আয়াৰলেণ্ডত প্ৰথম টি-২০ : ভাৰতে ৭৬ ৰানত হৰুৱালে আয়াৰলেণ্ডক - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Thursday, June 28, 2018

আয়াৰলেণ্ডত প্ৰথম টি-২০ : ভাৰতে ৭৬ ৰানত হৰুৱালে আয়াৰলেণ্ডক


ডাবলিন : আয়াৰলেণ্ড আৰু ইংলেণ্ড ভ্ৰমণত সুন্দৰ আৰম্ভণি কৰিছে বিৰাট কোহলি নেতৃত্বাধীন টীম ইণ্ডিয়াই। ডাবলিনত বুধবাৰে আয়াৰলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত প্ৰথমখন টি-২০ত ভাৰতীয় দলটোৱে ৭৬ ৰানৰ বিশাল ব্যৱধানত বিজয় সাব্যস্ত কৰে।
প্রথমে বেটিং কৰি নিৰ্ধাৰিত ২০ অভাৰত পাঁচ উইকেটৰ বিনিময়ত ২০৮ ৰান সংগ্রহ কৰিবলৈ সক্ষম হয় ভাৰত। অপেনাৰ ৰােহিত শর্মা আৰু শিখৰ ধৱনে বিস্ফোৰক বেটিঙেৰে প্রথম উইকেটত ১৬০ ৰান যােগ দি আলহী দলটোক সুন্দৰ আৰম্ভণি প্রদান কৰে। ৰােহিতে ৬১ বলত আঠটা বাউণ্ডেৰী আৰু পাঁচটা অভাৰ বাউণ্ডেৰীৰে ৯৭ ৰানৰ অনবদ্য বৰঙণি আগবঢ়ায়। ধাৱনেও দর্শনীয় বেটিঙেৰে ৭৪ ৰানৰ আকর্ষণীয় ইনিংছ খেলে। ৪৫ বলৰ সন্মুখীন হৈ তেওঁ পাঁচটা বাউণ্ডেৰী আৰু পাঁচটা অভাৰ বাউণ্ডেৰীৰে অর্ধশতকীয় ইনিংছটো সজায়। সুৰেশ ৰাইনাই ১০, মহেন্দ্র সিং ধােনীয়ে ১১ আৰু বিৰাট কোহলিয়ে কোনাে ৰান নকৰাকৈ পেভিলিয়নমুখী হয়। অলৰাউণ্ডাৰ হার্দিক পাণ্ডিয়াই ছয় ৰানত অপৰাজিত হৈ ৰয়।
আয়াৰলেণ্ডৰ হৈ পিটাৰ চেজে সর্বাধিক চাৰিটা উইকেট দখল কৰে। ভাৰতৰ বৃহৎ স্ক’ৰৰ প্ৰত্যুত্তৰত ইনিংছ মুকলি কৰিবলৈ আহি আয়াৰলেণ্ড প্রথমৰ পৰাই প্রত্যাহ্বানৰ সন্মুখীন হয়। আৰু নির্ধাৰিত ২০ অভাৰত ৯ উইকেট হেৰুৱাই ১৩২ ৰানহে কৰিবলৈ সক্ষম হয়। দলটোৰ হৈ অপেনাৰ জেমছ ছাননে সর্বাধিক ৬০ ৰান কৰে।
ভাৰতীয় দলৰ কুলদীপ যাদৱে সর্বাধিক ৪টা, চাহালে ৩টা আৰু যশপ্রীত বুমৰাহে ২টা উইকেট দখল কৰে। মন কৰিবলগীয়া যে গুৰুত্বপূৰ্ণ ইংলেণ্ড ভ্ৰমণৰ পূর্বে ভাৰতে দেশখনৰ পৰিৱেশৰ সৈতে খাপ খুওৱাৰ লক্ষ্যৰে আয়াৰলেণ্ডত দুখন টি-২০ মেচৰ শৃংখলাত ভাগ লৈছে। ২৯ জুনত দলটোৱে শৃংখলাৰ দ্বিতীয়খন মেচত প্রতিদ্বন্দ্বিতা আগবঢ়াব।

No comments:

Post a Comment

SPONSORED