সম্পাদক পাৰ্থপ্ৰতিম বৰাক কংগ্ৰেছ দলৰ পৰা নিলম্বন - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Sunday, June 10, 2018

সম্পাদক পাৰ্থপ্ৰতিম বৰাক কংগ্ৰেছ দলৰ পৰা নিলম্বন

গুৱাহাটী : অসম প্ৰদেশ কংগ্ৰছ কমিটীৰ সম্পাদক পাৰ্থপ্ৰতিম বৰাক দলবিৰোধী কাৰ্যকলাপৰ অভিযোগত নিলম্বন কৰা হয়৷ বৰাক কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদৰ পৰাও নিলম্বন কৰা হয়৷ উল্লেখ্য যে তেজপুৰত আয়োজন কৰা হৈছে কৃতী ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠান৷ উক্ত সম্বৰ্ধনা অনুষ্ঠান কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই পাতিবলৈ দিয়া নাছিল৷ বিশেষকৈ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াক আমন্ত্ৰণ জনোৱাৰ বাবেই সভা অনুষ্ঠিত কৰিবলৈ দিয়া নাছিল৷ সেয়ে শনিবাৰে কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাক সমালোচনা কৰি বৰাই টিহাৰ জে’লৰ অনুশাসন চলোৱা বুলি মন্তব্য কৰিছিল৷
ফলত এনে দলবিৰোধী কাৰ্যকলাপত লিপ্ত হোৱাৰ অভিযোগত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক শৈলেন বৰাই আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত পাৰ্থপ্ৰতিম বৰাক কংগ্ৰেছৰ পৰা নিলম্বন কৰাৰ কথা জানিবলৈ দিয়াৰ লগতে সমগ্ৰ বিষয়টো অসম প্ৰদেশ কংগ্ৰেছে তদন্ত কৰি প্ৰতিবেদন সন্দৰ্ভত অনুশাসন কমিটীয়ে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি উল্লেখ কৰে৷

No comments:

Post a Comment

SPONSORED