কাজান : ৰাছিয়া বিশ্বকাপৰ গ্রুপ পর্যায়ৰ পৰাই বিদায় মাগিলে ডিফেণ্ডিং চেম্পিয়ন জার্মানীয়ে। কাজানত বুধবাৰে অনুষ্ঠিত গ্রুপৰ অন্তিমখন মেচত চাৰিবাৰৰ চেম্পিয়ন দলটোৰ বাবে জয় অনিবার্য আছিল যদিও দক্ষিণ কোৰিয়াই তেওঁলােকক ২-০ গ’লত পৰাস্ত কৰিবলৈ সক্ষম হয়।
গ্রুপ ‘এফ’ৰ উত্তেজনাপূর্ণ এই মেচখনত পৰাস্ত হােৱাৰ সুত্রে জার্মানীয়ে তিনিখন মেচৰ পৰা মাত্র তিনি পইণ্টতে সন্তুষ্ট থাকিবলগীয়া হয়। ইয়াৰ বিপৰীতে দক্ষিণ কোৰিয়াই ডিফেণ্ডিং চেম্পিয়ন জার্মানীক পৰাস্ত কৰি ৰাছিয়াত বৃহৎ অঘটন ঘটালেও প্লে-অফলৈ উন্নীত হ'ব নােৱাৰিলে।
তিনিখন মেচৰ পৰা দলটোরে তিনি পইন্টহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। অৱশ্যে গ’লৰ ব্যৱধানত দক্ষিণ কোৰিয়াই গ্রুপ ‘এফ’ৰ তৃতীয় স্থানত থাকে। ৰােমাঞ্চ আৰু উত্তেজনাৰে ভৰপূৰ মেচখনৰ আৰম্ভণিৰে পৰা জার্মানীয়ে দক্ষিণ কোৰিয়াৰ শিবিৰত চাপ সৃষ্টিৰে গ'লৰ প্ৰয়াস চলাই যদিও সফলতাৰ মুখ নেদেখে।
প্রথমটো অৰ্ধত জার্মানীৰ উপৰ্যুপৰি আক্ৰমণত কিছু বিব্রত হলেও দক্ষিণ কোৰিয়াই দ্বিতীয়ার্ধত শক্তিশালী প্রত্যাৱর্তন ঘটায়। ২০০২ বিশ্বকাপৰ ছেমিফাইনেলত প্ৰৱেশ কৰি ফুটবলপ্রেমীক চমকিত কৰা দলটোৱে ষ্টপেজ টাইমত দুটাকৈ গ’ল কৰি জার্মানীৰ প্লে-অফৰ স্বপ্ন ধূলিসাৎ কৰে। ৯২ মিনিটত কিম ইয়ঙে দক্ষিণ কোৰিয়াক প্ৰথমটো অগ্রগতি দিবলৈ সক্ষম হয়। অন্তিম ক্ষণত গলৰ সন্মুখীন হৈ হতাশ হৈ পৰা জার্মানীৰ ৰক্ষণ বিভাগৰ দুৰ্বলতাৰ সুযােগ লৈ দলটোরে ৯৬ মিনিটত আন এটি গল কৰে। শ্বন হিয়েং মিনে দক্ষিণ কোৰিয়াৰ হৈ দ্বিতীয়টো গল কৰে।
No comments:
Post a Comment