত অষ্ট্রেলিয়াই টম ক্রেইগৰ এটি দর্শনীয় গলৰ সহায়ত পুনৰ মেচত অগ্রগতি অর্জন কৰিবলৈ সক্ষম হয়। ৩৩ মিনিটত ট্রেন্ট মিটুনে অষ্ট্রেলিয়াৰ হৈ তৃতীয়টো গ'ল কৰি ভাৰতক পৰাজয়ৰ দিশে ঠেলি দিয়ে।
অৱশ্যে ভাৰতীয় দলটোৱে হাৰ নমনা মানসিকতাৰ পৰিচয় দি ৫৮ মিনিটত দ্বিতীয়টো গ’ল। কৰে। হৰমনপ্রীত সিঙে এই গ’লটো কৰিবলৈ সক্ষম হয়।

No comments:

Post a Comment

SPONSORED